Logo
image

চেম্পিয়ন্‌ছ ট্ৰফীৰ পৰা বিদায় ইংলেণ্ডৰ

লাহোৰ, ২৫ ফেব্ৰুৱাৰীঃ পাকিস্তান আৰু বাংলাদেশৰ পাছত চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলৰ পূৰ্বেই বিদায় ল’বলগীয়া হ’ল ইংলেণ্ডে৷ বুধবাৰৰ গ্ৰুপ ‘বি’ৰ খেলখনত ইব্ৰাহিম জেদৰানৰ শতকৰ পাছত আজমাতুল্লা অ’মাৰজাইৰ পাঁচটা উইকেটৰ সহায়েৰে ইংলেণ্ডক আঠ উইকেটত পৰাস্ত কৰি ছেমিফাইনেলৰ সম্ভাৱনা জীয়াই ৰাখিলে আফগানিস্তানে৷ খেলখনত ইংলেণ্ডক জয়ৰ বাবে প্ৰয়োজন আছিল ৩২৬ ৰান৷ জো ৰুটে ১১১টা বলত এটা ‘ছয়’, ১১টা ‘চাৰি’ৰে ১২০ ৰানৰ অৱদান আগবঢ়া যদি তেওঁৰ সেই প্ৰচেষ্টা সত্ত্বেও দলটোৰ শেষ ৰক্ষা নহ’ল৷ ৪৯.৫ অভাৰত ৩১৭ ৰানত ইংলেণ্ডে সকলো উইকেট হেৰুৱায়৷ ৰুটৰ শতকীয় ইনিংছটোৰ উপৰি ইংলেণ্ডৰ ইনিংছত জোছ বাটলাৰে ৪২টা বলত দুটা ‘ছয়’ৰে ৩৮, বেন ডাকেটে ৪৫টা বলত চাৰিটা ‘চাৰি’ৰে ৩৮, জেমী অভাৰটনে ২৮টা বলত তিনিটা ‘চাৰি’ৰে ৩২, হেৰী ব্ৰুকে ২৫, জফ্ৰা  আৰ্চাৰে ১৪ ৰান সংগ্ৰহ কৰে৷ আফগানিস্তানৰ আজমাতুল্লা অমাৰজায়ে ৫৮ ৰানত পাঁচটা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ নবীয়ে ৫৭ ৰানত দুটা আৰু ফজলহক ফাৰুকী, ৰছিদ খান, গুলবাদিন নাইবে এটাকৈ উইকেট লাভ কৰে৷


টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা আফগানিস্তানৰ ইনিংছত মুখ্য বৰঙণি আছিল অ’পেনাৰ ইব্ৰাহিম জেদৰানৰ৷ আফগানিস্তানে ইনিংছৰ ৭.৫ অভাৰত ৩৭ ৰানত হেৰুৱাইছিল ৰহমতুল্লা গুৰবাজ (৬), ছেদিকুল্লা অটল (৪) আৰু ৰহমত শ্বাহৰ (৪) উইকেট৷ তাৰ পাছত জেদৰান আৰু  অধিনায়ক হছমতুল্লা শ্বাহিদীয়ে চতুৰ্থ উইকেটত ১০৩ ৰান যোগ দি দলৰ স্ক’ৰ ১৪০ ৰানলৈ  আগবঢ়াই নিছিল৷ ৬৭টা বলত তিনিটা ‘চাৰি’ৰে শ্বাহিদী ব্যক্তিগত ৪০ ৰানত আউট হোৱাৰ পাছত জেদৰানে আজমাতুল্লা অমাৰজাইৰ সৈতে পঞ্চম উইকেটত ৭২ আৰু মহম্মদ নবীৰ সৈতে ষষ্ঠ উইকেটত ১১১ ৰান যোগ দি আফগানিস্তানক শক্তিশালী স্থিতিত উপনীত কৰায়৷ ৫০ অভাৰত সাতটা উইকেট হেৰুৱাই ৩২৫ ৰান সংগ্ৰহ কৰে আফগানিস্তানে৷ চলিত টুৰ্নামেণ্টখনত সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ কৰা জেদৰানে ১৪৬টা বলত ছটা ‘ছয়’, ১২টা ‘চাৰি’ৰে ১৭৭  ৰানৰ অৱদান আগবঢ়ায়৷ আনহাতে, আজমাতুল্লা অমাৰজায়ে ৩১টা বলত তিনিটা ‘ছয়’, এটা ‘চাৰি’ৰে ৪১ আৰু মহম্মদ নবীয়ে ২৪টা বলত তিনিটা ‘ছয়’, দুটা ‘চাৰি’ৰে ৪০ ৰান সংগ্ৰহ কৰে৷ ইংলেণ্ডৰ জফ্ৰা আৰ্চাৰে ৬৪ ৰানত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে লিয়াম লিভিংষ্টোনে ২৮ ৰানত দুটা আৰু জেমী অভাৰটন, আদিল ৰছিদে এটাকৈ উইকেট লাভ কৰে৷