
চৰকাৰৰ ধন নাই, অৱসৰী জীৱন দুৰ্বহ পেন্সনাৰৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ফেব্ৰুৱাৰীঃ ইখনৰ পাছত সিখন হিতাধিকাৰী আঁচনি ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পেন্সনৰ টকা দিবলৈও হাতত নাই ধন৷ চৰকাৰৰ হাতত পৰ্যাপ্ত পুঁজি থকা বুলি মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰীয়ে দাবী কৰিলেও ৰাজকোষৰ শেহতীয়া অৱস্থাই প্ৰকৃত স্বৰূপ উদঙাই দিছে চৰকাৰখনৰ৷ ‘আমাৰ অসম’ৰ হাতত পৰা তথ্য মতে ডিচেম্বৰ-জানুৱাৰী মাহত অৱসৰ লোৱাসকলৰ কথা বেলেগেই, আগষ্ট-ছেপ্টেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰা অসম চৰকাৰৰ বিষয়া-কৰ্মচাৰীয়েও পোৱা নাই লীভ এনকেছমেণ্ট বা ছুটী নগদকৰণৰ ধন আৰু বকেয়া ধন৷ অভিযোগ অনুসৰি ৰাজকোষত পুঁজি নথকা বাবে ছুটী নগদকৰণ আৰু বকেয়া ধনৰ বিল জমা দিব পৰা নাই শেহতীয়াভাৱে অৱসৰ লাভ কৰা হাজাৰ হাজাৰ লোকে৷ ফলত অৱসৰী জীৱন দুৰ্বহ হৈ পৰিছে হাজাৰ হাজাৰ পেন্সনাৰৰ৷ উল্লেখ্য, ৰাজকোষত পুঁজি নথকা বাবে ১০ দিনেও মাহিলী দৰমহাকেইটাও পোৱা নাই কলেজ শিক্ষক, হাইস্কুল শিক্ষক, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে৷
প্ৰতিমাহৰ ১০ তাৰিখে অৰুণোদয় আঁচনিৰ ধন আদায় দি বাহঃ বাহঃ ল’ব বিচৰা চৰকাৰখনে কৰ্মচাৰীক দৰমহা আৰু পেন্সনাৰক প্ৰাপ্য ধনখিনিও মোকলাই দিব নোৱাৰাটো অতি উদ্বেগৰ বিষয়৷ নিয়ম অনুসৰি অৱসৰ লাভ কৰাৰ লগে লগে ছুটী নগদকৰণ আৰু বকেয়া ধন অৱসৰপ্ৰাপ্ত লোকক আদায় দিব লাগে৷ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত লৈ অৱসৰৰ দিনটোতে বকেয়া সকলো পুঁজি পোৱাৰ ব্যৱস্থা কৰিম বুলি সদম্ভে ঘোষণা কৰিছিল৷ এনে ঘোষণাৰ পাছতো অৱসৰৰ প্ৰায় ছমাহ পাছতো বহু অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীয়ে লীভ এনকেছমেণ্ট আৰু বকেয়া নাপাই বিমোৰত পৰিছে৷