Logo
image

পুনৰ ৫০০ কোটি টকা ঋণ ল’ব ৰাজ্যই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জানুৱাৰীঃ  ২৮ জানুৱাৰীত পুনৰ ৫০০ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে৷ ২০ বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত  দি  ৫০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে৷ ইয়াৰ বাবে অসম চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকত এক প্ৰস্তাব দাখিল কৰিছে৷ উল্লেখ্য যে নৱবৰ্ষৰ পহিলা সপ্তাহটোতে  ৭  জানুৱাৰীত ৫০০ কোটিৰ ঋণ লৈছিল ৰাজ্য চৰকাৰে৷ সেই হিচাপে জানুৱাৰী মাহতে চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ’বগৈ  ১০০০  কোটি টকা৷


ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি  ২০২৩-২৪  বৰ্ষলৈকে ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল ১ লাখ ৫০ হাজাৰ ৯০০ কোটি টকা৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ প্ৰথম দিনটোতে সংবাদমেলত স্পষ্ট কৰিছিল যে ২০২৫-২৬ বৰ্ষত ৰাজ্য চৰকাৰে ১৭ হাজাৰ কোটি টকাৰ ঋণ ল’ব৷ ৰাজ্যখনৰ জিএছডিপিৰ আধাৰতে এই পৰিমাণৰ ঋণ চৰকাৰে ল’ব পাৰিব৷ তেওঁ লগতে মন্তব্য কৰিছিল যে ঋণ লোৱাটো ভাল৷ ঋণ ল’ব পৰাৰ সামৰ্থ থকাৰ বাবেহে ৰাজ্যখনে ঋণ লাভ কৰিছে৷ ঋণ গ্ৰহণৰ ক্ষেত্ৰত দেশৰ ৰাজ্যসমূহৰ একেবাৰে পিছত আছে অসম৷