Logo
image

বয়স মাত্ৰ ১০ বছৰ, কিন্তু মাহিলি উপাৰ্জন ১৮কোটি

আমাৰ অসম, ৯ এপ্ৰিলঃ বিশ্বাস কৰকেই বা নকৰক এটি দহ বছৰীয়া শিশুৰ মাহিলী উপাৰ্জন ১৮ কোটি টকা৷ সাধাৰণভাৱে পঢ়াশুনা, খেলাধূলা কৰাৰ বয়সতেই মুকেশ আম্বানিহঁতৰ দৰেই ধনাঢ্য লোকৰ নিচিনা এই শিশুটোৱে মাহিলী উপাৰ্জন কৰে কোটি কোটি টকা৷ শিশুটিৰ নাম হ’ল– ৰায়ন কাজী৷ ৰায়নে ইউটিউবৰ জৰিয়তে উপাৰ্জন কৰে মাহিলী ১৮ কোটি৷ ২০১৫ চনতে আৰম্ভ কৰা ৰায়নৰ ইউটিউবত আছে অসংখ্য অনুৰাগী৷ প্ৰথমে অন্য শিশুৰ দৰে ভিডিঅ’ চাই নিজেও তেনে কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰাত ৰায়নক মাতৃয়ে ইউটিউবত খুলি দিছিল এটা একাউণ্ট৷ সেই একাউণ্টটোত ৰায়নে খেলা সামগ্ৰীসমূহৰ ৰিভিউ দিয়ে আৰু আনবস্কিং কৰে৷ ৰায়নৰ কথনশৈলী সুন্দৰ হোৱাত কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে৷ ২০১৫ চনত খোলা সেই ইউটিউব একাণ্টটোৰ জৰিয়তে ২০১৮, ২০১৯ আৰু ২০২০ চনত ৰায়নে ইউটিউবত সকলোতকৈ অধিক উপাৰ্জনকাৰী হিচাপে পৰিগণিত হয়৷ ৰায়ন আমেৰিকাৰ টেক্সাচ নিবাসী৷ ২০২০ চনত ৰায়নে ইউটিউবৰ পৰা ২৯.৫ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছিল, যিটো ভাৰতীয় হিচাপত ২২১ কোটি টকা৷