
সমীৰ তাঁতীলৈ ‘কবিৰত্ন’ সন্মান
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৬ ফেব্ৰুৱাৰীঃ সাহিত্য অকাদেমি বঁটাপ্ৰাপক সমীৰ তাঁতীক ‘নিউ গুৱাহাটী সমষ্টি যুৱ মঞ্চ’ৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ উদ্যোগত বৃহস্পতিবাৰে ‘কবিৰত্ন’ সন্মানেৰে সন্মানিত কৰা হয়৷
প্ৰধান উদ্যোক্তা হৃষীকেশ ডেকাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে বামুণীমৈদামস্থিত আস্থা এপাৰ্টমেণ্টত থকা তাঁতীৰ বাসভৱনত মানপত্ৰ, চেলেং চাদৰ, ফুলাম গামোচা, শৰাই আৰু জাপিৰে তেওঁক সম্বৰ্ধনা জনায়৷