
এন্দ্ৰিকৰ গ’লেৰে ছ’চিয়েদাদক হৰুৱালে ৰিয়েল মাদ্ৰিদে
নতুন দিল্লী, ২৭ ফেব্ৰুৱাৰীঃ কোপা ডেল ৰে’ৰ ছেমিফাইনেল প্ৰথম লেগৰ খেলত বুধবাৰে ৰিয়েল ছ’চিয়েদাদৰ বিৰুদ্ধে কোনো মতেহে জয় অৰ্জন কৰিছে ৰিয়েল মাদ্ৰিদে৷ খেলখনত ৰিয়েল মাদ্ৰিদে জয় অৰ্জন কৰে ৰ-ঙ্ম গ’লত৷ সমগ্ৰ মেচখনৰ অধিক সময় ৰিয়েল মাদ্ৰিদ বিবৰ্ণ আছিল৷ দলটোৰ হৈ একমাত্ৰ গ’লটো দিয়ে ব্ৰাজিলিয়ান তৰুণ এন্দ্ৰিকে৷ দাঁতৰ সমস্যাৰ বাবে মেচখনত খেলিব পৰা নাছিল ৰিয়েলৰ ফৰাচী তাৰকা কীলিয়ান এমবাপেই৷ তেওঁৰ অনুপস্থিতিত দলৰ আক্ৰমণ বিভাগ দুৰ্বল হয়৷
ভিনিচিয়াছ জুনিয়ৰৰ নেতৃত্বত খেলিবলৈ নমা ৰিয়েলে প্ৰথম সুযোগ লাভ কৰে ১৯ মিনিটত৷ জুডে বেলিংহামৰ পৰা লাভ কৰা বল নিয়ন্ত্ৰণলৈ আনি গ’ল দিয়ে এন্দ্ৰিকে৷ ২৮ মিনিটত দলটোৱে এটা সুন্দৰ সুযোগ হেৰুৱাই৷ বেলিংহামৰ পাছ বক্সৰ ভিতৰত লাভ কৰিলেও গ’লৰক্ষকক পৰাস্ত কৰিব নোৱাৰিলে ভিনিচিয়াছে৷ ৪৩ মিনিটত ছ’চিয়েদাদৰ আক্ৰমণ প্ৰতিহত কৰে ৰিয়েল মাদ্ৰিদৰ গ’লৰক্ষকে৷ বিৰতিৰ পাছত দলটোৰ আন এক আক্ৰমণ ব্যৰ্থ হয়৷ ইয়াৰ পাছত এন্দ্ৰিকৰ শ্বট গ’লবাৰত লাগি উভতি আহে৷ শেষ মুহূৰ্তকৈ কোনো দলেই অধিক গ’ল কৰিব নোৱাৰিলে৷ ছেমিফাইনেল দ্বিতীয় লেগত এক এপ্ৰিলত ঘৰুৱা খেলপথাৰত ছ’চিয়েদাদৰ সন্মুখীন হ’ব ৰিয়েল মাদ্ৰিদ৷