Logo
image

দিল্লীৰ ভোটৰ সময়তে কুম্ভস্নান প্ৰধানমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৫  ফেব্ৰুৱাৰীঃ  এফালে দিল্লীৰ ভোটাৰে বিধানসভা নিৰ্বাচনত ভোটদান কৰিছে আৰু সেইদিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পুণ্যস্নান কৰিছে৷ দেশৰ বিভিন্ন নিৰ্বাচনত ভোটগ্ৰহণৰ দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে ধৰ্মীয় কাৰ্যসূচীত ভাগ লোৱাটো পুৰণি অভ্যাস৷ দিল্লীৰ নিৰ্বাচনতো তাৰ ব্যতিক্ৰম নহ’ল৷ প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত পুণ্যস্নান কৰিলে৷ এটা নীলা ৰঙৰ ট্ৰেকচ্যুটৰ পেণ্ট, ৰঙা এটা জেকেট  পৰিধান কৰি মহাকুম্ভ মেলাত স্নান কৰিলে মোদীয়ে৷ মোদীৰ ডিঙিত শোভা পাইছিল এদাল ৰুদ্ৰাক্ষৰ মালাই৷


এই সূচীৰ বাবে মোদী দিনৰ দহ বজাত প্ৰয়াগৰাজত উপস্থিত হয় আৰু তাৰ পৰা হেলিকপ্টাৰেৰে গৈ আৰাইল ঘাটৰ ত্ৰিবেণী সংগমত পুণ্যস্নান কৰে৷ উল্লেখ্য, এই অংশটোতে গংগা, যমুনা আৰু অন্তঃসলিলা সৰস্বতী নদীৰ মিলন হৈছে আৰু সংগম নামৰ অঞ্চলটো হিন্দু ধৰ্মাৱলম্বীৰ বাবে পৱিত্ৰ৷ প্ৰধানমন্ত্ৰী মোদীয়ে সংগমত স্নান কৰাটো স্বৰ্গীয় সংযোগ বুলি বৰ্ণনা কৰে৷ তেওঁ সূৰ্যদেৱতাক অৰ্ঘ দান কৰে৷ আজিৰ দিনটো ভীষ্ম অষ্টমী তিথি হোৱাৰ বাবে পৱিত্ৰ আছিল৷ মোদীয়ে এখন সজ্জিত নাৱত উঠি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে গংগাত এটা নৌকা বিহাৰো কৰে৷