Logo
image

চেন্নাইৰ গামোচাই দখল কৰিছে বজাৰ

আমাৰ অসম, ১২ এপ্ৰিলঃ নঙলামুখত ব’হাগ৷ বিহু বুলি  শিপিনীয়ে বৈ উলিয়াইছে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক তথা  অতি হেঁপাহৰ গামোচাখন৷ কিন্তু দুখৰ বিষয় অসমীয়া শিপিনীৰ গামোচা বজাৰ পোৱাৰ পূৰ্বে বহিঃৰাজ্যৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ৷ অৰ্থাৎ চেন্নাইৰ গামোচাৰে দখল কৰিছে অসমৰ গামোচাৰ বজাৰখন৷ নিৰ্বাচনৰ গৰম বতাহৰ মাজত প্ৰশাসনেও পাহৰিলে বহিঃৰাজ্যৰ গামোচাবিৰোধী অভিযানৰ কথা৷ প্ৰতি বছৰে বিহুৰ আগে আগে বহিঃৰাজ্যৰ গামোচাৰ আমদানি বন্ধ কৰাৰ বাবে বিভিন্ন দল-সংগঠনৰ লগতে চৰকাৰ-প্ৰশাসন তৎপৰ হোৱা দেখা যায়৷ কিন্তু এইবাৰ তেনেকুৱা কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখা পোৱা নাই প্ৰশাসন তথা দল-সংগঠনৰ৷ অইনবাৰৰ দৰে বিহুৰ আগে আগে এইবেলিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা চহৰ-নগৰৰ  বজাৰ ভৰি পৰিছে পশ্চিম বংগ, চেন্নাই, উত্তৰ প্ৰদেশৰ পৰা অহা গামোচাৰে৷ বিশেষকৈ এইবেলি ব’হাগ বিহুৰ আগে আগে যিহেতু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে, সেয়ে নিৰ্বাচনৰ গৰম বতাহৰ মাজত ৰাজ্যখনলৈ  ট্ৰাকে ট্ৰাকে আহিছে বহিঃৰাজ্যৰ গামোচা, আৰণাই আদিৰ লগতে মেচিনত বোৱা মেখেলা-চাদৰ৷ অথচ ভাৰত চৰকাৰৰ হস্ততাঁত [উৎপাদিত সামগ্ৰী সংৰক্ষণ] আইন অনুসৰি যন্ত্ৰচালিত শালত এইবোৰ উৎপাদন আৰু বিক্ৰী নিষিদ্ধ৷ আমাৰ হাতত পৰা তথ্যমতে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ প্ৰায় এমাহ পূৰ্বৰ পৰাই ট্ৰাকে ট্ৰাকে এনে গামোচা আমদানি কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে৷ যাৰ বাবে অসমীয়াৰ হেঁপাহৰ গামোচাখন তাঁতশালত শিপিনীয়ে বৈ উলিওৱা মানে বহিঃৰাজ্যৰ পৰা গামোচা আহি অসমৰ বজাৰ দখল কৰিলেই৷    জানিব পৰা মতে, বহিঃৰাজ্যৰ পৰা অহা গামোচা একোখন ব্যবসায়িক প্ৰতিষ্ঠান-বিপণীত ৫০-১০০ টকাৰ ভিতৰত পোৱা যায় যদিও আমাৰ শিপিনীয়ে তাঁতশালত বৈ উলিওৱা গামোচাখনৰ মূল্য ১০০ টকাৰ অধিক৷ 

শিৱসাগৰ জিলাত বিপণীয়ে বিপণীয়ে বহিৰাজ্যৰ গামোচাৰ অবাধ বেহা

শিৱসাগৰ জিলাত এক অসাধু চক্ৰই অসমীয়া মহিলাৰ হাতে বোৱা থলুৱা গামোচাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনি বহিঃৰাজ্যৰ গামোচাৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে৷  প্ৰাপ্ত খবৰ মতে জিলাখনৰ একাংশ প্ৰভাৱশালী ব্যৱসায়িক গোষ্ঠীৰ ছত্ৰছায়াত অবাধ গতিত চলি থকা বহিঃৰাজ্যৰ গামোচাৰ এই অবাধ বেহাত একাংশ থলুৱা ব্যৱসায়ীয়েও সহজলভ্য ধন আহৰণৰ পথ হিচাপে এই বেহাত আগভাগ লোৱাৰ অভিযোগ উঠিছে৷ জিলাখনৰ নগৰ চহৰৰ লগতে উপকণ্ঠ অঞ্চলসমূহৰ বিপণীয়ে বিপণীয়ে ভৰি পৰিছে বহিঃৰাজ্যৰ গামোচাৰে৷ সমান্তৰালভাৱে অৱশ্যে পূৰ্বৰ দৰে এইবাৰো শুৱালকুছি,  নলবাৰী,  ৰামদিয়া, হাজো, বাইহাটা চাৰিআলি, আদিৰ পৰা অহা থলুৱা গামোচাকে ধৰি জাপি, কাপোৰে ভৰি পৰা পৰিলক্ষিত হৈছে৷ বিশেষভাৱে জিলাখনৰ নগৰসমূহৰ উপৰি গ্ৰামাঞ্চলতো অত্যধিক পৰিমাণৰ গামোচা বিক্ৰী হয়৷ কিন্ত থলুৱা শিপিনীৰ দ্বাৰা প্ৰস্তত হোৱা গামোচাৰ বিপৰীতে বহিঃৰাজ্যৰ গামোচাই গুৰুত্বপূৰ্ণভাবে বজাৰ দখল কৰাত চৰম ভাবুকি নামি আহিছে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক থলুৱা গামোচালৈ৷ গামোচাই ৰাজ্যৰ অৰ্থনীতিলৈ আশাপ্ৰদ বাৰ্তা কঢ়িয়াই অনাৰ সুযোগ থাকিলেও চৰকাৰীৰ চৰম অনিহাৰ বাবেই থলুৱা গামোচাৰ উদ্যোগটো মৃত্যু ঘণ্টা বজাৰ উপক্ৰম ঘটিছে৷ কিয়নো নিম্ন মানৰ সূতাৰে বোৱা বহিঃৰাজ্যৰ একোখন গামোচাৰ মূল্য ৫০ ৰপৰা ৮০ টকা পৰ্যন্ত৷ পৰিতাপৰ বিষয় যে থলুৱা ভাৱে উৎকৃষ্ট মানৰ সূতাৰে তৈয়াৰী একোখন থলুৱা গামোচাৰ মূল্য সাধাৰণতে ১০০ টকাৰ পৰা ১৫০ টকা হোৱাৰ পাছতো অসমীয়াই উৎকৃষ্ট মানৰ থলুৱা গামোচা ক্ৰয় কৰাৰ বিপৰীতে কম মূল্যৰ বহিঃৰাজ্যৰ গামোচাৰে চাহিদা পুৰণ কৰিবলৈ লোৱাত ব্যৱসায়িকভাৱে থলুৱা গামোচাই বজাৰ দখল কৰাত পিছ পৰি থাকিব লগা হৈছে৷

 বহিঃৰাজ্যৰ বণিয়াৰ গ্ৰাসত নলবাৰীৰ গামোছাৰ বজাৰ

নলবাৰীৰ একাংশ গঞা শিপিনীয়ে বিক্ৰীৰ বাবে বৰ্ধিত সূতাৰ দামৰ পাছতো এইবাৰ বহুসংখ্যক গামোচা প্ৰস্তুত কৰি উলিয়াইছে যদিও বহিঃৰাজ্যৰ আমদানিকৃত গামোচাৰ আগ্ৰাসনে সাংঘাতিক ধৰণে গামোচাৰ বজাৰ গ্ৰাস কৰি পেলাইছে৷ সম্প্ৰতি, নলবাৰীৰ গামোচাৰ বজাৰখনত বহিঃৰাজ্যৰ বণিয়াই আমদানি কৰা গামোচাই এনেদৰে শিপাইছে যে, এনে সস্তীয়া গামোচাৰ সহজলভ্যতাই ৰামটাঙোন শোধাইছে ৰাজ্যৰ থলুৱা শিপিনীক৷ যথেষ্ট কম দামতে বজাৰত সহজলভ্য এই বহিঃৰাজ্যৰ গামোচাই ম্লান কৰি পেলাইছে থলুৱা উদ্যোগ, শিপিনীৰ আশা৷ অকল মুনাফা লুটাৰ উদ্দেশ্যে কমদামী সূতাৰে প্ৰস্তুত কৰা বহিঃৰাজ্যৰ গামোচাবোৰ বজাৰত কম দামতে কিনিবলৈ পোৱাৰ ফলত থলুৱা শিপিনীয়ে বোৱা গামোচাখন এলাগী হৈ পৰিছে৷ এচাম বহিৰাগত বণিয়াই কলকতা, বেংগালুৰু, মাদুৰাই, চেন্নাই আদি বহিঃৰাজ্যত তৈয়াৰী গামোচা আমদানিৰে অসমৰ বজাৰত এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷ উল্লেখ্য, ৰঙালী বিহুৰ আগে-আগে এইবাৰ ৰাজ্যত প্ৰতিবিধ সূতাৰ দাম প্ৰতি কিলোগ্ৰামত ৫০-৬০ টকাকৈ বৃদ্ধি পাইছে৷ গামোচাত ব্যৱহাৰ হোৱা ২৬নং সূতা, দহলেছি সূতা প্ৰতিকেজিত ২৮০ টকাৰ ঠাইত ৩২০ টকা হৈছে৷ মাচৰাজ সূতাৰ দাম কিলোপ্ৰতি ৬০ টকা বৃদ্ধি হৈ ৫২০ টকা হৈছে৷ একেদৰে, পদ্মিনী সূতাৰ কিলোগ্ৰামে প্ৰতি ৫০ টকা পৰ্যন্ত বৃদ্ধি হৈ এই বিধ সূতা এতিয়া খুচুৰা বজাৰত কিলোগ্ৰামে প্ৰতি বিক্ৰী হৈছে ৭৫০ টকা দামত৷ সূতাৰ এনে অত্যধিক মূল্যবৃদ্ধিয়ে থলুৱা শিপিনীক মাধমাৰ শোধাইছে৷