
বায়’পিকত গাংগুলীৰ চৰিত্ৰত ৰাজকুমাৰ ৰাও
টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰাক্তন সভপতি সৌৰভ গাংগুলীৰ জীৱনৰ আধাৰত ছবি নিৰ্মাণৰ বিষয়টোক লৈ বিগত দুবছৰ ধৰি চৰ্চা চলি আছিল৷ ‘প্ৰিন্স অৱ কলকাতা’ গাংগুলীৰ ভূমিকাত ৰনবীৰ কাপুৰে অভিনয় কৰিব বুলি ৰাষ্ট˜ীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল৷ ৰনবীৰৰ লগতে আয়ুষ্মান খুৰানা আৰু বিকী কৌশলৰ নামো চৰ্চালৈ আহিছিল৷ কিন্তু পাছত জানিব পৰা গৈছিল যে প্ৰযোজকগোষ্ঠীয়ে বিভিন্ন কাৰণত ৰনবীৰ আৰু বিকী কৌশলৰ সৈতে চুক্তি সম্পাদন কৰিব পৰা নাছিল৷
শেহতীয়া খবৰ মতে, গাংগুলীৰ বায়’পকৰ মুখ্য চৰিত্ৰত দেখা যাব ৰাজকুমাৰ ৰাৱক৷ সকলো ঠিকে থাকিলে জুলাই মাহৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰা হ’ব৷ লাভ ফিল্মছৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া ছবিখন পৰিচালনাৰ দায়িত্বত থাকিব বিক্ৰমাদিত্য মোতৱানে৷ প্ৰযোজক গোষ্ঠীয়ে জনোৱা মতে, ছবিখনৰ মুখ্য চৰিত্ৰটোৰ বাবে ৰাজকুমাৰ ৰাৱৰ নামত সন্মতি জনাইছে গাংগুলীয়ে৷ ছবিখনৰ চিত্ৰনাট্য প্ৰস্তুতিৰ কাম অন্তিম পৰ্যায়ত আছে৷ আন এটা খবৰ অনুসৰি সৌৰভ গাংগুলীৰ পত্নী ডোনাৰ চৰিত্ৰত অভিনয় কৰিব পাৰে তৃপ্তি ডিমৰিয়ে৷ সৌৰভ-ডোনাৰ কন্যা ছানা গাংগুলীৰ ইচ্ছা অনুযায়ী মুখ্য মহিলা চৰিত্ৰটোৰ বাবে তৃপ্তিৰ কথা ভবা হৈছে৷