Logo
image

এদিনীয়া ক্ৰিকেটক বিদায় স্মিথৰ

নতুন দিল্লী, ৫ মাৰ্চঃ  চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত ভাৰতৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছতে এদিনীয়া কেৰিয়াৰৰ সামৰণি মাৰিলে অষ্ট্ৰেলিয়াৰ তাৰকা ষ্টিভ স্মিথে৷ তেওঁ টেষ্ট ক্ৰিকেট আৰু টি-টুৱেণ্টী  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ লৈ যাব৷ স্মিথে ২০২৮ লছ এঞ্জেলেছ অলিম্পিকত খেলাৰ সম্ভাৱনা আছে৷ প্ৰতিযোগিতাখনত টি-টুৱেণ্টী ক্ৰিকেটৰ অভিষেক ঘটিব৷ ভাৰতৰ বিৰুদ্ধে ছেমিফাইনেলত পৰাস্ত হোৱাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্তৰ বিষয়ে স্মিথে দলীয় সতীৰ্থ সকলক অবগত কৰে৷ আঘাতপ্ৰাপ্ত পেট কামিনছৰ স্থানত ৩৫ বৰ্ষীয় স্মিথে চেম্পিয়নছ ট্ৰফীত অষ্টে˜লিয়াক নেতৃত্ব দিছিল৷ বুধবাৰে এক বিবৃতিত স্মিথে কয়–‘এয়া এক অনুপম যাত্ৰা, প্ৰতিটো মুহূৰ্ত মই উপভোগ কৰিছো৷ এই যাত্ৰাত বহু বৰ্ণিল সময় পাৰ কৰিছো৷ এই যাত্ৰাত সতীৰ্থসকলৰ সৈতে দুটাকৈ বিশ্বকাপৰ খিতাপ জয় কৰাটো সুন্দৰ অভিজ্ঞতা৷’ ২০১৫ আৰু ২০২৩ আই চি চি বিশ্বকাপ জয়ী অষ্ট্ৰেলিয়া দলৰ গুৰুত্বপূৰ্ণ সদস্য আছিল স্মিথ৷


২০১৫ চনত তেওঁ এদিনীয়া দলৰ নেতৃত্ব লৈছিল৷ কেৰিয়াৰৰ অন্তিম এদিনীয়াতো তেওঁ দলক নেতৃত্ব দিয়াৰ সুযোগ পালে৷ স্মিথে আৰু কয়–‘২০২৭ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ বাবে এয়া ডাঙৰ সুযোগ৷ সেয়ে মই আঁতৰি অহাৰ বাবে এয়াই সঠিক সময় বুলি অনুভৱ কৰিলো৷’ ১৭০ খন এদিনীয়াত অংশ লোৱা স্মিথে সদায়েই টেষ্ট ক্ৰিকেটক অগ্ৰাধিকাৰ দি আহিছে৷ তেওঁ এতিয়া জুনত অনুষ্ঠিত হ’ব লগা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে অপেক্ষা কৰিছে৷ স্মিথৰ এদিনীয়াত অভিষেক ঘটিছিল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২০১০ চনত৷ এদিনীয়াত তেওঁৰ সংগ্ৰহ ৫,৮০০ ৰান৷ ইয়াৰ ভিতৰত আছে ১২টা শতক আৰু ৩৫টা অৰ্ধশতক৷ ২৮টা উইকেটো হস্তগত কৰিছে স্মিথে৷