Logo
image

ৰাচীন, উইলিয়ামছনৰ শতকেৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজীলেণ্ড

লাহোৰ, ৫ মাৰ্চঃ  আকৌ এবাৰ ‘চকাৰ্ছ’ৰ অপবাদৰ পৰা মুক্ত হ’ব নোৱাৰিলে দক্ষিণ আফ্ৰিকাই৷ বুধবাৰে নিউজীলেণ্ডৰ হাতত ৫০ ৰানত পৰাস্ত হৈ চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলৰ পৰা বিদায় ল’লে টেম্বা বাভুমাৰ দলটোৱে৷ ডুবাইত হ’বলগীয়া দেওবাৰৰ ফাইনেলত নিউজীলেণ্ডে প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতৰ বিৰুদ্ধে৷ দৰাচলতে ৩৬৩ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি আৰম্ভণিৰ পৰাই নিউজীলেণ্ডৰ বলাৰৰ সন্মুখত সহজ হ’ব পৰা নাছিল দক্ষিণ আফ্ৰিকাৰ বেটাৰে৷ ডেভিড মিলাৰে অপৰাজিত শতক আৰু, টেম্বা বাভুমা, ৰেছি ভান ডাৰ ডুছেনে অৰ্ধশতকীয় ইনিংছ খেলিলেও বৃহৎ লক্ষ্যৰ কাষ চাপিব নোৱাৰিলে দক্ষিণ আফ্ৰিকাই৷ ৫০ অভাৰত দলটোৱে জ্ঝটা উইকেট হেৰুৱাই ৩১২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ ৬৭টা বলত চাৰিটা ‘ছয়’, দহটা ‘চাৰি’ মিলাৰ ১০০ ৰানত অপৰাজিত থকাৰ বিপৰীতে বাভুমাই ৭১টা বলত এটা ‘ছয়’, চাৰিটা ‘চাৰি’ৰে ৫৬, ভান ডাৰ ডুছেনে ৬৬টা বলত দুটা ‘ছয়’, চাৰিটা ‘চাৰি’ৰে ৬৯ ৰান সংগ্ৰহ কৰে৷ তেওঁলোকৰ উপৰি দক্ষিণ আফ্ৰিকাৰ ইনিংছত ৰায়ান ৰিকেলটন, এইডেন মাৰ্কৰাম আৰু কেগিছো ৰাবাডাৰ বেটৰ পৰা আহে ক্ৰমে ২৭, ৩১ আৰু ১৬ ৰান৷ নিউজীলেণ্ডৰ মিচেল ছেণ্টনাৰে ৪৩ ৰানত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে গ্লেন ফিলিপছে ২৭  ৰানত দুটা, মেট হেনৰীয়ে ৪৩ ৰানত দুটা উইকেট লাভ কৰাৰ বিপৰীতে এটাকৈ উইকেট পায় মাইকেল ব্ৰেচবেল, ৰাচীন ৰবীন্দ্ৰই৷ উল্লেখ্য, আই চি চি টুৰ্নামেণ্টত নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল ১২বাৰ আৰু নিউজীলেণ্ড জয়ী হ’ল অষ্টমবাৰ৷ 


টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত নিউজীলেণ্ডৰ অ’পেনাৰদ্বয় উইল য়ং আৰু ৰাচীন ৰবীন্দ্ৰই জ্জ.প্ত অভাৰত প্ৰথম উইকেটত ৪৮ ৰান যোগ দিয়াৰ পাছত লুঙি এনগিডিয়ে য়ঙক (২১) আউট কৰি সেই যুটি ভংগ কৰিছিল৷ কিন্তু তাৰ পাছত কেন উইলিয়ামছনৰ লগ লৈ দক্ষিণ আফ্ৰিকাৰ বলাৰৰ সন্মুখত বিপজ্জনক হৈ উঠিছিল ৰবীন্দ্ৰ৷  দ্বিতীয় উইকেটত তেওঁলোকে যোগ দিলে ১৬৪ ৰান, চেম্পিয়নছ ট্ৰফীত যিটো  হৈছে নিউজীলেণ্ডৰ ৰেকৰ্ড৷ ইয়াৰ পূৰ্বে ২০০৪ চনত আমেৰিকাৰ বিৰুদ্ধে নাথান এছ্‌ল আৰু স্কট ষ্টাইৰিছে যোগ দিছিল ১৬৩ ৰান৷ বাংলাদেশৰ বিৰুদ্ধে ১১২ ৰানৰ ইনিংছ খেলা ৰবীন্দ্ৰই ৯৩টা বলত নিজৰ এদিনীয়া কেৰিয়াৰৰ পঞ্চমটো শতক সম্পূৰ্ণ কৰে৷ ১০১টা বলত এটা ‘ছয়’, ১৩টা ‘চাৰি’ৰে ১০৮ ৰানত তেওঁ কেগিছো ৰাবাডাৰ বলত আউট হয়৷ আনহাতে, এদিনীয়াত নিজৰ পঞ্চদশ শতক সম্পূৰ্ণ কৰা উইলিয়ামছনে ৯৪টা বলত দুটা ‘ছয়’, দহটা ‘চাৰি’ৰে ১০২ ৰান সংগ্ৰহ কৰে৷ ৰবীন্দ্ৰ, আৰু উইলিয়ামছনৰ উপৰি নিউজীলেণ্ডৰ ইনিংছত ডেৰিল মিচেলে ৩৭টা বলত এটা ‘ছয়’, চাৰিটা ‘চাৰি’ৰে ৪৯ আৰু মাইকেল ব্ৰেচৱেলে ২৭টা বলত এটা ‘ছয়’, ছটা ‘চাৰি’ৰে ৪৯ [অপঃ] ৰান সংগ্ৰহ কৰে৷ এই প্ৰদৰ্শনৰ বলত ৫০ অভাৰত নিউজীলেণ্ডে ছটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ৩৬২ ৰান, যিটো হৈছে চেম্পিয়নছ ট্ৰফীৰ সৰ্বোচ্চ দলীয় স্ক’ৰ৷ পূৰ্বৰ ৰেকৰ্ড আছিল অষ্টে˜লিয়াৰ নামত৷ একেটা স্থানতে ২২ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে অষ্টে˜লিয়াই পাঁচ উইকেটত সংগ্ৰহ কৰিছিল ৩৫৬ ৰান৷ দক্ষিণ আফ্ৰিকাৰ লুঙি এনগিডিয়ে ৭২ ৰানত সৰ্বাধিক তিনিটা উইকেট লাভ কৰাৰ বিপৰীতে কেগিছো ৰাবাডাই ৭০ ৰানত দুটা আৰু উয়ান মুল্ডাৰে এটা উইকেট লাভ কৰে৷