Logo
image

ভাৰতীয় উপ-মহাদেশত বাৰম্বাৰ ব্যৰ্থ ইংলেণ্ড

ভাৰতত অনুষ্ঠিত ২০২৩ চনৰ ৫০ অভাৰৰ বিশ্বকাপেই হওক অথবা ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী, ইংলেণ্ড ব্যৰ্থ হৈছে বাৰম্বাৰ৷ ৫০ অভাৰৰ বিশ্বকাপত গ্ৰুপ পৰ্যায়তে বাহিৰ হৈছিল ইংলেণ্ড৷ একেদৰে চেম্পিয়নছ ট্ৰফীতো দলটোৱে বিদায় ল’লে গ্ৰুপ পৰ্যায়তে৷ তাকো আফগানিস্তানৰ হাতত পৰাস্ত হৈ৷ ইংলেণ্ডৰ এই ব্যৰ্থতাত অৱশ্যে অকণো আচৰিত হোৱা নাই দেশখনৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু বৰ্তমানৰ ধাৰাভাষ্যকাৰ মাইকেল ভ’ন৷ তেওঁৰ মতে, ইংলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন আছিল আফগানিস্তানৰ৷ যোগ্য দল হিচাপেই জয়ী হৈছিল আফগানিস্তান৷ যদি ইংলেণ্ড দলটোৰ কথা কোৱা হয়, তেন্তে দেখা যাব যে বিগত কেইবা বছৰধৰি সীমিত অভাৰৰ ক্ৰিকেটত দলটোৰ প্ৰদৰ্শন সন্তোষজনক নহয়৷ ভাৰত উপমহাদেশৰ পৰিৱেশত ইংলেণ্ডৰ এই প্ৰদৰ্শনত আচৰিত হ’বলগীয়া একো নাই৷ ইয়াৰ পূৰ্বে ২০২৩ চনৰ বিশ্বকাপতো আফগানিস্তানৰ হাতত পৰাস্ত হৈছিল ইংলেণ্ড৷ আৰু এইবাৰ চেম্পিয়নছ ট্ৰফীত ৩২৬ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৩১৭ ৰানত ইনিংছ সামৰিবলগীয়া হৈছিল৷ চেম্পিয়ন ট্ৰফীত অষ্টে˜লিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ বেন ডাকেটে ১৪৩টা বলত খেলিছিল ১৬৫ ৰানৰ ইনিংছ৷


সেইটোৱে আছিল ইংলেণ্ডৰ লক্ষণীয় দিশ৷ উল্লেখ্য, এই ইংলেণ্ডেই স্বদেশত অনুষ্ঠিত ২০১৯ চনৰ বিশ্বকাপ জয় কৰিছিল৷ অৱশ্যে, সেই জয় আছিল বিতৰ্কিত৷ তাৰ পাছত অষ্ট্ৰেলিয়াত অনুষ্ঠিত ২০২২ চনৰ টুৱেণ্টী২০ বিশ্বকাপতো চেম্পিয়ন হৈছিল৷ কিন্তু তাৰ পাছত দুখনকৈ আই চি চি টুৰ্নামেণ্টৰ গ্ৰুপৰ পৰ্যায়ৰ দেওনা পাৰ হ’ব নোৱাৰিলে৷ সেই দুয়োখন টুৰ্নামেণ্ট অনুষ্ঠিত হৈছে ভাৰত উপ মহাদেশত৷ তাৰ মাজতে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত টুৱেণ্টী২০ বিশ্বকাপৰ ছেমিফাইনেলত উপনীত হৈছিল যদিও অন্তিম চাৰিৰ প্ৰতিদ্বন্দ্বিতাত ভাৰতৰ হাতত পৰাস্ত হৈ বিদায় ল’বলগীয়া হৈছিল৷ চেম্পিয়নছ ট্ৰফীত ইংলেণ্ডৰ ব্যৰ্থতা সন্দৰ্ভত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীয়ে কয় যে ভাৰত উপ মহাদেশৰ উইকেটক হয়তো ইংলেণ্ডৰ ক্ৰিকেটাৰে সহজভাৱে লৈছে৷  এই ভুলৰ পৰা শিক্ষা ল’ব পাৰিলেই দলটোৰ প্ৰদৰ্শন উন্নত হ’ব৷ উল্লেখ্য, চেম্পিয়নছ ট্ৰফীত অভিযান আৰম্ভ কৰাৰ পূৰ্বে ভাৰতত অনুষ্ঠিত তিনিখন খেলৰ এদিনীয়া শৃংখলাত হোৱাইট ৱাশ্বৰ সন্মুখীন হৈছিল ইংলেণ্ড৷ চেম্পিয়নছ ট্ৰফীত শোচনীয় প্ৰদৰ্শনৰ পাছত ইংলেণ্ডৰ সীমিত অভাৰৰ দলৰ নেতৃত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে জোছ বাটলাৰে৷