
"বিজেপিক পৰাভূত কৰিবৰ বাবে সকলো একত্ৰিত হ'ব লাগিব"
'আমাৰ অসম'ৰ শিৱসাগৰৰ প্ৰতিবেদক, ১১ ফেব্ৰুৱাৰীঃ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফলকলৈ মঙ্গলবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ বাসগৃহত সংবাদমেল আয়োজন কৰে। ২০২৬ৰ অসম বিধান সভা নিৰ্বাচনত শাসকীয় দল বিজেপিক পৰাভূত কৰিবলৈ হ'লে বিৰোধী দলসমূহ একত্ৰিত হ'ব লাগে বুলি সংবাদমেলত মন্তব্য কৰে অখিল গগৈয়ে। সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে কয়- "দিল্লী, হাৰিয়ানাৰ নিৰ্বাচনে সাধাৰণ সত্যটো বাৰম্বাৰ কৈ আছে যে বিৰোধী দলসমূহ একত্ৰিত হ'লেহে শাসক দলক পৰাভূত কৰিব পাৰিম। ভাগ ভাগ হৈ থাকিলে শাসক দলক কেতিয়াও পৰাভূত কৰিব পৰাতো সম্ভৱ নহয়। আমি বিভিন্ন অজুহাত উলিয়াই থাকোঁ। আচল সত্যটো হ'ল, আমি উপলব্ধি কৰিব পৰা নাই। দিল্লীৰ নিৰ্বাচনে এটা কথা প্ৰমাণ কৰি গ'ল যে বিৰোধী ঐক্য যদি একত্ৰিত নহয় তেন্তে বিজেপিক প্ৰতিহত কৰাটো সম্ভৱ নহয়। বিজেপিয়ে জাতিটোক সম্পূৰ্ণৰূপে থানবান কৰি পেলালে। লগতে আগন্তুক নিৰ্বাচনত বিজেপি আহিলে আমাৰ সংবিধান নাথাকে, দেশৰ গণতন্ত্ৰ নাথাকে।"
তেওঁ লগতে কয়- "বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যই কৈ থকা কথাবোৰ মাত্ৰ মুখেৰে কৈ আছে আন্তৰিকতাৰে কোনেও গ্ৰহণ কৰা নাই। বিৰোধী দলবোৰে কেৱল দলীয় সাংগঠনিক শক্তি বৃদ্ধি কৰিলেই নহ'ব। বিজেপিক পৰাভূত কৰিবৰ বাবে সকলো একত্ৰিত হ'ব লাগিব। বিৰোধী ঐক্যই পৃথকে পৃথকে প্ৰচাৰ চলোৱাৰ পৰিৱৰ্তে একত্ৰিত হৈ প্ৰচাৰ চলালে সুফল লাভ কৰিব। কংগ্ৰেছ দলে 'চোতালে চোতালে' নামৰ যি কাৰ্য্যসূচী গ্ৰহণ কৰিছে সেই কাৰ্য্যসূচী একত্ৰিত হৈ কাৰ্যকৰী কৰিব লাগে। ৰাইজৰ দলৰ আবেদন যে সকলো বিৰোধী ঐক্য মিলি বৈঠক অনুষ্ঠিত কৰিব লাগে।" সমাগত দুমাহত বিৰোধী ঐক্যৰ দলসমূহে কোনে ক'ত নিৰ্বাচন খেলিব তাক স্থিৰ কৰিব লাগে বুলিও বিধায়ক অখিল গগৈয়ে সংবাদমেলত মন্তব্য কৰে। ২০২৬ৰ বিধানসভা নিৰ্বাচনত ফেচিবাদী, সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিবৰ বাবে বিৰোধী ঐক্যই একত্ৰিত হৈ কাম কৰিব লাগিব। ভূপেন বৰাক মই কোনো সময়সীমা বান্ধি দিয়া নাই বুলিও বিধায়ক অখিল গগৈয়ে মন্তব্য কৰে। উক্ত সংবাদ মেলত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ লগতে সম্পাদক অনুপ বৰপাত্ৰ গোহাঁই, ৰাইজৰ দলৰ শিৱসাগৰ বিধান সভা সমষ্টিৰ সভাপতি জিতু জ্যোতি গায়ন, দাদুল আলি, বিজিত দত্ত আদি বিষয়ববীয়াসকল উপস্থিত থাকে।