
চেম্পিয়নছ ট্ৰফীত ভাৰতে অনৈতিক সুবিধা পাইছে নেকি?
চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তান ভ্ৰমণ নকৰাৰ সিদ্ধান্ত লোৱাৰ পৰিপ্ৰেক্ষিতত টুৰ্নামেণ্টখন হাইব্ৰিড ম’ডেলত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু সেই অনুসৰি ভাৰতৰ খেলবোৰ অনুষ্ঠিত কৰা হৈছে ডুবাইত৷ এই বিষয়টো লৈ একাংশ সমালোচনাত সৰৱ হৈপৰিছে৷ এইসকলৰ ভিতৰত অন্যতম হৈছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ধাৰাভাষ্যকাৰ নাছেই হুছেইন আৰু মাইক আথাৰটন৷ এই সন্দৰ্ভত আথাৰটনৰ মন্তব্য হৈছে যে ভাৰতে যে অধিক সুবিধা পাইছে, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি৷ ভাৰতীয় দলে একেখন ষ্টেডিয়ামতে খেলাৰ সুযোগ পাইছে৷ দলটোৱে আন ঠাইলৈ যাবলগীয়া হোৱা নাই৷ তাৰ বিপৰীতে আন দলবোৰে দুখন দেশ ভ্ৰমণ কৰিবলগীয়া হৈছে৷ কোনখন ঠাইত খেলিব সেই কথা ভাৰতীয় দলে পূৰ্বৰ পৰাই জানে আৰু সেইমতে মূল একাদশ নিৰ্বাচন কৰিব পাৰিছে৷ ছেমিফাইনেল ক’ত খেলিব সেই বিষয়েও দলটোৱে জানে৷ আথাৰটনৰ মন্তব্যৰ সমৰ্থনত হুছেইনে কয় যে টুৰ্নামেণ্টখনত যেন ভাৰতীয় দলে ঘৰুৱা পৰিৱেশত খেলাৰ সুযোগ পাইছে৷ দলটো আছে একেখন চহৰৰ একেখন হোটেলতে৷ ষ্টেডিয়ামো একেখন, ড্ৰেছিং ৰুমো একেটা৷ ডুবাইৰ পিটচ কেনে হ’ব সেই বিষয়ে দলটোৱে আগৰ পৰাই জানে৷
সেই অনুসৰি মূল একাদশ নিৰ্বাচন কৰিব পাৰে৷ ভাৰতীয় দলত পাঁচজন স্পিনাৰ কিয় ৰখা হৈছে, তাক লৈ প্ৰশ্ন উঠিছিল৷ সেই কথা এতিয়া সকলোৱে বুজি পাইছে৷ টুৰ্নামেণ্টখনৰ গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় লোৱা পাছত ইংলেণ্ড ক্ৰিকেট দলটোৰ সদস্যসকলেও এনেধৰণৰ কথাকে উত্থাপন কৰিছে৷ ইংলেণ্ডৰ এনেধৰণৰ অভিযোগৰ প্ৰত্যুত্তৰত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ ৱেংসৰকাৰে কয় যে ইংলেণ্ডৰ ক্ৰিকেটাৰৰ এনেধৰণৰ অভিযোগ নতুন কথা নহয়৷ প্ৰদৰ্শন আশানুৰূপ নহ’লেই দলটোৱে অযথা কিছুমান কথা লৈ হুলস্থূলৰ সৃষ্টি কৰে৷ এই সন্দৰ্ভত ৱেংসৰকাৰে কয় যে ক্ৰিকেটত পিটত আৰু পৰিৱেশ দুয়োটা দলৰ ক্ষেত্ৰত একেই থাকে৷ এনে নহয়, যে খেলপথাৰত এটা দলহে অৱতীৰ্ণ হয়৷ স্পিনাৰৰ সহায়ক পিটচত বিপক্ষ দলৰ ভাল স্পিনাৰ থাকিলে তেওঁলোকৰো জয় হ’ব৷ পেচ বলাৰৰ সহায়ক পিটচতো একে কথাই প্ৰযোজ্য হ’ব৷ পিটচ দুয়োটা দলৰ ক্ষেত্ৰতে একেই হয়৷ এটা দলৰ বাবে সুকীয়াকৈ পিটচ প্ৰস্তুত কৰা নহয়৷ প্ৰকৃত কথাটো হৈছে যে ভাৰতীয় দলে প্ৰতিটো বিভাগতে ভাল খেল দেখুৱাইছে আৰু ফলো তেনেদৰে পাইছে৷ যিকেইটা দলে আশানুৰূপ প্ৰদৰ্শন দেখুৱাব পৰা নাই, তেওঁলোকে কেতবোৰ অযুক্তিকৰ কথাৰে বিতৰ্কৰ সৃষ্টি কৰিব বিচাৰিছে৷ ৱেংসৰকাৰৰ মন্তব্যৰ সমৰ্থনত ১৯৮৩ চনৰ বিশ্বকাপজয়ী ভাৰতীয় দলৰ অধিৱনায়ক কপিল দেৱেও এইবাৰৰ চেম্পিয়নছ ট্ৰফীত যোগ্য দল হিচাপেই ভাৰত ছেমিফাইনেলত উপনীত হোৱা বুলি উল্লেখ কৰে৷