Logo
image

কলীয়াভোমোৰা, বিজনীত দাওদাওকৈ জ্বলিল বাহন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৩ ফেব্ৰুৱাৰীঃ  তেজপুৰ-নগাঁও সংযোগী কলীয়াভোমোৰা দলঙত আজি সংঘটিত হয় এটা ভয়ংকৰ ঘটনা৷ এই ঘটনাত বিশ্বনাথৰ আদিত্য কুমাৰ ৰয় নামৰ যুৱকজন গুৰুতৰভাৱে আহত যদিও কথমপি তেওঁৰ প্ৰাণৰক্ষা পৰে৷ উল্লেখযোগ্য যে, তেজপুৰৰ পৰা নগাঁৱৰ দিশে বাইকেৰে গৈ থকা অৱস্থাত দলঙৰ  ৰেলিঙত তীব্ৰ বেগেৰে খুন্দা মৰাৰ লগে লগে বাইকখন জ্বলি উঠে৷ ফলত ভস্মীভূত হয় বাইকখন৷ দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী তথা সেই সময়তে সেই পথেৰে গৈ থকা আছু নেতা নিতুল বৰাৰ তৎপৰতাত আহত যুৱকজনক তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷


বিজনীত স্কুলৰ সন্মুখতে জ্বলিল স্কুল ভেন

‘আমাৰ অসম’ৰ বিজনীৰ প্ৰতিবেদকঃ  চিৰাং জিলাৰ বিজনীৰ নিকটৱৰ্তী কাৱাকিকাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় কাৱাটিকা ছানৰাইজ মডেল একাডেমিৰ সন্মুখত আজি দুপৰীয়াৰ এখন ব্যক্তিগত স্কুল ভেন হঠাৎ জ্বলি উঠাত স্থানীয় ৰাইজ আৰু বিদ্যালয় কতৃৰ্পক্ষৰ মাজত হুৱাদুৱা লাগে৷ অগ্নিকাণ্ড সংঘটিত হোৱা AS ১৬B ৯০০২ নম্বৰৰ মাৰুটি ভেনখন বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনাৰ বাবে ব্যৱহাৰ হোৱা গাড়ীখন অগ্নিকাণ্ডত প্ৰায় সম্পূৰ্ণ জাহ যায় যদিও বিজনীৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে৷ বিদ্যালয়ৰ সন্মুখত ৰখাই থোৱা ভেনখনত কিদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল তাৰ কাৰণ জানিব পৰা হোৱা নাই৷ যান্ত্ৰিক বিজুতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷ ছাত্ৰ নমাই থৈ গাড়ীখন স্কুলৰ সম্মুখতে ৰাখি থৈ বজাৰলৈ বুলি ওলাই যোৱাৰ পাছত এই ঘটনা সংঘটিত হয় বুলি গাড়ীখনৰ চালকে মন্তব্য প্ৰকাশ কৰে৷