Logo
image

ঘৰতে মহাশিৱৰাত্ৰি পূজা কেনেকৈ কৰিব?

অহা ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি। আপুনি ঘৰতে শিৱৰাত্ৰি পূজা অনুষ্ঠিত কৰাৰ কথা ভাবিছে নেকি? কিন্তু ঘৰত শিৱৰাত্ৰি পূজা কৰাৰ নিয়মসমূহ সঠিকভাৱে জানেনে? ঘৰত কিদৰে শিৱৰাত্ৰি পূজা অনুষ্ঠিত কৰিব লাগে সেই সম্পৰ্কে জানিবলৈ দিয়ে জ্যোতিষী ড০ পৰশমণি শৰ্মাই। তেওঁ উল্লেখ কৰা অনুসৰি, মহাশিৱৰাত্ৰি ভগৱান শিৱৰ উপাসনা কৰাৰ এক বিশেষ পবিত্ৰ দিন। সিদিনা ভক্তসকলে উপবাস ৰাখি, ৰাতিপুৱা আৰু নিশা শিৱ পূজা কৰে। যদি আপুনি নিজৰ ঘৰত মহাশিৱৰাত্ৰি পূজা কৰিব বিচাৰে, তেন্তে তলত দিয়া নিয়ম আৰু পদ্ধতি অনুসৰণ কৰি ভগৱান শিৱৰ কৃপা লাভ কৰিব পাৰিব।

মহাশিৱৰাত্ৰি পূজাৰ বিধিঃ

১) প্ৰাতঃস্নান আৰু সংকল্প গ্ৰহণঃ মহাশিৱৰাত্ৰি দিনা গধূলি পূৰ্বে স্নান কৰি শুচি হোৱা উচিত। পৰিষ্কাৰ কাপোৰ পৰিধান কৰি উপবাসৰ সংকল্প লওক আৰু ঘৰৰে মন্দিৰত ভগৱান শিৱৰ পূজা আৰম্ভ কৰক।

২) সঠিক দিশত বহি পূজা কৰকঃ পূজা কৰাৰ সময়ত নিশ্চিত কৰক যে আপোনাৰ মুখমণ্ডল পূৱ বা উত্তৰ দিশলৈ থকা আছে। এই দিশত পূজা কৰিলে অধিক শুভ ফল প্ৰাপ্ত হয়।

৩) মন্ত্ৰ জপ কৰকঃ মহাশিৱৰাত্ৰি দিনা “ॐ নমঃ শিৱায়” মন্ত্রটো ন্যূনতম ১০৮ বাৰ জপ কৰা উচিত। এইটো ভগৱান শিৱক সন্তুষ্ট কৰাৰ আটাইতকৈ সহজ আৰু পবিত্ৰ উপায়।

৪) উপবাস পালন কৰকঃ এই পবিত্ৰ দিনটোত উপবাস পালন কৰাটো শুভ। যদি সম্ভৱ হয় সম্পূৰ্ণ দিনটো নিৰ্জলা উপবাস ৰাখিব পাৰে। যদি অসুবিধা হয় তেন্তে গাখীৰ,ফল বা ৰস গ্ৰহণ কৰিব পাৰে।

৫) গধূলি পুনৰ স্নান কৰি পূজা কৰকঃ সন্ধিয়া পুনৰ স্নান কৰি নিজৰ ঘৰৰে মন্দিৰত ভগৱান শিৱ আৰু শিৱলিঙ্গৰ পূজা কৰক।


পূজাৰ পদ্ধতিঃ

- পূজা আৰম্ভ কৰাৰ পূৰ্বে গণেশ দেৱৰ পূজা কৰক, তাৰ পিছতেই শিৱ দেৱৰ পূজা আৰম্ভ কৰক।

- শিৱলিঙ্গক গংগা জল, গাখীৰ, দৈ, মধু, ঘিঁউ আৰু পানীৰে স্নান কৰাওক, যাক পঞ্চামৃত স্নান বোলা হয়।

- তাৰ পিছত বেলপাত, ধতুৰা, ভাং, ফুল, চন্দন, চাউল আৰু অন্যান্য পূজাৰ সামগ্ৰী উৎসৰ্গা কৰক।

- শিৱলিঙ্গত তুলসী পাত অৰ্পণ কৰা নিষিদ্ধ।

- চেনি, নিমখ বা হলধি শিৱলিঙ্গত নিবেদন নকৰিব।

- পূজাৰ অন্তত ভগৱান শিৱৰ আঠটা নাম জপ কৰক। ভগৱান শিৱৰ এই আঠটা নাম উচ্চাৰণ কৰক – ভৱ, শৰ্ব, ৰুদ্ৰ, পশুপতি, উগ্ৰ, মহান, ভীম আৰু ঈশান। আৰু ফুল উৎসৰ্গা কৰক।

- আৰতি আৰু পৰিক্ৰমা কৰক। পূজাৰ অন্তত শিৱ দেৱৰ আৰতি কৰক আৰু শিৱলিঙ্গৰ তিনিবাৰ পৰিক্ৰমা কৰক। পৰিক্ৰমা কৰাৰ সময়ত ভগৱান শিৱৰ ধ্যান কৰক আৰু তেওঁৰ আশীৰ্বাদ বিচাৰক।

উপসংহাৰঃ

মহাশিৱৰাত্ৰি দিনা নিৰ্ভুল উপায়ত পূজা আৰু উপবাস পালন কৰিলে ভগৱান শিৱৰ আশীৰ্বাদ লাভ হয়। ই জীৱনৰ সকলো দুখ-দুৰ্দশাৰ অন্ত কৰে আৰু সু-সমৃদ্ধি কঢ়িয়াই আনে। যদি সম্ভৱ সিদিনা নিশা জাগি শিৱ মহিমাৰ কীৰ্তন কৰা উচিত। এই পবিত্ৰ দিনটো ভগৱান শিৱৰ ভক্তসকলৰ বাবে অত্যন্ত শুভ আৰু কল্যাণকাৰী।