Logo
image

গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিব আন্তঃৰাষ্ট্ৰীয় শিল্পী এলান ৱাকাৰে

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ২৭ ফেব্ৰুৱাৰীঃ  আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এলান ৱাকাৰে ২০২৪ চনৰ অক্টোবৰ মাহত ৯খন চহৰ সামৰি কৰা ৱাকাৰৱৰ্ল্ড ভ্ৰমণৰ পিছত স্পেচবাউণ্ডৰ সহযোগিতাত ভাৰতলৈ মহাপ্ৰত্যাৱৰ্তনৰ পৰিকল্পনা কৰিছে। এইবাৰ এপ্ৰিল মাহত ভাৰতৰ চাৰিখন নতুন চহৰলৈ প্ৰথমবাৰৰ বাবে তেওঁৰ স্বকীয় শব্দ আৰু বিদ্যুৎ সঞ্চাৰিত সুৰধ্বনিৰ স্ৰোত বোৱাই নিবলৈ সাজু হৈছে! ১,৬০,০০০তকৈয়ো অধিক অনুৰাগীৰ সাক্ষ্য বহনকাৰী ৱাকাৰৱৰ্ল্ড ট্যুৰৰ জৰিয়তে অভিলেখ সৃষ্টি কৰাৰ পিছত ৱাকাৰে এতিয়া গুৱাহাটী, ভুৱনেশ্বৰ, হায়দৰাবাদ আৰু জয়পুৰত সুৰৰ মায়াজালেৰে সকলোকে মুহি এক অবিস্মৰণীয় লাইভ অভিজ্ঞতা প্ৰদান কৰাৰ যো-জা চলাইছে।


দ্য এলান ৱাকাৰ: ৱাকাৰৱৰ্ল্ড ইণ্ডিয়া ট্যুৰ ১৭ এপ্ৰিলত গুৱাহাটীত আৰম্ভ হৈ ১৮ এপ্ৰিলত হায়দৰাবাদ, ১৯ এপ্ৰিলত ভুৱনেশ্বৰ আৰু ২০ এপ্ৰিলত জয়পুৰত সমাপ্ত হ'ব। শুক্ৰবাৰ, ২৮ ফেব্ৰুৱাৰীত ভাৰতীয় সময়মতে দুপৰীয়া ১২ বজাৰ পৰা ভাৰতৰ আগশাৰীৰ মনোৰঞ্জনস্থলী বুকমাইশ্ব'ত টিকট বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হ’ব। উল্লেখযোগ্য যে টিকটৰ মূল্য মাত্ৰ ৯৯৯ টকাৰ পৰা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে। স্পেচবাউণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া কৰণ সিঙে কয়, "এলান ৱাকাৰৰ ৱাকাৰৱৰ্ল্ড ভ্ৰমণে আমাৰ বজাৰত আন্তৰ্জাতিক শিল্পীসকলৰ বাবে সম্ভাৱনাৰ এখন বিশাল আকাশ প্ৰদৰ্শিত কৰিছে।"