Logo
image

আজি পৱিত্ৰ 'মে-ডাম মে-ফী'

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ জানুৱাৰীঃ আজি অৰ্থাৎ ৩১ জানুৱাৰীত তাই-আহোমসকলৰ পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান মে-ডাম-মে-ফী৷ আহোম জনগোষ্ঠীয় লোকসকলে মে-ডাম-মে-ফীত পুলিন-পুথাও তথা পূৰ্বপুৰুষক  শ্ৰদ্ধাৰে স্মৰণ কৰিব৷ মে-ডাম-মে-ফীত ফুৰালুং আৰু বানফী পূজাৰে স্বৰ্গদেউ তথা পুলিন পুথাওসকলৰ পৰা আশীৰ্বাদ বিচাৰিব তাই-আহোমসকলে৷ উল্লেখ্য, সুদূৰ য়ুনান প্ৰদেশৰ পৰা দৈ-কাও-ৰং অৰ্থাৎ পাটকাই পৰ্বত পাৰ হৈ সৌমাৰখণ্ডত বসবাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ বিভিন্ন জাতি-জনজাতিসমূহক লগত লৈ প্ৰেম, ভাতৃত্ববোধ আৰু সাংস্কৃতিক সমন্বয়ৰ শিকলিৰে বৰ অসমত ৬০০ বছৰীয়া গৌৰৱোজ্জ্বল আহোম ইতিহাসৰ পাতনি মেলিছিল স্বৰ্গদেউ চাওলুং চ্যুকাফাই৷ সেইগৰাকী মহান সাম্য-মৈত্ৰীৰ প্ৰতীক স্বৰ্গদেউ চ্যুকাফাৰ আদৰ্শৰে অনুপ্ৰাণিত অসমৰ তাই-আহোম জনগোষ্ঠীয় লোকসকলে পুলিন-পুথাওসকলৰ পৰা মে-ডাম-মে-ফীত জন-মিং অৰ্থাৎ আশীৰ্বাদ বিচাৰে৷ তাই ভাষাত মে মানে তৰ্পণ, ডাম মানে মৃতক আৰু ফী মানেদেৱতা৷ অৰ্থাৎ মে-ডাম-মে-ফীত মৃত পূৰ্বপুৰুষক উপাসনা কৰে৷ এই ধৰ্মীয় অনুষ্ঠানটোত এখন আঠচুকীয়া অস্থায়ী হ’-ফী অৰ্থাৎ দেউশাল সাজে আৰু ইয়াত ৪ খন মেহেঙা (শৰাই) স্থাপন কৰি পিতা লেংডন দেৱতা প্ৰমুখ্যে ৪ জন ‘ফি’ক আৰাধনা কৰে৷ তাই আহোমসকলৰ ধৰ্মীয় বিশ্বাস যে কোনো মানুহৰ মৃত্যু হ’লে প্ৰথমে মৃতকৰ আত্মা কিছুদিন ‘ডাম’ হৈ থাকি পাছলৈ ‘ফী’ ৰূপ পায়৷ সেই মৃতকৰ আত্মাই ফী বা দৈব্যশক্তি লাভ কৰি পৰিয়ালবৰ্গক কৃপাদান কৰি থাকে৷ বুৰঞ্জীৰ তথ্য অনুসৰি ১৫৬৩ খ্ৰীষ্টাব্দত চাওফা চ্যু-হুং-ম্যুং বা দিহিঙীয়া ৰজাই চুতীয়া আৰু কছাৰীসকলক পৰাজিত কৰি ৰাজধানীলৈ ঘূৰি আহি মৃতকসকলক স্মৰণ কৰি মে-ডাম-মে-ফি অনুষ্ঠিত কৰিছিল৷ তেতিয়াৰে পৰা ৰাজ্যৰ ভিন্ন স্থানত আহোমসকলে পৰম্পৰাগতভাৱে মে-ডাম-মে-ফীৰ আয়োজন কৰি আহিছে৷ পৰম্পৰা ৰক্ষা কৰি এইবাৰো ঐতিহাসিক তলাতল ঘৰৰ লগতে আহোমৰ ৰাজধানী হাবুঙতো আয়োজন কৰা হৈছে মে-ডাম-মে-ফী৷ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত এইবাৰ চৰাইদেউৰ সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় মে-ডাম-মে-ফীৰ আয়োজন কৰিছে৷ গুৱাহাটীৰ নটবমাৰ মে-ডাম-মে-ফী উদ্‌যাপন সমিতিয়েও বিগত বৰ্ষৰ দৰে এইবাৰো মে-ডাম-মে-ফী আয়োজন কৰিছে৷ ইয়াৰোপৰি গুৱাহাটী বতাহঘূলি, হেঙেৰাবাৰী, জালুকবাৰীতো মে-ডাম-মে-ফীৰ আয়োজন কৰিছে৷ উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ লগতে ধেমাজি, লখিমপুৰতো বিভিন্ন স্থানত মে-ডাম-মে-ফীৰ আয়োজন কৰা হৈছে৷ ঠাই বিশেষে বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মে-ডাম-মে-ফী পালন কৰা হৈছে৷ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ গেমন দলঙৰ কাষত চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত কাইলৈ মে-ডাম-মে-ফীৰ আয়োজন কৰিছে৷ এই অনুষ্ঠানত ধৰ্মীয় পৰম্পৰাৰে মহন দেওধাই বাইলুং পণ্ডিতসকলে বানফী পূজাৰে উপৰিপুৰুষক স্মৰণ কৰিব৷ ইফালে, স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰা চামগুৰিৰ চামধৰা গড়ৰ বেদখল উচ্চেদ কৰা হ’ব বুলি ঘোষণা কৰিছে মন্ত্ৰী যোগেন মহনে৷


আজি মহানগৰীৰ নটবমাত কেন্দ্ৰীয় মে-ডাম মে-ফী

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ উপৰি পুৰুষক সোঁৱৰি শুকুৰবাৰে টাই আহোম জনগোষ্ঠীৰ লোকসকলে উদ্‌যাপন কৰিব মে-ডাম-মে-ফী৷ ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটী মহানগৰীতো মে-ডাম মে-ফী উদ্‌যাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে৷ নটবমাৰ চু্কাফা নগৰত বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মে-ডাম-মে-ফী উদ্‌যাপন সমিতিৰ উদ্যোগত শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই মাংগলিক পৰ্ব৷ পুৱা পতাকা উত্তোলনৰ অন্তত মৈদাম তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰিব বিশিষ্ট বুৰঞ্জীবিদ পদ্মশ্ৰী ড: যোগেন্দ্ৰ নাথ ফুকনে৷ ইয়াৰ পাছতেই আৰম্ভ হ’ব সমূহীয়া প্ৰাৰ্থনা আৰু বান-ফী পূজা৷ দুপৰীয়া অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷ সন্ধিয়া বন্তি প্ৰজ্বলনেৰে মে-ডাম-মে-ফীৰ কাৰ্যসূচীৰ অন্ত পৰিব৷ এই মাংগলিক কাৰ্যসূচীত ৰাইজৰ সহযোগিতা উদ্‌যাপন সমিতিৰ সভাপতি নিতুল গগৈ, কাৰ্যকৰী সভাপতি সুনীল কুমাৰ গগৈ, অনিল সন্দিকৈ আৰু সম্পাদক নিৰুদ্ধ বৰগোঁহাই, ধ্ৰুৱ নন্দন ফুকনে কামনা কৰিছে৷ ইফালে মহানগৰী পাঞ্জাবাৰীৰ বতাহঘুলিস্থিত স্বৰ্গদেউ গদাধৰ সিংহ নগৰৰ টাই কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত ৩০ তম মে- ডাম-মে-ফি উদ্‌যাপনৰ ব্যাপক প্ৰস্তুুতি চলোৱা হৈছে৷ সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ বৰুৱা আৰু সাধাৰণ সম্পাদক ললিত গগৈয়ে ইতিহাসৰ ধবজাবাহক স্বৰ্গগত পুলিন - পুথাওসকল, যি সকলে সাতৰাজ মাৰি একৰাজ কৰি ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীয়ে বৃহত অসমীয়া জাতি গঠনৰ ভেটি প্ৰতিষ্ঠা কৰি থৈ গ’ল সেই সকলৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা উপৰিপুৰুষৰ সোঁৱৰণ আৰু তৰ্পণ অনুষ্ঠানটোৰ পুৱা ৯ বজাৰ পৰা দিনৰ ২-৩০ বজালৈ হ’বলগীয়া সকলো কাৰ্যসূচীতে জ্ঞাতিবৰ্গৰ আৰু শুভাকাংক্ষী সকলৰ একান্ত উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে৷ পূজা শুভাৰম্ভ হ’ব পুৱা ১০-৩০ বজাত মুখ্য মলুং হৰেন মহনৰ হাতেৰে, মুকলি সভা ১১-৩০ বজাত আৰম্ভ হব, উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷ এই অনুষ্ঠানত সকলোৰে উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে৷ 

বেদখলমুক্ত হ’ব চামধৰা গড়- মন্ত্ৰী যোগেন মহন

‘আমাৰ অসম’ৰ চামগুৰিৰ প্ৰতিবেদকঃ আহোমৰ দিনৰ চামগুৰিৰ ৰঙাগড়াৰ মাজেৰে যোৱা চামধৰা গড় বেদখলমুক্ত হ’ব৷ আজি গড়টোৰ সংৰক্ষণৰ হেতু আধাৰশিলা স্থাপন কৰিবলৈ আহি ৰঙাগড়াত এই কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দিলে পৰিবহণ আৰু প্ৰত্নতাত্বিক বিভাগৰ মন্ত্ৰী যোগেন মহনে৷ উল্লেখ্য, ১৬১৬ চনত স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰিছিল চামধৰা গড়টো৷ আহোম সাম্ৰাজ্যৰ অন্যতম ৰক্ষাকৱচ গড়টো পৰৱৰ্তী সময়ত আহোম ৰাজত্ব লোপ পোৱাত পৰ্যায়ক্ৰমে ঐতিহাসিক গড়টোত বেদখল চলে৷ ৰঙাগড়াত গড়টোৰ কাষত আজি প্ৰত্নতাত্বিক বিভাগৰ বিষয়া আৰু বুৰঞ্জীবিদ দয়ানন্দ বুঢ়াগোহাঁইৰ উপস্থিতিত মন্ত্ৰী যোগেন মহনে চামধৰা গড়টোৰ সংৰক্ষণৰ হেতু ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশত পকী বেৰ নিৰ্মাণৰ বাবে আজি আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপনৰ পাছতে মন্ত্ৰী যোগেন মহনে গড়টো বেদখলমুক্ত কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত কৈ তেওঁ কয়, - ‘গড়টো বেদখল হৈ থকা বুলি আমাক জনাইছে৷ আমি চৰকাৰৰ লগত কথা পাতিম৷ আমি এনেকুৱা পৌৰাণিক কীৰ্তিচিহ্ন অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক এই গড়টোৱে যুদ্ধৰ সময়ত লোৱা ভূমিকা আমি সকলোৱে জানোঁ৷ ইয়াক সংৰক্ষণ কৰাৰ দায়িত্ব আছে আমাৰ চৰকাৰৰ৷ আমি ৰাজহ বিষয়াক জৰীপ কৰিবলৈ দিম; কিমান বেদখল হৈ আছে৷ আমি ৰাজহ বিভাগৰ পৰা এই উচ্চেদ কৰিব লাগিব৷ কাৰণ আমাৰ অসমীয়া জাতিৰ কথা আছে; সন্মানৰ কথা আছে; গতিকে চৰকাৰে কোনো ক্ষেত্ৰত আপোচ নকৰে৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউতো ৰাইজে স্ব-ইচ্ছাৰে এৰি দিছে৷ কোনোবাই যদি বেদখল কৰি ৰাখিছে আমি তেওঁলোকক স্ব-ইচ্ছাৰে এৰি দিবলৈ আহ৩ান জনাম; কাৰণ এইটো অসমৰ উঠি অহা প্ৰজন্মৰ সম্পদ৷ এইক্ষেত্ৰত চৰকাৰে কোনো আপোচ নকৰে৷’ তদুপৰি কাইলৈ মে-ডাম-মে-ফি গড়টোৰ কাষত অনুষ্ঠিত কৰা হ’ব বুলিও কয় মন্ত্ৰীজনে৷