Logo
image

কামাখ্যা,নৱগ্ৰহ দৰ্শন সদ্‌গুৰুৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ফেব্ৰুৱাৰীঃ  গ্ল’ৱেল ইনফ্লুৱেন্সাৰ সদগুৰুৱে সোমবাৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ লগতে নৱগ্ৰহ মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা আগবঢ়ায়৷ পুৱা প্ৰথমে তেওঁ কামাখ্যা মন্দিৰত  উপস্থিত হয়৷ আধ্যাত্মিক গুৰুজনক এবাৰ ওচৰৰ পৰা চাবৰ বাবে কামাখ্যা ধামত অসংখ্য গুণমুগ্ধই ভিৰ কৰে৷ ইয়াৰ পাছত তেওঁ নৱগ্ৰহ মন্দিৰলৈ যায়৷ নৱগ্ৰহটো দেখা গ’ল গুণমুগ্ধৰ একেই উৎসাহ৷ নৱগ্ৰহত পূজা আগবঢ়ায় সদগুৰুৱে সাংবাদিকৰ আগত কয়– ‘তোমাৰ ভাগ্য গ্ৰহই নিৰ্ণয় নকৰে৷ কিন্তু গ্ৰহই প্ৰভাৱ পেলায়৷ এই প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ আমি আধ্যাত্মিকভাৱে শক্তিশালী হ’ব লাগিব৷ নৱগ্ৰহণৰ প্ৰসংগটো ইয়াৰ পৰাই আহিছে৷’ কামাখ্যা আৰু নৱগ্ৰহ মন্দিৰ দৰ্শনৰ সময়ত সদগুৰুক সংগ দিয়ে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই৷ উল্লেখ্য, প্ৰাইড ইষ্ট কনক্লেভত অংশগ্ৰহণ কৰিবলৈ শনিবাৰে গুৱাহাটীত উপস্থিত হৈছিল সদগুৰু৷ দেওবাৰে সদগুৰুক মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বাসগৃহত আতিথ্য প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত পৰৱৰ্তী সময়ত লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰে বৈঠকতো মিলিত হৈছিল৷


উল্লেখ্য, ইশ্বা ফাউণ্ডেচনৰ মুৰব্বী সদগুৰুৰ গুৱাহাটীত এই তৎপৰতাৰ মাজতে গছপুলি ৰোপণৰ বাবে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসম চৰকাৰৰ পৰা ইশ্বা ফাউণ্ডেচনে লাভ কৰা ২০০ কোটি টকাৰে কি কি কাম হ’ল– ইয়াৰ উত্তৰ বিচাৰি বিভিন্নজনে সামাজিক মাধ্যমত প্ৰশ্ন কৰিছে৷