
এইবাৰ ব্ৰিটিছ আৰক্ষীৰ অভিযান, অবৈধ অভিবাসী ভাৰতীয়ক বিতাড়নৰ যো-জা
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ ফেব্ৰুৱাৰীঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দৰে ঢাক-ঢোল নবজালেও ব্ৰিটেইনে দেশখনত অবৈধভাৱে থকা বিদেশী নাগৰিকক দেশান্তৰ কৰা আৰম্ভ কৰিছে৷ ব্ৰিটেইনৰ কিৰ ষ্টাৰ্মাৰ চৰকাৰৰ এই পদক্ষেপত সবাটোকৈ ক্ষতিগ্ৰস্ত হ’ব ভাৰতীয়৷ কিয়নো ব্ৰিটেইনত এছিয়াৰ সকলো অবৈধ প্ৰব্ৰজনকাৰীৰ ভিতৰত সৰ্বাধিক সংখ্যাত আছে ভাৰতীয় নাগৰিক৷ হাম্বাৰছাইডৰ এখন ভাৰতীয় ৰেস্তোৰাঁত ব্ৰিটিছ হ’মলেণ্ড বিভাগে তালাচী চলোৱাৰ পাছত এই ভাৰতীয়ৰ মাজত এই শংকা অধিক বৃদ্ধি পাইছে৷
কোনো আগতীয়া ঘোষণা নকৰাকৈ ষ্টাৰ্মাৰ চৰকাৰে ইতিমধ্যে ১৯,০০০ অবৈধ প্ৰব্ৰজনকাৰীক দেশান্তৰ কৰিছে৷ তাৰ ভিতৰত আছে ৰাজনৈতিক আশ্ৰয় লাভ নকৰা, অপৰাধমূলক কাৰ্যত জড়িত বিদেশী আৰু ‘ৱৰ্ক পাৰ্মিট’ অবিহনে অবৈধভাৱে কাম কৰি থকা বিদেশী নাগৰিক৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, ষ্টাৰ্মাৰ চৰকাৰে ২০২৪ চনৰ জুলাইৰ পৰাই দেশৰ ভিন ভিন বেচৰকাৰী প্ৰতিষ্ঠানত তালাচী চলাই অবৈধ বিদেশীক দেশান্তৰ কৰি আছে৷ ভাৰতীয় অবৈধ প্ৰব্ৰজনকাৰী বিচাৰি দেশখনৰ হ’মলেণ্ড বিভাগে ৰেস্তোৰাঁ, হোটেল, গাড়ী ধোৱা কাৰখানা, দোকান, মল ইত্যাদিত ব্যাপক তালাচী অব্যাহত ৰাখিছে৷ ফলত আতংকত ভূগিছে দেশখনত থকা ভাৰতীয় নাগৰিকে৷