Logo
image

নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মাতৃ, সাংস্কৃতিক কর্মী প্ৰমদা দেৱীৰ বিয়োগ

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ২১ ফেব্ৰুৱাৰীঃ মাতৃহাৰা হ'ল নাট্যকাৰ,পৰিচালক,গীতিকাৰ অভিজিত ভট্টাচাৰ্য। শুকুৰবাৰে পুৱা ৭.৩০ বজাত গুৱাহাটীৰ মালিগাঁও জয়ানগৰ নামঘৰ পথস্থিত নিজ বাসগৃহত তেওঁৰ মাতৃ প্ৰমদা দেৱীয়ে ইহসংসাৰ ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। দীৰ্ঘদিন ধৰি হৃদৰোগ জনিত বেমাৰত ভুগি আছিল প্ৰমদা দেৱী। উল্লেখ্য, নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ৰচিত প্ৰতিখন নাটকৰ প্ৰথমজন শ্ৰোতা আছিল প্ৰমদা দেৱী। অৰ্থাৎ নাটক এখন লিখি অভিজিত ভট্টাচাৰ্যই প্ৰথমতে তেওঁৰ মাকক গাই শুনাইছিল। প্ৰমদা দেৱী আছিল বিশিষ্ট নাট পৰিচালক, গীতিকাৰ, লেখক হেম ভট্টাচাৰ্যৰ পত্নী তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ এগৰাকী অগ্ৰণী কৰ্মী। মৃত্যুৰ সময়ত ইহসংসাৰত তেওঁ এৰি থৈ যায় একমাত্ৰ পুত্ৰ অভিজিত ভট্টাচাৰ্য, বোৱাৰী ড০ চন্দনা শৰ্মা আৰু জী-জোঁৱাইৰ লগতে নাতি-নাতিনীৰ উপৰি অগণন গুণমুগ্ধক। তেওঁৰ মৃত্যুত ভাৰতীয় জনতা পাৰ্টী, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইবাগৰাকী বিষয়ববীয়াৰ উপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ সমূহ প্ৰযোজক আৰু শিল্পী, কলা-কুশলীৰ লগতে আহ্বায়ক সমিতি সমূহেও গভীৰ শোক প্ৰকাশ কৰিছে।


আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক তথা অসম সৌৰভ কৃষ্ণ ৰয়, জনপ্ৰিয় অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰ, জনপ্ৰিয় অভিনেতা যতীন বৰা, উৎপল দাস, প্ৰসেনজিৎ বৰা, সঞ্জীৱ শৰ্মা, ডেষ্টিনীৰ স্বত্বাধিকাৰী ধ্ৰুৱজিত কলিতা, বিশিষ্ট নাট্যকাৰ-পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মা, ইতিহাস থিয়েটাৰৰ প্ৰযোজক সুভাষ চন্দ্ৰ দাস, ৰাজতিলক থিয়েটাৰৰ মুখ্য পৃষ্ঠপোষক তথা বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, থিয়েটাৰ সূৰ্য্যৰ প্ৰযোজক মুনীন্দ্ৰ বৰ্মন, বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলাম, হেঙুল থিয়েটাৰৰ প্ৰযোজক সংকল্পজিৎ হাজৰিকা, থিয়েটাৰ ভাগ্যদেৱীৰ প্ৰযোজক সুবোধ মজুমদাৰ, ৰাজমুকুট থিয়েটাৰৰ প্ৰযোজক মানস কলিতা, লুইতপৰীয়া থিয়েটাৰৰ প্ৰযোজক সানচোৰাং বসুমতাৰী, অভিনেতা যোগেশ কাশ্যপ, সুকুমাৰ বৰ্মন, নাট্যকাৰ ভাস্কৰজ্যোতি শৰ্মা, গিৰিধনপ তালুকদাৰ, তগৰ সাংস্কৃতিক গ্ৰুপ আদিৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ গণ্য মান্য ব্যক্তি সকলে বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।