Logo
image

৮০ উদ্যোগীক আমন্ত্ৰণ ‘এডভাণ্টেজ আছাম’লৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জানুৱাৰীঃ জাপান ভ্ৰমণৰ দ্বিতীয়টো দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অ’ছাকাত ৰোডশ্ব’ত ভাগ লয়৷ অ’ছাকাৰ ৰোডশ্বত ৮০ জনতকৈ অধিক উদ্যোগী আৰু ব্যৱসায়ীক এডভাণ্টেজ আছাম-২.০  লৈ আমন্ত্ৰণ জনায় মুখ্যমন্ত্ৰী শৰ্মাই৷ প্ৰথম দিনাৰ বহুকেইখন বৈঠকৰ অন্তত জাপানৰ প্ৰতিনিধি সদনৰ অধ্যক্ষ ফুকুছিৰো নুকাগাৰ সৈতে ২২ জানুৱাৰীৰ নিশা মিলিত হৈ অসমৰ দৃষ্টিকোণেৰে ভাৰত আৰু জাপানৰ মাজত শক্তিশালী সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ দিশত দুয়ো বাৰ্তালাপ কৰে৷ ৰাজ্যৰ দক্ষ কৰ্মশক্তিৰ বাবে জাপানত কামৰ সুযোগ অন্বেষণত অসমে পালন কৰিব পৰা ভূমিকা বিষয়কো এই আলোচনাত সামৰি লোৱা হয়৷ জাপান ভ্ৰমণৰ দ্বিতীয়টো দিনত মুখ্যমন্ত্ৰী শৰ্মাই ভাৰতীয় দূতাবাসত মহান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দিনটি আৰম্ভ কৰে৷ জাপানতে নেতাজীয়ে আজাদ হিন্দ ফৌজৰ বীজ ৰোপণ কৰিছিল, যাৰ উদ্দেশ্য আছিল দমনকাৰী ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰা৷  তেওঁৰ দেশ সেৱাৰ সাহস আৰু সংকল্প অতুলনীয়৷ নেতাজীৰ বীৰত্ব চিৰদিন ভাৰতবাসীৰ দ্বাৰা উদযাপিত হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ দিনটোত জাপানৰ ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী কোমুৰা মাছাহিৰো আৰু জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ফুৰুকাৱা য়াছুছিৰক পৃথক বৈঠকৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে৷ ন্যায় মন্ত্ৰীৰে হোৱা বৈঠকত জাপানী কোম্পানীসমূহৰ বাবে উৎসৰ্গিত এখন ঔদ্যোগিক উদ্যান স্থাপনৰ ক্ষেত্ৰত অসম চৰকাৰৰ উদ্দেশ্য আৰু অসমৰ পৰা অহা প্ৰতিভাৱান যুৱক-যুৱতীসকলে জাপানত দক্ষ শ্ৰমিকৰ চাহিদা দূৰ কৰাত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়তো আলোকপাত কৰা হয়৷ আনহাতে আনখন বৈঠকত জাপান আৰু অসমত পৰ্যটনৰ সম্ভাৱনা আৰু প্ৰচাৰৰ কথা আলোচনা কৰাৰ লগতে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামৰ অন্তৰ্ভুক্তিকে ধৰি পৰ্যটনকেন্দ্ৰিক বিভিন্ন বিষয় আলোচনা কৰা হয়৷ গল্‌ফ খেলপথাৰৰ পৰা আৰম্ভ কৰি চাহ বাগিচা তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈকে আমাৰ ৰাজ্যত জাপানী পৰ্যটকৰ বাবে থকা সুবিধাৰ বিষয়ে বিশদভাৱে মুখ্যমন্ত্ৰীয়ে জাপানৰ পৰ্যটন মন্ত্ৰীজনক অৱগত কৰে৷ পৰৱৰ্তী সময়ত হিৰোছিমাত উপস্থিত হৈ হিৰোছিমা শান্তি স্মাৰকত পুষ্প অৰ্পণ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই হিৰোছিমা আক্ৰমণত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শান্তি স্মাৰকৰ সমীপতে স্থাপিত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ স্মৰ্তব্য, ২০২৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতিৰ পিতাৰ আবক্ষ মূৰ্তি উন্মোচন কৰিছিল৷ প্ৰকৃতাৰ্থত হিৰোছিমা শান্তি স্মাৰকৰ সমীপত বাপুৰ আবক্ষ মূৰ্তিটোৱে শান্তি আৰু অহিংসাৰ এক শক্তিশালী বাৰ্তাৰ স্বাক্ষৰ বহন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে৷ অসমত ইতিমধ্যে উদ্যোগৰ বাবে এক সুন্দৰ পৰিৱেশ তন্ত্ৰৰ সূচনা হৈছে, য’ত বৃহৎ কোম্পানীসমূহে ইতিমধ্যে নিজৰ কাৰ্যপন্থা আগবঢ়াই নিছে৷ লগতে কামেদা ছেইকাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীলেখ ৰাজ জুনেজাক সাক্ষাৎ কৰি অসমৰ সমৃদ্ধিশালী খাদ্য সংসাধন খণ্ডত বিনিয়োগৰ বাবে মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণ জনায়৷ লগতে জুনেজাক শেহতীয়াকৈ প্ৰবাসী ভাৰতীয় সম্মান বঁটা ২০২৫ লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে৷ জাপান যাত্ৰাৰ অন্যতম এক গুৰুত্বপূৰ্ণ সাক্ষাৎ আছিল মাইক্ৰন মেম’ৰী ফেচিলিটী পৰিদৰ্শনেৰে কোম্পানীটোৰ মাননিয় উপাধ্যক্ষ জোছুয়ালীৰ সৈতে হোৱা সাক্ষাৎ৷ জাগীৰোডৰ ইলেক্ট্ৰনিক  টাউনশ্বিপক বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ হাব হিচাপে গঢ়িবলৈ লোৱাৰ এই সময়ত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই লীৰ সৈতে মত বিনিময় কৰি তেখেতসকলক অসমৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিকাশ যাত্ৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনায়৷ হিৰোছিমাৰ পৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মা উপস্থিত হয় অ’ছাকাৰ এডভাণ্টেজ আছাম ৰোড শ্ব’ত৷ ৮০ জনতকৈ অধিক উদ্যোগীৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত ২০৩০ চনৰ ভিতৰত অসমৰ জি এছ ডি পিক আমি ১৪৩ বিলিয়ন আমেৰিকান ডলাৰলৈ লৈ যোৱাৰ লক্ষ্যৰ বিষয়ে তথা অসমক ভাৰতৰ পৰৱৰ্তী অৰ্থনৈতিক কেন্দ্ৰ হিচাপে সাজু কৰি তোলাৰ বিষয়ে উপস্থিতসকলৰ আগত বক্তব্য আগবঢ়ায়৷ বিশ্বৰ ভিন্ন প্ৰতিষ্ঠানসমূহৰ বাবে অসমৰ ১২ বিলিয়ন আমেৰিকান ডলাৰৰ আন্তঃগাঁথনি বিনিয়োগৰ পৰিকল্পনা এক বৃহৎ সুযোগ হিচাপে পৰিগণিত হ’ব৷ বক্তব্য প্ৰসংগত ২০২৪ চনত ৪   বিলিয়ন আমেৰিকান ডলাৰৰ ব্যক্তিগত বিনিয়োগ লাভ কৰিবলৈ সক্ষম হোৱা বিষয়টিকো দাঙি ধৰে৷ এই পৰিসংখ্যা এতিয়ালৈকে সৰ্বাধিক বুলিও তেখেতে মন্তব্য কৰে৷ অসমৰ জনসাধাৰণৰ হৈ ওছাকাৰ উদ্যোগীসকলক এডভান্টেজ আছাম-২.০৩  ভাগ ল’বলৈ আমন্ত্ৰণ জনাই অসমৰ বিকাশ যাত্ৰাত অংশীদাৰ হ’বলৈ অনুৰোধ জনায়৷ ব্যৱসায়িক নেতাবৃন্দৰ সৈতে বাৰ্তালাপৰ পাছত মুখ্যমন্ত্ৰীয়ে কানচাই পেইণ্টছৰ কাৰ্যবাহী বিষয়া আৰু ভাৰতৰ ব্যৱসায়ৰ মুৰব্বী প্ৰবীণ চৌধুৰীৰ সৈতে এক বৈঠকত মিলিত হয় আৰু তেওঁক অসমৰ দ্ৰুত গতিত বৰ্ধিত বজাৰত সুযোগ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়৷ ড॰ শৰ্মাই আই আই টিৰ সহযোগত ষ্টাৰ্টআপৰ দিশত কাম কৰি থকা এনৰিচন ইণ্ডিয়া কেপিটেলৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া যুচুকে কাকিমোটোৰ সৈতে এক বৈঠকেৰে ব্যস্ততাপূৰ্ণ দিনটোৰ সমাপ্তি ঘটায়৷ তেওঁ গোটটোক অসমৰ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰৰ বিকাশেৰে আৰু ষ্টাৰ্টআপৰ উদ্যোগীসকলক প্ৰশিক্ষণ দিবলৈ আহ্বান জনায়৷ কাইলৈ মুখ্যমন্ত্ৰীৰ জাপান ভ্ৰমণৰ অন্তিম দিনটোত ড॰ হিমন্ত বিশ্ব শৰ্মাই জ্যেষ্ঠ চৰকাৰী প্ৰতিনিধি আৰু উদ্যোগৰ নেতৃবৃন্দৰ সৈতে বহুকেইখন বৈঠকত মিলিত হ’ব৷


গুৱাহাটীত নেতাজীৰ জন্মজয়ন্তী পালন

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ  সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মদিন উদ্‌যাপন সমিতিৰ উদ্যোগত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্ম জয়ন্তী বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷ এই উপলক্ষে সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মদিন উদ্‌যাপন সমিতিৰ উদ্যোগত এটি বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ এই শোভাযাত্ৰাৰ উদ্বোধন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই৷ তেওঁ ভাষণত কয়– আজি আমি এজন মহান মণিষীক স্মৰণ কৰিছোঁ৷ দেশৰ স্বাধীনতা আন্দোলনত তেওঁ বিশেষ অৱদান আগবঢ়াই গৈছে৷ মহামানব মাহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভ ভাই পেটেল আদিৰ মহৎ অৱদানৰ বাবে আজি আমি ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ স্বাধীনতাৰ মুখ দেখিলোঁ৷ তেওঁলোকৰ মহান অৱদানক আমি যুগ যুগ ধৰি স্মৰণ কৰি যাম৷ গুৱাহাটীৰ পল্টন বজাৰস্থিত নেতাজী চ’কত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে নেতাজীৰ উত্তৰাধিকাৰীক সম্মান জনোৱাৰ বাবে গণ্যমান্য ব্যক্তি, সাংস্কৃতিক পৰিবেশন আৰু দেশপ্ৰেমৰ উৎসাহক একত্ৰিত কৰি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰভাত ফেৰী (ৰাতিপুৱা শোভাযাত্ৰা)ৰ পিছতে নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি বন্তি প্ৰজ্বলন কৰে ইয়াৰ পিছত দেশপ্ৰেম আৰু জাতীয় সংহতিক কেন্দ্ৰ কৰি এক সাংস্কৃতিক কাৰ্যসূচী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ অনুষ্ঠানত ‘মুখ্য অতিথি হিচাপে  ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা উপস্থিত থাকি ভাষণত কয়–ভাৰতৰ ইতিহাসত নেতাজী সুভাষ চন্দ্ৰ বসু  প্ৰাতঃ স্মৰণীয়৷ তেওঁৰ স্বৰ্ণিল ইতিহাস আছে৷ তেওঁক আমি বিপ্লৱী নেতা হিচাপে দেখি আহিছো৷ তেওঁ স্বাধীনতা আন্দোলনৰ সময়তে মহিলা সৱলীকৰণত গুৰুত্ব দিছিল৷ তেওঁ এহেজাৰ মহিলাক সামৰিক প্ৰশিক্ষণ দিছিল৷ স্বাধীনতা আন্দোলনত তেওঁৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব৷ তেওঁ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনত নেতাজীৰ অৱদানৰ বিষয়ে উল্লেখ কৰে৷ আনহাতে বক্তা হিচাপে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড॰ সমুদ্ৰ গুপ্ত কাশ্যপ উপস্থিত থাকি নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে সৱলীল বক্তব্য আগবঢ়ায়৷ সভাত কে চি দাস বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হৃষিকেশ বৰুৱাৰ সম্পাদনাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘শৌৰ্য’ ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা আৰু গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়াই উন্মোচন কৰে৷  এই অনুষ্ঠানত ২০২৫ চনৰ নেতাজী গৰিমা বঁটা প্ৰদান কৰা হয়৷ এই বঁটা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ সঞ্চালক  ৰিণিকি ভূঞা শৰ্মা আৰু লেফটেনেণ্ট কমাণ্ডাৰ দেবানন্দ দলেক প্ৰদান কৰা হয়৷  এই অনুষ্ঠানত যোগদান কৰি মহান নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বহু সংখ্যক লোকৰ সমাগম হয়৷ উল্লেখ্য, সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মদিন উদযাপন সমিতি নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত কামৰূপ মেট্ৰ’ই দিনজোৰা কাৰ্যসূচীৰে কাৰ্যসূচীৰে আৰু নেতাজী জয়ন্তী উদযাপন কৰে৷ এই উপলক্ষে পতাকা উত্তোলন কৰে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক  সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ সভাত সভাপতিত্ব কৰে সমিতিৰ কাৰ্যকৰী সভাপতি দেৱাশিস সেনগুপ্তই আৰু আদৰণি ভাষণো প্ৰদান কৰে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক শংকৰ চক্ৰৱৰ্তীয়ে৷ সাধাৰণ সম্পাদক ৰাজীব দাসে এই কাৰ্যসূচীৰ সফলতাৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যুৱৰাজ শৰ্মা,  মল্লিক নৱাজ, জুৰিস্মিতা দত্ত, নয়নজিত কোঁৱৰ, প্ৰনিতা তালুকদাৰ, নৱজ্যোতি গোস্বামী, অপূৰ্ব সাহাৰ লগতে  বহুকেইজনক ধন্যবাদ জনায়৷ সভাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দলীয় নৃত্য আৰু গীতৰ দেশপ্ৰেমমূলক সাংস্কৃতিক প্ৰতিযোগিতা আৰু কলা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰে অৰূপ গোস্বামীয়ে৷ 

তেজপুৰত নেতাজীৰ জন্মজয়ন্তী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মদিন আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়৷ ‘মোক তোমালোকৰ তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম’ এয়া আছিল পৰাধীন ভাৰতৰ জনসাধাৰণলৈ আজাদ হিন্দ ফৌজৰ সেনাধ্যক্ষ নেতাজী সুভাষ চন্দ্ৰ বসুৰ আহ্বান ৷ বৃটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনত আন্দোলনকাৰীক উদ্বুদ্ধ কৰা এই আহ্বান আজি পুনৰ স্মৰণ হ’ল তেজপুৰত ৷  উল্লেখ্য, সমগ্ৰ ৰাষ্ট্ৰৰ লগতে সাংস্কৃতিক নগৰী তেজপুৰতো নেতাজীৰ জন্মদিনটো পৰাক্ৰম দিৱস হিচাপে আজি পালন কৰা হয়৷ এই উপলক্ষে তেজপুৰ বঙালী অৱৈতনিক নাট্য সমাজৰ উদ্যোগত, নাট্য সমাজৰ চৌহদত অনুষ্ঠিত এক অনাড়ম্বৰ অনুষ্ঠানত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলন কৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে নাট্য সমাজৰ সভাপতি শেখৰ সোমে৷ অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই মহান নেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি বিধায়ক ৰাভাই নেতাজীৰ উক্ত বিখ্যাত উক্তিফাকি সোঁৱৰণ কৰে৷ অনুষ্ঠানত তেজপুৰৰ কলা-কুশলীৰ লগতে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে৷  ইয়াৰ পিছতেই নাট্য সমাজৰ পৰা তেজপুৰ চহৰৰ মাজেদি নেতাজী উদ্যানলৈ এক শোভাযাত্ৰা উলিওৱা হয়৷ শোভাযাত্ৰাত বিধায়ক ৰাভাৰ লগতে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে৷ শোভাযাত্ৰাৰ অন্তত নেতাজী উদ্যানত অনুষ্ঠিত এক অনুষ্ঠানত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিৰ সন্মুখত বিধায়ক পৃথ্বিৰাজ ৰাভাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি অপূৰ্ব ভট্টাচাৰ্য, প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী আৰু বিশিষ্ট ব্যক্তিসকলে এগছিকৈ বন্তি প্ৰজ্বলন কৰি মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়৷ আনহাতে অসম ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ উদ্যোগত তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উদ্‌যাপন কৰা হয়৷ শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালী, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আদিয়ে নেতাজীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়৷ আনহাতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ আপোচহীন বিপ্লৱী ধাৰাৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিনিধি নেতাজী সুভাষ চন্দ্ৰ বসুৰ  জয়ন্তী উপলক্ষে ছাত্ৰ সংগঠন এ আই ডি এছ অ’ৰ শোণিতপুৰ জিলা কমিটীৰ উদ্যোগতো পালন কৰা হয়৷ পুৱা ১০বজাত সংগঠনৰ কৰ্মী-সমৰ্থকসহ বিভিন্ন স্কুল-কলেজৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী সমবেত হৈ তেজপুৰৰ কাৰ পাৰ্কিঙৰ পৰা শোভাযাত্ৰা কৰি পদুম পুখুৰীৰ পাৰস্থিত নেতাজীৰ প্ৰতিমূৰ্তিৰ পাদদেশত উপস্থিত হয়৷ তাৰ পাছত মহান বিপ্লৱীগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যদান আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ শেষত এই মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ জীৱন সংগ্ৰামৰ পৰা শিক্ষা লৈ আজিৰ সমাজত সৃষ্টি হোৱা সমস্যাক প্ৰতিহত কৰা আৰু তেওঁৰ স্বাধীনতা আন্দোলনৰ যি অপূৰিত সপোন পূৰ্ণ কৰাৰ অংগীকাৰেৰে অনুষ্ঠান শেষ কৰা হয়৷ উল্লেখ্য, এই মহান বিপ্লৱীগৰাকীৰ জয়ন্তী উপলক্ষে অহা ২৫, ২৮ আৰু ৩০ জানুৱাৰীত ক্ৰমে কাৱৈমাৰী, গঁড়বিল, আৰু পৰোৱা অঞ্চলত ছাত্ৰ-ছাত্ৰীৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা, নেতাজীৰ জীৱন সংগ্ৰামৰ ওপৰত আলোচনা-সভা আৰু দেশপ্ৰেমমূলক গীত কবিতা পৰিৱেশন অনুষ্ঠান আয়োজন কৰা হ’ব৷