Logo
image

ছিংগাপুৰত মুখ্যমন্ত্ৰীৰ বিনিয়োগ বৈঠক, ৰাষ্ট্ৰপতি থাৰ্মানক সাক্ষাৎ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ, ১১ ফেব্ৰুৱাৰীঃ আগন্তুক ‘এডভাণ্টেজ আছাম ২.০’ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনখন আগশাৰীৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীৰ অংশগ্ৰহণেৰে সাফল্যমণ্ডিত কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে সম্প্ৰতি ছিংগাপুৰ ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি থাৰ্মান ছানমুগাৰাটনামক সাক্ষাৎ কৰে৷ ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ সৈতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ এই বৈঠকত অসমৰ সৈতে চলি থকা সহযোগিতামূলক প্ৰকল্পসমূহক সামৰি লোৱাৰ লগতে ভাৰত-ছিংগাপুৰৰ কৌশলগত সহযোগিতাৰ মূল স্তম্ভ হিচাপে অসমৰ ভূমিকাৰ দিশত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়৷ উল্লেখ্য যে, ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰ্মান ছানমুগাৰাটনামে ২০২২ চনত অসম ভ্ৰমণ কৰিছিল৷ এডভাণ্টেজ আছাম ২.০ সন্মিলনত সহযোগিতাৰ ক্ষেত্ৰত ছিংগাপুৰে প্ৰদৰ্শন কৰা আগ্ৰহৰ বাবে মুখ্যমন্ত্ৰীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ছানমুগাৰাটনামৰ শলাগ লৈ ছেমিকণ্ডাক্টৰ, সেউজ শক্তি আৰু উন্নত প্ৰযুক্তিৰ দৰে অসমৰ উদীয়মান খণ্ডসমূহত ৰাষ্ট্ৰখনৰ সৈতে সহযোগিতামূলক সম্পৰ্ক সবল কৰাৰ পোষকতা কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি ছিংগাপুৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণণকো সাক্ষাৎ কৰি ভাৰতৰ এক্ট ইষ্ট নীতিৰ সামগ্ৰিক পৰিকাঠামোৰ অধীনত অসম আৰু ছিংগাপুৰৰ মাজত থকা সহযোগিতা সুদৃঢ় কৰাৰ দিশত বাৰ্তালাপ কৰে৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে আজি ছিংগাপুৰত সুৰ্বানা জুৰঙৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ একৰ সৈতেও এক ফলপ্ৰসূ বৈঠকত মিলিত হয়৷ এই বৈঠকত মুখ্যমন্ত্ৰীয়ে সুৰ্বানা জুৰঙৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ সৈতে প্ৰতিষ্ঠানটোৰ অসমত থকা প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰে৷ তদুপৰি, এই বৈঠকত ছিংগাপুৰৰ নগৰ পৰিকল্পনাৰ বিশেষ দক্ষতাৰ জৰিয়তে অসমৰ ভৱিষ্যতৰ চহৰ আৰু ঔদ্যোগিক উদ্যান নিৰ্মাণ আদিৰ দিশত কাম কৰাৰ পোষকতা কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে আজি ছিংগাপুৰ আই টি ই শিক্ষা সেৱাৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ নটৰাজনৰ সৈতেও এক বিশেষ বৈঠকত মিলিত হয়৷


এই বৈঠকত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মন্তব্য কৰে যে কাৰিকৰী শিক্ষা, কৰ্মশক্তিৰ তৎপৰতা আৰু সামাজিক গতিশীলতা উন্নত কৰিবলৈ দক্ষ কৰ্মশক্তিৰ এক বৃহৎ গোট বিকশিত কৰাৰ দিশত প্ৰতিষ্ঠানটোৰ দৃষ্টিভংগী আৰু এই দিশত অসমৰ থকা লক্ষ্য একেধৰণৰ৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে আগন্তুক সময়ত অসম দক্ষতা বিশ্ববিদ্যালয় আৰু আই টি ই ছিংগাপুৰৰ মাজত ঘনিষ্ঠ সহযোগিতামূলক কৰ্মৰাজি বৃদ্ধি পোৱাৰো আশা ব্যক্ত কৰে৷ তেওঁ লগতে কয় যে অসমত বিশ্ব দক্ষতা কেন্দ্ৰ স্থাপনৰ অৰ্থে ৰাজ্য চৰকাৰে আই টি ই ছিংগাপুৰৰ পাৰদৰ্শিতাৰ ব্যৱহাৰৰ পথ অন্বেষণ কৰিব৷ এই ভ্ৰমণকালতে মুখ্যমন্ত্ৰীয়ে আই টি ই ছিংগাপুৰৰ ফেকাল্টিৰ মান, উদ্যোগ কেন্দ্ৰিক এৰ’স্পেচ পৰীক্ষাগাৰ, ইলেকট্ৰ’নিক্স আদি সম্বন্ধেও বুজ লয়৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আজি ছিংগাপুৰত এ এছ এম পি টি, এ ই এম, বেছি, টেমাছেক, ছিলিকন বক্স, নিট্টো ডেনকো কৰ্পৰেশ্যন, হেলাৰ ইণ্ডাষ্ট্ৰিজ আৰু মেনহাৰ্ট গ্ৰুপৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতেও এক ফলপ্ৰসূ বৈঠকত মিলিত হৈ বিভিন্ন খণ্ডৰ লগতে বিশেষকৈ ছেমিকণ্ডাক্টৰ খণ্ডত প্ৰতিষ্ঠানসমূহৰ সহযোগিতাৰ দিশত আলোচনা কৰে৷ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ছেমিকণ্ডাক্টৰ হৈছে ভাৰত-ছিংগাপুৰৰ পাৰস্পৰিক সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ দিশ৷ তেওঁ লগতে প্ৰতিষ্ঠানসমূহৰ শীৰ্ষ নেতৃবৰ্গক জাগীৰোডত হ’বলগীয়া ইলেক্টªনিক চিটীত অসমৰ সৈতে অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনায়৷ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমক আৰু অধিক গতিশীলতা প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে এডভাণ্টেজ আছাম ২.০ সন্মিলনক অসমৰ উন্নয়নৰ গতিধাৰা অধিক বৃদ্ধি কৰিবলৈ এক মঞ্চ হিচাপে ব্যৱহাৰ কৰিছে৷ এই উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে ভূটান, দক্ষিণ কোৰিয়া, জাপান, ছিংগাপুৰ আদিৰ দৰে ৰাষ্ট্ৰসমূহৰ সৈতে সংযোগ স্থাপন কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কাইলৈ অৰ্থাৎ বুধবাৰেও ছিংগাপুৰত থাকি বিভিন্ন কাৰ্যসূচী অব্যাহত ৰাখিব৷ সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড॰ শৰ্মা ছিংগাপুৰত উপস্থিত হয়৷