
বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ ‘কাৰ্যকৰী’ নহ’ল সাৰি গ’ল অভিযুক্ত
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ ফেব্ৰুৱাৰীঃ কুখ্যাত ৰাকেশ পালৰ আমোলত ধনৰ বিনিময়ত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাছনি লাভ কৰা একাংশ ৰাজপত্ৰিত বিষয়াক বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে সুৰক্ষা দিবলৈ চেষ্টা চলোৱা কাৰ্য এইবাৰ লাজ লগাকৈ উন্মোচন হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগে এ পি এছ চি কেলেংকাৰিৰ অভিযুক্ত ৰাজপত্ৰিত বিষয়াক ৰক্ষণাবেক্ষণ দি আহিলেও প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত আয়োগে অভিযুক্ত বিষয়াৰ জালিয়াতি উদঙাই দেখুৱাইছিল৷ কিন্তু এজনীয়া তদন্ত আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত বাধ্যত পৰি প্ৰায় ৪ বছৰৰ মূৰত চৰকাৰে একাংশ অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও তাতো যেন ইচ্ছাকৃতভাৱে ৰাখি থৈ গৈছিল আইনী খুঁট৷ ৰাজ্য চৰকাৰৰ কাণ্ডজ্ঞানহীন কাৰ্যৰ সুযোগ লৈ পুনৰবাৰ চাকৰিত মকৰল হোৱাৰ পথ মুকলি হ’ল এ পি এছ চি পৰীক্ষাত অনুতীৰ্ণ হৈয়ো বাছনি লাভ কৰা অভিযুক্ত বিষয়াৰ৷ দা কমিচন অফ এনকুৱাৰী এক্ট-১৯৫২ অনুসৰি গঠিত বিপ্লৱ কুমাৰ শৰ্মা আয়োগে এ পি এছ চি কেলেংকাৰিৰ তদন্ত কৰি প্ৰায় ৪ বছৰ পূৰ্বেই চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল৷ এনকুৱাৰী এক্ট-১৯৫২ ধাৰা ৩ (৪) অনুসৰি বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন আৰু প্ৰতিবেদনৰ ভিত্তিত লোৱা ব্যৱস্থা সন্দৰ্ভত ছমাহৰ ভিতৰত বিধানসভাত উত্থাপন কৰিব লাগিছিল চৰকাৰে৷ প্ৰতিবেদনখন বিধানসভাত উত্থাপন কৰাৰ অৰ্থ হৈছে তদন্ত প্ৰতিবেদনৰ তথ্যসমূহ ৰাজহুৱা কৰি স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰা আৰু নিৰ্বাচিত জনপ্ৰতিনিধিৰ পৰামৰ্শৰ ভিত্তিত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা৷ ৰাজ্য চৰকাৰে ৰহস্যজনক কাৰণত আজিলৈকে বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন বিধানসভাত উত্থাপনো নকৰিলে আৰু ৰাজহুৱাও নকৰিলে৷ বি কে শৰ্মাৰ আয়োগে প্ৰতিবেদন ৰাজহুৱা কৰাৰ আৰ্জিৰে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চিৰ হৈ প্ৰীতম শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল যদিও চৰকাৰী অধিবক্তাই বিভিন্ন অজুহাত দেখুৱাই ন্যায়ালয়কো প্ৰতিবেদন দাখিলৰ পৰা বিৰত থাকে৷
অৱশ্যে এই গোচৰটোত উচ্চ ন্যায়ালয়ৰ ৰোষত পৰাৰ ভয়ত শেহতীয়াকৈ গৃহ বিভাগে নিয়মমাফিক এছ আই টি গঠন কৰিছিল যদিও সেই এছ আই টিয়ো বি কে শৰ্মাৰ প্ৰতিবেদনত অভিযুক্ত বুলি স্পষ্ট কৰি দিয়া বিষয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পৰা বিৰত আছিল৷ আনকি এছ আই টিৰ তদন্তক লৈ সাংবাদিকে প্ৰশ্ন কৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তদানীন্তন ডিজিপি জি পি সিঙে অপৰাধৰ শ্ৰেণী বিভাজন কৰি গা এৰা মনোভাৱ প্ৰদৰ্শন কৰি আছিল৷ চৰকাৰৰ মুৰব্বী আৰু আৰক্ষী বাহিনীৰ মুৰব্বীজনৰ এনে স্থিতিত এ পি এছ চি কেলেংকাৰিৰ অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতি যে কাৰো সদিচ্ছা নাছিল সেয়া তেতিয়াই স্পষ্ট হৈ পৰিছিল৷ কিন্তু, বিশেষ ন্যায়াধীশ¸ৰ আদালতৰ কঠোৰ স্থিতিৰ বাবে এছ আই টিৰ তদন্তকাৰী বিষয়া প্ৰতীক ভি থুবেক অপসাৰণ কৰি শেষ মুহূৰ্তত বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম থকা একাংশ অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দিবলৈ বাধ্য হৈছিল এছ আই টিৰ নতুন তদন্তকাৰী বিষয়াই৷ অৱশ্যে সেইবাৰো আন কেইবাজনো অভিযুক্ত বিষয়াৰ বিৰুদ্ধে অজ্ঞাত কাৰণত অভিযোগনামা দাখিল কৰা নাছিল যদিও বিশেষ ন্যায়াধীশে নিজাববীয়াকৈ তেওঁলোকক অভিযুক্ত কৰিছিল৷ ইফালে, ৰাকেশ পালৰ কৃপাত এ চি এছ-এ পি এছ তথা সংলগ্ন সেৱাৰ চাকৰি লাভ কৰা সংশ্লিষ্ট বিষয়াকেইজনক অৱশেষত নিলম্বন কৰি বিভাগীয় তদন্ত ঘোষণা কৰিবলৈ বাধ্য হৈছিল দিছপুৰে৷ আচৰ্যজনকভাৱে নিলম্বন আৰু বিভাগীয় তদন্তৰ নিৰ্দেশনাত বি কে শৰ্মাৰ আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা লোৱা বুলি উল্লেখ কৰিলেও অভিযুক্ত বিষয়াসকলক দিয়া হোৱা নাছিল প্ৰতিবেদনৰ প্ৰতিলিপি৷ এই সুযোগৰেই যেন বাট চাই আছিল নিলম্বিত বিষয়াসকলে৷ বিধানসভাত উত্থাপন নকৰা এজনীয়া তদন্ত আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা গ্ৰহণৰ কোনো আইনী বৈধতা নথকাৰ দোহাই দি অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ ৰাজ্য চৰকাৰৰ এই আইনী আসোঁৱাহৰ বাবেই ১৭ নিলম্বিত অভিযুক্ত ক্ৰমে– নন্দিনী কাকতি, অনলজ্যোতি দাস, নিলাঞ্জল গগৈ, নীতুমণি দাস, ৰুমীৰ তিমুংপি, কুলপ্ৰদীপ ভট্টাচাৰ্য, ধ্ৰুৱজ্যোতি হাতীবৰুৱা, আকাশী দুৱৰা, ধীৰাজ কুমাৰ জৈন, হীতেশ মজুমদাৰ, কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, দীপাংকৰ দত্ত লহকৰ, সৌৰভ প্ৰাণ শৰ্মা, বিকাশ শৰ্মা, চক্ৰধৰ ডেকা আৰু মৃদুল হাজৰিকাৰ নিলম্বন আৰু বিভাগীয় তদন্তত স্থগিতাদেশ জাৰি কৰি পুনৰ চাকৰিত মকৰলৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷