
এদিনীয়া ৰেংকিঙত এটা স্থানৰ উত্তৰণ কোহলিৰ
ডুবাই, ৫ মাৰ্চঃ চলিত চেম্পিয়নছ ট্ৰফীত নিজৰ দ্বিতীয়টো শতক সম্পূৰ্ণ কৰাত সফল হ’ব নোৱাৰিলেও মঙলবাৰে অষ্টে্ৰলিয়াৰ বিৰুদ্ধে প্ৰথমখন ছেমিফাইনেলত ৯৮টা বলত খেলা ৮৪ ৰানৰ ইনিংছটোৰ সুফল পালে বিৰাট কোহলিয়ে৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ এদিনীয়া ক্ৰিকেটৰ নৱতম ৰেংকিঙত এটা স্থানৰ উত্তৰণেৰে চতুৰ্থ স্থানত উপনীত হৈছে ভাৰতীয় বেটাৰজন৷ এইক্ষেত্ৰত তেওঁ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক চেৰপেলাই যায়৷ ৰোহিত আছে পঞ্চম স্থানত৷
উল্লেখ্য, চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে এদিনীয়া ৰেংকিঙত কোহলিৰ স্থান আছিল ষষ্ঠ৷ বাংলাদেশৰ বিৰুদ্ধে গ্ৰুপৰ প্ৰথমখন খেলত তেওঁ ৰান নাপালেও পাকিস্তানৰ বিৰুদ্ধে ১১১টা বলত ১০০ ৰানৰ অপৰাজিত ইনিংছ খেলি তেওঁ পঞ্চম স্থানত উপনীত হৈছিল৷ সেইবাৰ তেওঁ পিছ পেলাইছিল নিউজীলেণ্ডৰ ডেৰিল মিচেলক৷ মঙলবাৰে খেলা ইনিংছটোৰ পাছত কোহলিৰ ৰেটিং পইণ্ট হয়গৈ ৭৪৭৷ শেহতীয়া ৰেংকিঙত শীৰ্ষৰ তিনিটা স্থানত আছে ক্ৰমে ভাৰতৰ শুভমন গীল (৭৯১ পইণ্ট), পাকিস্তানৰ বাবৰ আজম (৭১০ পইণ্ট) আৰু দক্ষিণ আফ্ৰিকাৰ হেনৰিচ ক্লাছেন (৭৬০ পইণ্ট)৷ চেম্পিয়নছ ট্ৰফীত মঙলবাৰৰ খেলখনলৈকে বিৰাট কোহলিৰ সংগ্ৰহ ২৭০ ৰান আৰু ছেমিফাইনেল পৰ্যন্ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰৰ তালিকাত তেওঁ আছে চতুৰ্থ স্থানত৷