
ছালৰ উজ্বলতা বঢ়াবলৈ কেঁচা হালধি ব্যৱহাৰ কৰক
কেঁচা হালধি আৰু মৌ স্বাস্থ্যৰ বাবে মহৌষধ৷ হালধি হ’ল প্ৰাকৃতিক এণ্টিছেপটিক৷ মৌত প্ৰায় ৪৫টা খাদ্য উপাদান থাকে৷ বহুতেই মৌৰ লগত কেঁচা হালধি খোৱাৰ অভ্যাস কৰে৷ এই দুবিধ ঔষধি গুণ সম্পন্ন উপাদান খোৱাৰ ফলত শাৰীৰিকভাৱে বিভিন্ন উপকাৰিতা পোৱা যায়৷ বিভিন্ন ৰোগত হালধিক ঔষধ হিচাপে গণ্য কৰা হয়৷ সেয়ে নিয়মিতভাৱে মৌৰ লগত কেঁচা হালধি খালে বিভিন্ন জটিল ৰোগৰ পৰা মুক্তি পাব পাৰি৷ হালধি পেলুনাশক৷ চিকিৎসকে প্ৰদাহ প্ৰশমিত কৰিবলৈ কেঁচা হালধিৰ লগত মৌ খোৱাৰ পৰামৰ্শ দিয়ে৷ মৌত এণ্টিঅক্সিডেণ্ট, ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ৷ ৰোধ-প্ৰতিৰোধ, খাদ্য হজম কৰাত মৌৱে বিশেষভাৱে সহায় কৰে৷
(১) কেঁচা হালধিয়ে হাৰ্টৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে৷ অভোগ হ’লে, পেটত গেছ হ’লে হালধিৰ দ্বাৰা উপশম পাব পাৰি৷ কেঁচা হালধিত এনে কিছুমান এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰৰ কেঞ্চাৰ কোষ ধবংস কৰিব পৰা সামৰ্থ্য থাকে৷
(২) হালধি চকু ৰোগৰ বাবে বেচ উপকাৰী৷ স্মৃতিশক্তি দুৰ্বল বা কথা পাহৰি গ’লে নিয়মিতভাৱে কেঁচা হালধি খোৱাৰ অভ্যাস কৰিলে উপকাৰ পাব৷
(৩) পুৱা কেঁচা হালধিৰ ৰস খালে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি৷ মস্তিষ্কৰ স্বাস্থ্য আৰু মানসিক স্বাস্থ্যক উন্নত কৰিবলৈ কেঁচা হালধি খাব পাৰে৷
(৪) ছালৰ উজ্জ্বলতা, ছালৰ পৰা বয়সৰ চাপ তথা ছালৰ সুস্বাস্থ্যৰ বাবে কেঁচা হালধিৰ বিকল্প নাই৷ শৰীৰৰ আলচাৰ বা ঘাৰ প্ৰৱণতা থাকিলে ইয়াৰ প্ৰতিৰোধ কৰিবলৈ কেঁচা হালধি খালে সুফল পাব৷
(৫) লিভাৰৰ স্বাস্থ্য ভালে ৰাখিবলৈ কেঁচা হালধি খোৱাৰ অভ্যাস কৰিব পাৰে৷ কেঁচা হালধি ওজন হ্ৰাস কৰাত যথেষ্ট উপকাৰী৷
(৬) শৰীৰৰ মেটাবলিজমৰ হাৰ বঢ়াবলৈ কেঁচা হালধি অতি উত্তম৷ ইয়াৰ লগতে শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰখাত কেঁচা হালধিয়ে সহায় কৰে৷