
সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ গৈ ৬৭ কংগ্ৰেছ প্ৰাৰ্থীৰ আমানত জব্দ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতত নাথাকিল এখনো আসন৷ এসময়ত দিল্লীত একেৰাহে তিনিটা কাৰ্যকাল নিজৰ দখলত থকা কংগ্ৰেছৰ এইবেলি ৬৭ টা সমষ্টিতে আমানতৰ ধন জব্দ হয়৷ বিজেপি বিৰোধী দল সমূহৰ মাজত সমন্বয়হীনতাৰ বাবে যে দিল্লী বিধান সভা নিৰ্বাচনৰ শেহতীয়া ফলাফল সেই কথা আক্ষৰিক অৰ্থতে সত্য৷ ইয়াৰ বাবে মূলতঃ জগৰীয়া বৃহত্তম বিৰোধী দল কংগ্ৰেছে৷ কংগ্ৰেছৰ বাবে দিল্লী বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাটো নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ দৰেই৷ কংগ্ৰেছ আৰু আপ ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অংশীদাৰী দল হ’লেও দিল্লীত অকলশৰীয়াকৈ অৱতীৰ্ণ হৈছে নিৰ্বাচনত৷ ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অংশীদাৰী দল হোৱা স্বত্বেও দুয়োটা দলে পৃথকে নিৰ্বাচন খেলা বাবে ইতিমধ্যে ৰাজনৈতিক মহলে প্ৰশ্নৰ উদ্ৰেক কৰিছিল৷ দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত স্পষ্ট হৈ গৈছে যে ভোট বিভাজনৰ বাবেই অৰবিন্দ কেজৰিৱাল, মনীষ চিচোডিয়া সমন্বিতে বহুকেইজন ধৰাশায়ী হৈছে বিজেপিৰ হাতত৷ দিল্লী বিধানসভাৰ ভিতৰত ১৪ টা সমষ্টি কেৱল মাত্ৰ ভোট বিভাজনৰ বাবে বিজেপিৰ দখললৈ যায়৷
দিল্লী বিধানসভাত ২২ খন আসন আপে দখল কৰে৷ বিজেপিয়ে দখল কৰে ৪৮ টা সমষ্টি৷ সংখ্যা গৰিষ্ঠতাৰ বাবে প্ৰয়োজন ৩৬ টা সমষ্টি৷ আপ আৰু কংগ্ৰেছৰ ভোট বিভাজন নহ’লে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নোপোৱাটো নিশ্চিত আছিল৷ ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰী দল হিচাপে কংগ্ৰেছ-আপে বুজাবুজি কৰি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিলে অন্য¸ ১৩ খন আসনত আপ আৰু এখন আসনত কংগ্ৰেছে জয়লাভ কৰাৰ সম্ভাৱনা আছিল৷ ডিমাপুৰ, বাদলী, নাংগলোই দজাট, মাদীপুৰ ৰাজেন্দ্ৰ নগৰ, মালব্যনগৰ, মহৰৌলী, ছত্ৰপুৰ, সংগম বিহাৰ, গ্ৰেটাৰ কৈলাশ আৰু ত্ৰিলোকপুৰ সমষ্টি ভোট বিভাজনৰ বাবে আপৰ হাতৰ পৰা বিজেপিলৈ যায়৷ একেদৰে কস্তুৰবা নগৰ সমষ্টিত দ্বিতীয় স্থানত আছে কংগ্ৰেছ৷ অৰ্থাৎ আপে সমষ্টিটো কংগ্ৰেছক এৰি দিয়া হ’লে দিল্লী বিধানসভাত শূন্য আসনতে থাকিবলগীয়া নহ’লহেতেন কংগ্ৰেছ৷