
আমেৰিকাৰ নব্য টেক-অলিগাৰ্কি
প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে তেওঁৰ বিদায়ী ভাষণত আমেৰিকাত উদীয়মান ‘টেক-অলিগাৰ্কি’ৰ বিষয়ে এক সতৰ্কবাণী কৰিছিল৷ তেওঁ উল্লেখ কৰে যে, ‘কিছুমান প্ৰযুক্তি প্ৰতিষ্ঠানৰ অতিৰিক্ত শক্তি আৰু ধনৰ কেন্দ্ৰীকৰণ গণতন্ত্ৰৰ বাবে ভাবুকিস্বৰূপ’৷ বাইডেনে বিশেষকৈ এলন মাস্ক, মাৰ্ক জুকাৰবাৰ্গ আৰু জেফ বেজ’ছৰ দৰে ধনকুবেৰ সকলৰ ৰাজনৈতিক প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰা দেখা গ’ল৷
টেক-অলিগাৰ্কি হৈছে এনে এক ব্যৱস্থা য’ত কিছু প্ৰযুক্তি প্ৰতিষ্ঠানে ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত অতিৰিক্ত প্ৰভাৱ বিস্তাৰ কৰে, যাৰ ফলত সাধাৰণ ৰাইজৰ মতামত উপেক্ষিত হয়৷ এইধৰণৰ ক্ষমতাৰ কেন্দ্ৰীকৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, কাৰণ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা মুষ্টিমেয় ধনৱান ব্যক্তিৰ হাতত সীমিত হৈ পৰে৷ ড’নাল্ড ট্ৰাম্পৰ উদ্বোধনী অনুষ্ঠানত টেছলা আৰু স্পেচ-এক্সৰ চিইঅ’ এলন মাস্ক, মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ, সুন্দৰ পিচাই আৰু আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজ’ছে ট্ৰাম্পৰ কাষতে আসন গ্ৰহণ কৰা দেখা গৈছিল, যেন কেবিনেটৰ আন সদস্যতকৈও তেওঁলোকৰ সন্মান আৰু পদবীৰ মূল্য বেছি৷ ‘যেতিয়া মই অলিগাৰ্কিৰ কথা ক’বলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া বহুতে বুজি পোৱা নাছিল যে মই কি ক’ব বিচাৰিছোঁ৷ বাৰু, সেই ধাৰণা সলনি হৈছে৷ যেতিয়া আমেৰিকাৰ ৩জন ধনী ব্যক্তিয়ে ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণৰ সময়ত তেওঁৰ পিছফালে বহি থাকে, তেতিয়া সকলোৱে বুজি পায় যে সম্ভ্ৰান্ত শ্ৰেণীয়ে এতিয়া আমাৰ চৰকাৰখনক নিয়ন্ত্ৰণ কৰিছে৷’ এক্সৰ এটা পোষ্টত এইদৰে কয় ভাৰম’ণ্টৰ ছিনেটৰ বাৰ্নি ছেণ্ডাৰ্ছে৷ আচৰিতভাৱে টেক টাইটান মাস্ক, জুকাৰবাৰ্গ আৰু বেজ’ছৰ সম্পদৰ মূল্য প্ৰায় এক ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, আনহাতে ফেডাৰেল নূ্যনতম মজুৰি ২০০৯ ৰ পৰাই অপৰিৱৰ্তিত হৈ আছে৷ তেওঁলোকে ট্ৰাম্পৰ লগত বন্ধুত্ব কৰাত আচৰিত হ’বলগীয়া একো নাই৷ এলন মাস্কৰ টুইটাৰ অধিগ্ৰহণ আৰু মাৰ্ক জুকাৰবাৰ্গৰ মেটাৰ অধীনস্থ ফেচবুকৰ তথ্য নিয়ন্ত্ৰণৰ ক্ষমতাই গণতান্ত্ৰিক প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ নিশ্চয়কৈ কৰিব আৰু কৰিছেও৷ এই প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে তথ্যৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰি জনমত গঠন আৰু ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে৷ বাইডেনে সতৰ্ক কৰি দিছিল, যদি এইধৰণৰ কেন্দ্ৰীকৰণ অব্যাহত থাকে, তেন্তে আমেৰিকাৰ গণতন্ত্ৰ ‘অলিগাৰ্কি’লৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে, য’ত মুষ্টিমেয় ধনৱান ব্যক্তিয়ে ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত পূৰ্ণ নিয়ন্ত্ৰণ কৰিব৷
এই টেক-অলিগাৰ্কি কেনেকৈ গণতন্ত্ৰৰ বাবে ক্ষতিকাৰক? (ক) প্ৰযুক্তি প্ৰতিষ্ঠানে সংবাদ আৰু তথ্যৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰি জনমত গঠনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, যাৰ ফলত নিৰপেক্ষ আৰু সঠিক তথ্যৰ অভাৱ পৰিস্ফুট হ’ব পাৰে৷ (খ) ধনকুবেৰসকলে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীক অৰ্থনৈতিক সহায় কৰি সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, যাৰ ফলত সাধাৰণ ৰাইজৰ স্বাৰ্থ উপেক্ষিত হ’ব পাৰে৷ (গ) অতিৰিক্ত ধনৰ কেন্দ্ৰীকৰণৰ ফলত অৰ্থনৈতিক অসমতা বৃদ্ধি পায়, যি সমাজৰ স্থিতিশীলতা আৰু একতাৰ বাবে ভাবুকি কঢ়িয়াই আনে৷ ট্ৰাম্পৰ কিছুমান সিদ্ধান্তই আমেৰিকাৰ নাগৰিকৰ লগতে আন দেশৰ নাগৰিকলৈও সমস্যা কঢ়িয়াই আনিছে৷ বিশেষকৈ, ট্ৰাম্পে কানাডাৰ বিৰুদ্ধে একধৰণ বাণিজ্যিক যুদ্ধ আৰম্ভ কৰিছে৷ কানাডাৰ পৰা অহা প্ৰায় সকলো সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক লগাবলৈ ট্ৰাম্পে বিচাৰিছে৷ এইবোৰ তেওঁ কৰাৰ আঁৰত এই এলিট সম্ভ্ৰান্ত শ্ৰেণীৰ ধনকুবেৰসকলৰ পুঁজিবাদী অলিগাৰ্কিৰ স্বাৰ্থ থাকিবও পাৰে৷ শুল্কক ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ আহিলা হিচাপে উপস্থাপন কৰা হয় যদিও ইয়াৰ অৰ্থনৈতিক পৰিণতি জটিল৷ ই হয়তো অলিগাৰ্কিক গাঁথনিসমূহক শক্তিশালী কৰিব পাৰে আৰু সামাজিক বৈষম্যক আৰু অধিক তীব্ৰতৰ কৰি তুলিব পাৰে৷ আমেৰিকাৰ এই নব্য টেক-অলিগাৰ্কিয়ে গণতন্ত্ৰৰ প্ৰতি ভাবুকি নানিবলৈ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰি তেওঁলোকৰ শক্তি সীমিত কৰাৰ প্ৰয়োজনীয়তা আছে৷ প্ৰযুক্তি প্ৰতিষ্ঠানে কেনেকৈ তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ কৰে তাৰ ওপৰত স্বচ্ছতা নিশ্চিত কৰিব লাগিব৷ আৰ্থিক অসমতা হ্ৰাস কৰিবলৈ নীতি-নিয়ম প্ৰণয়ন কৰাৰো প্ৰয়োজনীয়তা আছে৷ অৱশ্যে, এইবোৰ অহা কিছু বছৰলৈ হোৱাৰ সম্ভাৱনা নাই৷ তথাপি গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে এই বিষয়বোৰত গুৰুত্ব আৰোপ কৰাটো অত্যন্ত প্ৰয়োজনীয়৷