
এপিএছচি নিযুক্তি বাতিলৰ পৰামৰ্শ বিপ্লৱ শৰ্মা আয়োগৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ ফেব্ৰুৱাৰীঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই প্ৰায় ৩ বছৰৰ অন্তত অসম চৰকাৰে বিধানসভাত দাখিল কৰিলে অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কেলেংকাৰিৰ ন্যায়িক আয়োগৰ প্ৰতিবেদন৷ অসম চৰকাৰৰ ভুলৰ বাবেই এপিএছচি কেলেংকাৰিত অভিযুক্ত বিষয়াই আইনী সুৰুঙাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জৰিয়তে চাকৰিত পুনৰ মকৰলৰ পথ প্ৰশস্ত হোৱাত সম্বিৎ ঘূৰাই পালে চৰকাৰে৷ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন ন্যায়িক আয়োগে ২০১৩ আৰু ২০১৪ বৰ্ষৰ এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়ম তদন্ত কৰি অৰ্ধশতাধিক প্ৰাৰ্থীক অভিযুক্ত কৰাৰ পাছতো ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছিল চৰকাৰ৷ একে অভিযোগত পূৰ্বৰ চৰকাৰে একাংশ বিষয়াক গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছতো বি কে শৰ্মাৰ প্ৰতিবেদনত নাম থকা অভিযুক্তক কাৰ্যতঃ সুৰক্ষা দিছিল গৃহ বিভাগে৷ তদন্ত আয়োগৰ বিধি অনুসৰি ৬ মাহৰ ভিতৰত বিধানসভাত প্ৰতিবেদন দাখিল কৰিব লাগিছিল যদিও চৰকাৰে এখনৰ পাছত এখন কমিটী গঠন কৰি প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ পৰাও বিৰত আছিল৷ শেহতীয়াকৈ একাংশ অভিযুক্তক গ্ৰে*প্তাৰ, একাংশক নিলম্বন কৰিছিল যদিও আন একাংশক চাকৰি কৰি থাকিবলৈ সুবিধা দিছিল৷ কিন্তু নিলম্বিত বিষয়াসকলে তদন্ত আয়োগৰ বিধি মতে বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন বিধানসভাত ৬ মাহৰ ভিতৰত দাখিল নকৰাৰ আইনী সুৰুঙাৰ দিশটো উনুকিয়াই দিয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিলম্বিত বিষয়াৰ বিভাগীয় তদন্তত স্থগিতাদেশ জাৰি কৰি পুনৰ মকৰলৰ নিৰ্দেশ দিয়ে৷ ইয়াৰ পাছতে সোমবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে অসম চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ দুয়োখন প্ৰতিবেদন সদনত দাখিল কৰে৷ প্ৰতিবেদনৰ পাতে পাতে কিদৰে কুখ্যাত ৰাকেশ পালৰ আমোলত টেবুলেশ্বন শ্বীটত নম্বৰ বৃদ্ধি কৰি অভিযুক্ত প্ৰাৰ্থীসকলে বাছনি লাভ কৰিছিল তাৰ সবিশেষ স্পষ্ট হৈ আছে৷ বি কে শৰ্মা আয়োগে উচ্চতম ন্যায়ালয়ৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়লৈকে দেশৰ একাধিক নিযুক্তি কেলেংকাৰি গোচৰৰ ৰায়ৰ উদ্ধৃতি দি ২০১৩ বৰ্ষৰ সমগ্ৰ বাছনি পৰীক্ষাটোকে বাতিল কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে৷ প্ৰতিবেদনৰ পৰামৰ্শাৱলীত ন্যায়িক আয়োগে উচ্চতম ন্যায়ালয়ৰ ইন্দ্ৰপ্ৰীট সিং বনাম পঞ্জাৱ চৰকাৰ, অল ইণ্ডিয়া ৰে’লৱে ৰিকুইটমেণ্ট ব’ৰ্ড বনাম শ্যাম কুমাৰ, তানিলনাডু চৰকাৰ বনাম এ কালাইমনি আদি একাধিক গোচৰৰ ৰায়ৰ উদ্ধৃতি দাঙি ধৰি বিশ্লেষণ আগবঢ়াই কয়– ‘এ পি এছ চিৰ পৰীক্ষাত ব্যাপকভাৱে সংঘটিত অনিয়মৰ ক্ষেত্ৰত প্ৰতিকাৰমূলক হিচাপে কি পদক্ষেপ হাতত ল’ব সেয়া ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰশীল৷
এইটো মনত ৰাখিব লাগিব যে যদিহে এ পি এছ চিৰ প্ৰতি জনসাধাৰণৰ আস্থা ঘূৰাই অনা নহয়, তেনেহ’লে প্ৰতিষ্ঠানটো প্ৰকৃত সাংবিধানিক সংস্থা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিপজ্জনক হ’ব পাৰে৷ ন্যায়িক তদন্তত ২০১৩ বৰ্ষৰ পৰীক্ষাত বৃহৎ পৰিসৰৰ অনিয়ম, প্ৰৱঞ্চনা উন্মোচিত হৈছে৷ এইটোৱে স্বাভাৱিকভাৱেই সন্দেহৰ সৃষ্টি কৰিছে যে ৰাকেশ পালৰ আমোলত অনুষ্ঠিত সকলো পৰীক্ষাতে অনিয়ম ঘটিছে৷ যাৰ আভাস কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিয়ে স্পষ্ট কৰিছে৷ অধ্যক্ষ ৰাকেশ পালৰ অধীনত অনুষ্ঠিত প্ৰতিটো পৰীক্ষাক লৈ নেতিবাচক চিন্তা অহাটো স্বাভাৱিক৷ যেতিয়া বাছনি প্ৰক্ৰিয়াটোৱেই প্ৰৱঞ্চনা আৰু জালিয়াতিৰ ওপৰত প্ৰতিষ্ঠিত হয়, তেতিয়া ৰাজ্য প্ৰশাসনৰ মূল পদ দখল কৰা বাছনিভুক্ত প্ৰাৰ্থীসকলৰ ভৱিষ্যতৰ ভূমিকা কি হ’ব সেয়া অনুমান কৰিব পাৰি৷’ এ পি এছ চি পৰীক্ষাত ‘পদ্ধতিগত অনিয়ম’ সংঘটিত হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ আয়োগৰ দুয়োখন প্ৰতিবেদনতে অভিযুক্ত কোন প্ৰাৰ্থীয়ে কিমান নম্বৰ বৃদ্ধি কৰি বাছনি কৰিছিল তাৰ সবিশেষ উল্লেখ কৰাৰ লগতে একোটা এ পি এছ পদ ৫০ লাখ টকাত বিক্ৰী হোৱাৰ চাঞ্চল্যকৰ তথ্য সন্নিৱিষ্ট কৰিছে৷ এ পি এছ চিৰ চাকৰি বজাৰৰ দালাল ডাঃ মৃগেন শইকীয়াই আয়োগৰ ওচৰত দিয়া স্বীকাৰোক্তিত ২০১৪ বৰ্ষৰ পৰীক্ষাত এ পি এছৰ বাছনি লাভ কৰা গুলচান ডাওলাগাপুৰ হৈ শহুৰেক প্ৰদীপ নুনিচাই ৫০ লাখ টকা উৎকোচ দিয়াৰ চাঞ্চল্যকৰ তথ্য সন্নিৱিষ্ট হৈছে প্ৰতিবেদনত৷