Logo
image

বাদাম তেলে চুলি পকা ৰোধ কৰিব পাৰে

অকালতে চুলি পকাটো কোনেও কামনা নকৰে৷ কিন্তু আজি কালি ভেজাল খাদ্য আৰু অনিয়মীয়া জীৱন প্ৰণালীৰ বাবে বহুতৰে চুলি অকালতে অথবা কম বয়সতে পকিবলৈ ধৰা দেখিবলৈ পোৱা যায়৷ কিন্তু কিছুমান খাদ্যই চুলি পকা সমস্যা নিৰাময় কৰাত সহায় কৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্যই অকালতে চুলি পকা সমস্যা নিৰাময় কৰে–

(১) বাদামঃ আখৰুট, আমণ্ড বা যিকোনো ধৰণৰ বাদামত থাকে প্ৰচুৰ পৰিমাণৰ ক’পাৰ৷ চুলিৰ বাবে ক’পাৰ অতি উপকাৰী৷ সেয়ে অকালতে চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চুলিত বাদাম তেল ঘঁহিব পাৰে৷ 

(২) সেউজীয়া পাচলিঃ যিকোনো সেউজীয়া পাচলিত প্ৰচুৰ পৰিমাণে ফলিক এচিদ থাকে৷ ফলিক এচিদে চুলিৰ গুৰি মজবুত কৰাৰ লগতে চুলি পকা সমস্যা বন্ধ কৰাত সহায় কৰে৷ 


(৩) বুটঃ বুট মাহত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন বি-৯ বা ফলিক এচিদ থাকে৷ সেয়ে সদায় বুট খোৱা কৰক৷ নিতৌ বুট খালে চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাব৷

(৪) মুৰ্গীৰ মাংসঃ মুৰ্গীৰ মাংসত ভিটামিন বি-১২ আৰু ফলিক এচিদ থাকে৷ এই দুবিধ উপাদানে চুলি পকা বন্ধ কৰে৷

(৫) ছাগলীৰ লিভাৰঃ খাহী মাংসৰ লিভাৰ বা কলিজাত থকা ভিটামিন বি-১২ য়েও অকালতে চুলি পকা সমস্যা বন্ধ কৰাত সহায় কৰে৷ 

(৬) মিছামাছঃ মিছামাছ খালেও চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ মিছামাছত প্ৰচুৰ পৰিমাণে থাকে জিংক৷ এইবিধ উপাদানে চুলিৰ গুৰি মজবুত কৰে আৰু অকালতে চুলি পকা সমস্যা বন্ধ কৰাত সহায় কৰে৷