Logo
image

দিল্লীৰ সচিবালয়ত তলা লগালে উপ-ৰাজ্যপালে, চলিব তদন্ত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদক, ৭ ফেব্ৰুৱাৰীঃ  দিল্লী নিৰ্বাচনৰ ভোটগণনা চলি থাকোতেই, বিজেপিৰ বিজয়ৰ সম্ভাৱনা প্ৰকট হওঁতেই দিল্লী চৰকাৰৰ সচিবালয় ছীল কৰি দিলে উপ-ৰাজ্যপাল ভিকে ছাক্সেনাই৷ আপ চৰকাৰৰ মন্ত্ৰীয়ে সচিবালয়ৰ পৰা কোনো গোপন নথিপত্ৰ লৈ যোৱাৰ আশংকাতে এই গুৰুতৰ পদক্ষেপ গ্ৰহণ কৰা হয়৷ দিল্লীৰ উপ-ৰাজ্যপাল ভিকে ছাক্সেনাৰ নিৰ্দেশত সাধাৰণ প্ৰশাসন বিভাগে এখন জাননী জাৰি কৰি দিল্লীৰ সচিবালয় বন্ধ কৰি দিয়ে৷ জাননীত কোৱা হৈছে, সচিবালয়ৰ পৰা যাতে কোনো ফাইল, নথিপত্ৰ, কম্পিউটাৰ হাৰ্ডডিস্ক জাতীয় সামগ্ৰী কোনেও লৈ যাব নোৱাৰে, সেয়া নিশ্চিত কৰাৰ বাবেই সচিবালয় বন্ধ কৰি দিয়া হৈছে৷


বিজেপিয়ে ১৭ বছৰৰ পাছত দিল্লীৰ ক্ষমতা দখল কৰাৰ ইংগিত পোৱাৰ পাছতে আক্ষৰিক অৰ্থৰে আপ চৰকাৰৰ সকলো মন্ত্ৰীৰ  কাৰ্যালয় আৰু সচিবালয় বন্ধ কৰি বিদায়ী চৰকাৰখনৰ হাত-ভৰি বান্ধি পেলোৱা হৈছে৷ আপ চৰকাৰৰ মন্ত্ৰী আৰু তেওঁলোকৰ বিশ্বস্ত বিষয়াসকলে যাতে কোনো তথ্য গোপন কৰিব নোৱাৰে তাৰ বাবেই এই ব্যৱস্থা লোৱা হৈছে৷ দেশৰ ৰাজনৈতিক ইতিহাসত মই ঘটনা নজিৰবিহীন বুলিয়েই  চৰ্চা হৈছে৷