
নাঙল পুৰণি হ’ল, শতাধিক সমৰ্থক লৈ ট্ৰেক্টৰত উঠিল খাম্ফা
‘আমাৰ অসম’ৰ কাজলগাঁও আৰু কোক্ৰাঝাৰৰ প্ৰতিনিধি, ৮ ফেব্ৰুৱাৰীঃ নাঙলৰ মোহ এৰি ট্ৰেক্টৰৰ ওচৰ পালে খাম্ফা বৰগয়াৰীসহ শতাধিক বিপিএফ নেতা-কৰ্মী৷ বিপিএফৰ প্ৰতিষ্ঠাকালৰ নেতাসকলৰ বাবে আজি পুৰণি হ’ল ‘নাঙল’৷ হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ শতাধিক লগত লৈ ট্ৰেক্টৰত উঠিল খাম্ফা বৰগয়াৰী৷ বিপিএফ দল সৃষ্টিৰ পৰাই সভাপতিৰ দায়িত্বত থকা হাগ্ৰামা মহিলাৰীৰ একনায়কত্ববাদৰ বাবেই দলটোলৈ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আজি চিৰাং জিলাৰ ৰুণীখাটাৰ থাইকাঝোৰা খেলপথাৰত আয়োজিত এক বিশাল যোগদান সমাৰোহত একালৰ শক্তিশালী বিপিএফ নেতা বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে চাৰি শতাধিক বিপিএফ নেতা-কৰ্মীক লগত লৈ ইউপিপিএলত যোগদান কৰে৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ হাত ধৰি ইউপিপিএলত যোগদান কৰি ৰাইজক উদ্দেশ্যি খাম্পা বৰগয়াৰীয়ে কয়– বিপিএফৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ’ল দলটোত সমূহীয়াকৈ আলোচনা কৰি সিদ্ধান্ত লোৱাৰ পৰম্পৰা নাই৷ মই কোনো ক্ষমতা, ধন সম্পত্তিৰ লালসাত দললৈ অহা নাই৷ বিটিচিৰ আঞ্চলিক দল দুটিৰ ৰাজনৈতিক দ্বন্দ্ব, সংঘাত গ্ৰামাঞ্চলৰ ৰাইজৰ মাজলৈ বিয়পিছিল৷ ই সমাজৰ বাবে কেতিয়াও হিতকাৰী নহয়৷ এইটো মই আশা কৰা নাছিলোঁ৷ প্ৰমোদ বড়োৰ নেতৃত্বত বড়োভূমিত যি শান্তি আৰু প্ৰগতিৰ ধাৰা বৈছে, সেই গতি অধিক ত্বৰান্বিত কৰাৰ বাবে কাম কৰিবলৈহে আহিছোঁ৷ এই অঞ্চলত আজি আৰু অধিক বিপিএফ কৰ্মী ইউপিপিএলত যোগদান কৰিব বিচাৰিছিল৷ কিন্তু তেওঁলোকক বাধা প্ৰদান কৰা হৈছে৷ দুই এদিনৰ ভিতৰত বিটিআৰৰ যথেষ্ট সংখ্যক বিপিএফৰ শীৰ্ষ নেতা ইউপিপিএলত যোগদান কৰিব৷ সম্প্ৰতি ইউপিপিএল এটা আঞ্চলিক শক্তিশালী দল হৈ উঠিছে৷ এই দলত থাকি ৰাইজৰ কাম কৰিব বিচাৰিছোঁ বুলিও নেতাজনে মন্তব্য কৰে৷ খাম্পা বৰগয়াৰীক উষ্ণ আদৰণি জনাই অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয়– বিপিএফ দলৰ দৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে টকা দিবলগীয়া হোৱাৰ দৰে ব্যৱস্থা আমাৰ দলত নাই৷ বিপিএফৰ টিকট দিয়াৰ নামত হাগ্ৰামাই দুই লাখকৈ টকা সংগ্ৰহ কৰিছে যদিও আমাৰ দলত টকা নিদিয়াকৈ টিকট পায়৷ আমাৰ দলত টিকট বিচাৰিব নালাগে, যোগ্য বিবেচিত ব্যক্তিক ঘৰলৈ গৈ টিকট দিয়া হয়৷ তেওঁ লগতে কয় যে হাগ্ৰামা মহিলাৰীয়ে সোঁতৰটা বছৰ বিটিচিৰ প্ৰগতি আৰু কল্যাণৰ কাৰণে কাম কৰাৰ সুযোগ পাইছিল৷ কিন্তু তেওঁ সেইটো নকৰিলে৷ তেওঁৰ দলত বহুতো দক্ষ, সৎ, অভিজ্ঞ নেতা আছিল যদিও তেওঁ কাকো মুকলিকৈ কাম কৰাৰ সুযোগ নিদিলে৷ হাগ্ৰামাৰ ভুলৰ বাবেই ইজনৰ পিছত সিজনকৈ শক্তিশালী নেতা বিপিএফৰ পৰা ইউপিপিএললৈ আহিব ধৰিছে৷ আমাৰ দলত উচ্ছ-নীচ নাই৷ আগতে বড়োলেণ্ডলৈ মানুহ আহিবলৈ ভয় কৰিছিল, এতিয়া দেশ-বিদেশৰ পৰা মানুহ আহি ১০-১২ দিন নিৰ্ভয়ে থাকি যায়৷ খাম্পা বৰগয়াৰীৰ ইউপিপিএলত যোগদান সম্পৰ্কত বড়োৱে কয়– খাম্পা বৰগয়াৰী বিপিএফৰ ‘ছেকেণ্ড ইন কমাণ্ড’ আছিল৷ তেওঁ অভিজ্ঞ আৰু দক্ষ নেতা৷ তেওঁ বি পি এফৰ প্ৰতি মোহভংগ হৈ আৰু আমাৰ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ নিজ বিবেচনাৰে ইউপিপিএলত যোগদান কৰিছে৷ এয়া আমাৰ দলৰ বাবে শুভ লক্ষণ৷ সভাত উপস্থিত থাকি ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি তথা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে ক্ষমতাত কোনে কিমান দিন আছে সেইটো ডাঙৰ কথা নহয়, ক্ষমতাত থাকি ৰাইজৰ বাবে, অঞ্চলটোৰ বাবে, দেশৰ বাবে কি কাম কৰিলে সেইটোহে গুৰুত্বপূৰ্ণ কথা৷ বিটিআৰৰ উন্নয়নৰ দায়িত্ব অকল বড়োসকলেই নহয়, ইয়াত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীয়ে ল’ব লাগিব৷ বিটিআৰৰ উন্নয়ন যিটো গতিত আগবাঢ়িছে, অদূৰ ভৱিষ্যতে এই অঞ্চলটো দেশৰ ভিতৰতে এক উন্নত অঞ্চল হ’বলৈ গৈ আছে৷ আজিৰ এই বিশাল যোগদান কাৰ্যসূচীত কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে– ৰঞ্জিত কুমাৰ বসুমতাৰী, ধনঞ্জয় বসুমতাৰী, ড॰ নিলুৎ স্বৰ্গীয়াৰী আৰু ছাইকং বসুমতাৰী, ছিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, এমচিএলএ মাধৱ চন্দ্ৰ ছেত্ৰী, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, ইউপিপিএলৰ উপ সভাপতি আফজাল হক সৰকাৰ, সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীৰ লগতে দলটোৰ জিলা আৰু ব্লক কমিটীৰ নেতৃবৃন্দৰ উপৰি তিনি সহস্ৰাধিক লোক উপস্থিত থাকে৷
খাম্ফাক ডেপুটেশ্বনত পঠিয়াইছোঁঃ হাগ্ৰামা
‘আমাৰ অসম’ৰ বৰপেটাৰোডৰ প্ৰতিবেদকঃ সৰভোগৰ ঐতিহাসিক মইনবড়ী সত্ৰত ৩য় বাৰ্ষিক পালনামত আজি উপস্থিত প্ৰাক্তন বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে আৰু সেৱা জনায় সত্ৰত৷ তাৰ পিছতেই তেওঁ সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত খাম্ফা বৰগয়াৰী ইউপিপিএলত যোৱা সম্পৰ্কত কয়– ইউপিপিএল দলত জ্ঞানী বুদ্ধি থকা মানুহৰ অভাৱ হৈছে বিটিচি চুক্তি ৰূপায়ণৰ খাটিৰত খাম্ফা বৰগয়াৰীক ডেপুটেশ্বনৰ বাবে ইউপিএলত পঠাইছোঁ আকৌ ঘূৰি আহিব খাম্ফা বৰগয়াৰী এই মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে৷ প্ৰমোদ বড়ো আৰু মই আলোচনা কৰি খাম্ফা বৰগয়াৰীক ইউপিপিএলত পঠাইছো, তেওঁলোকৰ জ্ঞানী মানুহৰ অভাৱ হৈছে বাবে এই সিদ্ধান্ত লৈছো বুলিও কয় হাগ্ৰামা মহিলাৰীয়ে৷ লগতে কয় আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ প্ৰথম স্থানত থাকিব, দ্বিতীয় স্থানত বিজেপি আৰু তৃতীয় স্থানত থাকিব ইউপিপিএল হাগ্ৰামা মহিলাৰী৷ আগন্তুক বিটিচি নিৰ্বাচনত আমি ২৫খন আসনত জয়ী হৈ আমি নতুন চৰকাৰ গঠন কৰিম-হাগ্ৰামা মহিলাৰী৷