
গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় ল’লেও পাকিস্তানে পালে কোটি টকা
নতুন দিল্লী, ২৭ ফেব্ৰুৱাৰীঃ চলিত আই চি চি চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় ল’লে পাকিস্তানে৷ দীঘলীয়া সময়ৰ পাছত পাকিস্তানে আই চি চি প্ৰতিযোগিতা আয়োজনৰ সুযোগ লাভ কৰিছে৷ দলটোৰ পৰা অনুৰাগীসকলে যথেষ্ট আশা কৰিছিল৷ কিন্তু নিৰাশাজনকভাৱে এখনো মেচত জয় অৰ্জন নকৰাকৈয়ে প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় ল’লে পাকিস্তানে৷ প্ৰতিযোগিতাৰ প্ৰথম মেচত নিউজীলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পাছত দ্বিতীয় মেচত দলটো চিৰন্তন প্ৰতিদ্বন্দ্বী ভাৰতৰ হাতত পৰাস্ত হয়৷ নিউজীলেণ্ডে বাংলাদেশক পৰাস্ত কৰাৰ পাছত পাকিস্তানৰ চেম্পিয়নছ ট্ৰফীৰ পৰা বিদায় নিশ্চিত হয়৷ দলটোৰ গ্ৰুপ পৰ্যায়ৰ অন্তিম মেচ আছিল বৃহস্পতিবাৰে বাংলাদেশৰ বিৰুদ্ধে৷
কিন্তু বৰষুণৰ বাবে মেচখন বাতিল হয়৷ তিনিখন মেচৰ পৰা এক পইণ্ট লাভ কৰি গ্ৰুপ ‘এ’ৰ অন্তিম দল হিচাপে অভিযান সামৰে পাকিস্তানে৷ গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় লোৱা পাকিস্তানে প্ৰতিযোগিতাখনৰ পৰা লাভ কৰিলে ২৬৫,০০০ ডলাৰ [প্ৰায় ২.৩ কোটি টকা]৷ আয়োজক দেশ হিচাপে প্ৰতিযোগিতাখনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই বিদায় লোৱাৰ পাছত পাকিস্তানে ভৱিষ্যতে আই চি চি প্ৰতিযোগিতা আয়োজনৰ চৰ্ত লাভৰ ক্ষেত্ৰতো সন্দেহৰ সৃষ্টি হৈছে৷