
চিয়াং-লালী বালি চাপৰিত 'পবা বৰ্ষাৰণ্য মহোৎসৱ'
'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদক, ৮ ফেব্ৰুৱাৰীঃ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত জোনাই তিনিমাইল ঘাটৰ চিয়াং-লালী বালি চাপৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে 'পবা বৰ্ষাৰণ্য মহোৎসৱ'। পবা অভয়াৰণ্যখনি সুৰক্ষাৰ লগতে গ্রাম্য পর্যটন, ইক'-টুৰিজিমৰ সম্ভাৱনা আৰু প্রয়োজনীয়তাৰ সম্পর্কে ৰাইজক সজাগ কৰা আৰু ভৱিষ্যৎ প্রজন্মৰ মানসিকতা পৰিৱেশ-প্রকৃতিমুখী কৰি তুলাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে এই মহোৎসৱৰ। আজি মহোৎসৱৰ দ্বিতীয় দিনা পুৱাই জংগল ট্ৰেকিং, চৰাই পৰ্যবেক্ষণ, হাতী আৰু ম'হৰ চাফাৰীৰ পিছতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে উদ্বোধন কৰা গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতা দকদিগ (পেং মাৰি), ইগি এডকী-এডয়াৰ, য়ৌংকামুনচুনাম (মল্লযুঁজ), সাঁতুৰ, ৰছী টনা, কুকুৰা যুঁজ, ভেকুলীজাঁপ, ধনুকাঁড়, বালিচৰত এশ মিটাৰ দৌৰ, দাউৰাং, আৰি বুলাৰ বাদাই লাইনাই (বড়ো জনগোষ্ঠীৰ খেল) অনুষ্ঠিত কৰা হয়৷ দিনৰ ১ বজাত জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাজেশ্বৰ পেগুৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰৰ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য পুৰুষোত্তম দলেয়ে৷ আনহাতে দ্বিতীয় পবা মহোৎসৱৰ লগত সংগতি ৰাখি জোনাই লাচিত নগৰ বহ্নিমান সংঘৰ উদ্যোগত আৰু কেটেপা (সামাজিক বনানীকৰণ সংঘ) জোনাইৰ সহযোগত নাহৰ গুটি সিঁচা অভিযানত নাহৰ, শিলিখা, জলফাইৰ প্ৰায় শতাধিক গুটি কেটেপাৰ জৰিয়তে পবা বনাঞ্চলৰ তিনিমাইল বিটৰ বিভিন্ন অংশত গুটি সিঁচে সংঘৰ লোকসকলে৷
ইক-টুৰিজিম, গ্রাম্য পর্যটন আৰু পবাৰ ভৱিষ্যৎ সম্পৰ্কে ধেমাজি মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বনজিৎ ভট্টই কয়, "পবাখনক বচাবলৈ হ'লে দাঁতিকাষৰীয়া অঞ্চলৰ মানুহৰ জীৱন জীৱিকা উন্নত কৰিব লাগিব, জীৱন জীৱিকাৰ একমাত্ৰ উপায় হ'ল গ্ৰাম্য প্ৰৰ্যটন। গ্ৰাম্য প্ৰৰ্যটন পৰিয়াল কেন্দ্ৰীক উত্তৰণ হ'লেহে পবা সুৰক্ষিত হ'ব।" লগতে মিচিং স্বায়ত্তশাসিত পৰিষদে জোনাই কেন্দ্ৰীক পাঁচটা উন্নত মানৰ চাংঘৰ নিৰ্মাণ, ধেমাজি জিলাত স্কিল ডেভলপমেন্ট চেন্টাৰৰ ব্যৱস্থা আৰু এটা টুৰিজিম অফিচৰ ব্যৱস্থা কৰিবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদক দাবী জনায় বনজিৎ ভট্টই৷ উল্লেখযোগ্য যে অভয়াৰণ্যখনিৰ সুৰক্ষাৰ লগতে গ্রাম্য পর্যটন, ইক'-টুৰিজিমৰ সম্ভাৱনা আৰু প্রয়োজনীয়তাৰ সম্পর্কে ৰাইজক সজাগ কৰা আৰু ভৱিষ্যৎ প্রজন্মৰ মানসিকতা পৰিৱেশ-প্রকৃতিমুখী কৰি তুলাৰ উদ্দেশ্য আগত ৰাখি গুৰুত্ব সহকাৰে এলানি পদক্ষেপ হাতত লৈছে মিচিং স্বায়ত্তশাসিত পৰিষদে৷