Logo
image

কচাইৰ দৰে মাচুল লৈছে প্ৰাইভেট বিদ্যালয়ে

◾কি সাহসত উলংঘা আদালতৰ নিৰ্দেশ

◾প্ৰশাসনৰ নিৰ্লিপ্ততাত বিবুধিত অভিভাৱক

আমাৰ অসম, ১২ এপ্ৰিলঃ গুৰু দ্ৰোণই নিষাদপুত্ৰ একলব্যৰ পৰা লোৱা গুৰুদক্ষিণা আছিল শিক্ষাৰ বিনিময়ত লোৱা এই ধৰাৰ সৰ্বকালৰ সৰ্বোচ্ছ আৰু নিৰ্দয়তম ‘স্কুল ফিজ’৷ জাতত ব্ৰাহ্মণ আৰু পেছাত আচাৰ্য দ্ৰোণাচাৰ্যৰ এই গুৰুদক্ষিণা কোনো যুক্তিতে ব্ৰাহ্মণসুলভো নাছিল, আচাৰ্যসূলভো নাছিল, বৰং সেয়া আছিল কচাইসুলভ৷ এই অন্যায় গুৰুদক্ষিণাৰ বাবে গুৰু দ্ৰোণ বিদ্বান সমাজত চিৰতৰে নিন্দিত৷ একলব্যৰ বৃদ্ধাংগুষ্ঠ কাটি গুৰুদক্ষিণা লোৱাৰ বাবে দ্ৰোণাচাৰ্যই শাস্তিও পাইছিল৷ আখ্যানমতে, শিক্ষাৰ অধীষ্ঠাত্ৰী দেবী সৰস্বতীয়ে দ্ৰোণাচাৰ্যক শাপ দিছিল আৰু সেই শাপৰ ফলত কুৰুক্ষেত্ৰ যুদ্ধত ধ্যানৰত দ্ৰোণাচাৰ্যক শিৰচ্ছেদ কৰি নিধন কৰিছিল ধৃষ্টদ্যুম্নই৷

সেয়া দ্বাপৰযুগৰ কথা৷ কিন্তু আজিৰ কলিযুগত, আধুনিক যুগৰ অসমত বেচৰকাৰী খণ্ডৰ বিদ্যালয়সমূহে ‘দ্ৰোণাচাৰ্যসূলভ’ বা তাতকৈ এখোজ আগবাঢ়ি ক’বলৈ হ’লে কচাইসূলভভাৱে লোৱা স্কুলৰ মাছুলৰ বিৰুদ্ধে কি শাস্তি হ’ব? উচ্ছ ন্যায়ালয়ে এটা স্পষ্ট নিৰ্দেশ দিয়াৰ পাছতো নজনাৰ ভাও ধৰি শিক্ষাৰ্থীৰ পৰা উচ্ছহাৰত মাছুল লৈ আদালত অবমাননা কৰা বেচৰকাৰী বিদ্যালয়সমূহৰ বিৰুদ্ধে কি শাস্তি হ’ব? বেচৰকাৰী বিদ্যালয়ৰ অস্বাভাৱিক হাৰৰ মাচুলৰ পৰা ৰক্ষা পাবনে অভিভাৱকে? ২০২১-২২ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ সময়তে এই মুহূৰ্তত ৰাজ্যৰ শিক্ষাক্ষেত্ৰত, বিশেষভাৱে গুৱাহাটী মহানগৰীৰ বেচৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে এইটোৱেই হৈছে বৃহত্তম প্ৰশ্ন৷

কোৱা বাহুল্য মাথোঁ, যোৱা ৩ মাৰ্চত গুৱাহাটী উচ্ছ ন্যায়ালয়ে এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ দীৰ্ঘ শুনানিৰ অন্তত অসমৰ বেচৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰে থিৰাং কৰি দিয়া সৰ্বোচ্ছ মাচুলৰ আধাৰত সকলো বেচৰকাৰী বিদ্যালয়ক মাচুল ল’বলৈ নিৰ্দেশ জাৰি কৰিছিল৷ কিন্তু অতি আচৰিতভাৱে ২০২১-২২ শিক্ষাবৰ্ষ আৰম্ভণিতে বেচৰকাৰী বিদ্যালয়সমূহৰ অধিকাংশই চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মাচুলৰ হাৰ অমান্য কৰি আৰু গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ অবমাননা কৰি বৃহৎ হাৰত মাছুল সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে৷ নতুনকৈ নামভৰ্তি কৰোৱা আৰু পুনৰ নামভৰ্তিৰ ক্ষেত্ৰত বেচৰকাৰী স্কুল কতৃৰ্পক্ষই যি হাৰত মাছুল সংগ্ৰহ কৰিছে, অভিভাৱকে তাকেই আদায় দি নাম ভৰ্তি কৰিবলৈ বাধ্য হৈছে৷ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মাছুল সন্দৰ্ভত চৰকাৰীভাৱে কোনো নিৰ্দেশনা নোপোৱাৰ অজুহাত দেখুৱাই বেচৰকাৰী বিদ্যালয়সমূহে পূৰ্বৰ দৰে আৰু কোনোক্ষেত্ৰত পূৰ্বতকৈয়ো অধিক হাৰত মাছুল সংগ্ৰহ কৰি আছে৷ 

‘গাৰ্জেন এছ’চিয়েচন অব প্ৰাইভেটযপাবলিক আণ্ডাৰটেকিংছ স্কুলছ ষ্টুডেণ্টছ’ বা চমুকৈ ‘গাপুছ’য়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ত তৰা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ চলি থকাৰ মাজতে অসম চৰকাৰে ৰাজ্যৰ বেচৰকাৰী বিদ্যালয়সমূহৰ মাছুল নিৰ্ধাৰণ কৰি দিছিল৷ প্ৰায় সমান্তৰালভাৱে ৰাজ্য চৰকাৰে মাছুল নিৰ্ধাৰণ কৰাৰ বাবে আৰু সেয়া চূড়ান্ত কৰাৰ বাবে দুখনকৈ গুৰুত্বপূৰ্ণ কমিটী গঠন কৰিছিল৷ তাৰে এখন কমিটী হৈছে–১৷ ফি ৰেগুলেটৰী কমিটী আৰু আনখন ২৷ ফি ৰিভিজন কমিটী৷ গোচৰ চলি থকাৰ মাজতে ৰাজ্য চৰকাৰে বেচৰকাৰী স্কুলৰ আপত্তিজনক কাম-কাজ নিয়ন্ত্ৰণ কৰিবলৈ এখন আইন প্ৰণয়ন কৰে, যিখন আইনৰ মূল লক্ষ্য হৈছে বেচৰকাৰী বিদ্যালয়ে জধে-মধে লোৱা মাছুলৰ নিয়ম চূড়ান্ত কৰা৷ আইনখন হৈছে, ‘দ্য আছাম নন গবৰ্ণমেণ্ট এডুকেচনেল ইনষ্টিটিউচনছ [ৰেগুলেচন অব ফিজ] এক্ট, ২০১৮৷ উল্লেখ কৰা প্ৰয়োজন ‘গাপুছে’য়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ত মাছুল নিৰ্ধাৰণ আৰু অন্যান্য বিসংগতি নিয়ম মতে পৰিচালনা কৰাৰ বাবে ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনৰ গোচৰ তৰিছিল ২০১৮ চনৰ ১৩ মাৰ্চত আৰু আদালতে গ্ৰহণ কৰিছিল ১০ মে’ত৷ এই গোচৰ চলি থকাৰ মাজতে ৰাজ্য চৰকাৰে বাধ্য হৈ এটা এটাকৈ বেচৰকাৰী স্কুলৰ অনিয়ম ৰোধ কৰাৰ বাবে নিয়ামক কমিটী, নতুন আইন প্ৰণয়ন কৰে৷ তাৰ আগলৈকে চৰকাৰে বেচৰকাৰী স্কুলক নিয়ন্ত্ৰণ কৰিবলৈ কোনো পদক্ষেপ লোৱা নাছিল৷

ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ গোচৰৰ ফলত ৰাজ্য চৰকাৰে মূল পদক্ষেপ কি ল’লে আৰু উচ্ছ ন্যায়ালয়ে এই সন্দৰ্ভত কি ৰায় দিলে সেই সন্দৰ্ভত আজিও ৰাজ্যৰ সিংহভাগ অভিভাৱক ভালদৰে অৱগত নহয়৷ চৰকাৰৰ পদক্ষেপ আৰু আদালতৰ নিৰ্দেশ মানিবলৈ বেচৰকাৰী বিদ্যালয়সমূহ বাধ্য হয়নে নহয়, সেই বিষয়তো অভিভাৱকসকল অনিশ্চিত৷ দুখন কমিটী গঠন কৰাৰ উপৰি আইন প্ৰণয়নেৰে ৰাজ্য চৰকাৰে অসমৰ বেচৰকাৰী বিদ্যালয়ৰ বাবে মাছুলৰ সৰ্বোচ্ছ হাৰ নিৰ্ধাৰণ কৰি দিছে৷ সেই অনুসৰি প্ৰি প্ৰাইমেৰী আৰু ক্লাছ ৱানৰ পৰা ফাইভলৈ সৰ্বোচ্ছ মাছুল বাৰ্ষিক ২৭,০০০ টকা, ক্লাছ ছিক্সৰ পৰা টেনলৈ ৩২,০০০ টকা, একাদশ-দ্বাদশত বিজ্ঞান শাখাত ৩৭,০০০ টকা, কলা শাখাত ৩২,০০০ টকা, কমাৰ্চ শাখাত ৩৩,০০০ টকা, অন্যান্য শাখাত ৩৫,০০০ টকা হ’ব লাগিব৷ চৰকাৰে স্পষ্ট কৰি দিছে, বাৰ্ষিক মুঠ মাছুল মানে মুঠ মাছুল, অৰ্থাৎ এডমিছন ফিজ, টিউছন ফিজ, গৃহ আন্তঃগাঠনি উন্নয়ন ফিজ, ক্ৰীড়া-সংস্কৃতিৰ ফিজ যি নামেৰেই বেচৰকাৰী বিদ্যালয়ে মাছুল আদায় কৰক, সেয়া চৰকাৰে ধাৰ্য কৰি দিয়া মাছুলতকৈ কোনো বিদ্যালয়ে অধিক মাছুল সংগ্ৰহ কৰিব নোৱাৰিব৷

ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰি নিৰ্ধাৰণ কৰা বেচৰকাৰী খণ্ডৰ বিদ্যালয়ৰ মাছুলক লৈ জনস্বাৰ্থ জড়িত আৱেদনকাৰী সন্তুষ্ট বুলি নিশ্চিত হোৱাৰ পাছতে যোৱা ৩ মাৰ্চত গুৱাহাটী উচ্ছ ন্যায়ালয়ে সেই মাছুলকে চূড়ান্ত হ’ব বুলি নিৰ্দেশ জাৰি কৰে৷ তথাপি যদি এই দিশত অভিভাৱকৰ কোনো আপত্তি থাকে তেন্তে তেওঁলোক পুনৰ উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব বুলি নিৰ্দেশটোত কোৱা হৈছে৷ আশ্চৰ্যকৰভাৱে ২০২১-২২ শিক্ষাবৰ্ষৰ আৰম্ভণিত এতিয়া বহু বেচৰকাৰী বিদ্যালয়ে আদালত আৰু চৰকাৰৰ নিৰ্দেশ তথা আইন উপেক্ষা আৰু উলংঘা কৰি বৃহৎ হাৰত পৃথকে নামভৰ্তিৰ মাছুল আৰু মাহেকীয়া মাছুল সংগ্ৰহ কৰি আছে৷ বেচৰকাৰী খণ্ডৰ কেইখনমান বিদ্যালয়ৰ মাহেকীয়া মাছুল আৰু নামভৰ্তিৰ মাছুল চৰকাৰে নিৰ্ধাৰণ কৰা মাছুলৰ নিয়মৰ ভিতৰতে থাকিলেও অধিকাংশই ডকাইতৰ দৰে মাছুল সংগ্ৰহ কৰি আছে, য’ত বিবুধিত পৰিছে অভিভাবক৷ কচাইৰ দৰে মাছুল সংগ্ৰহ কৰা তেনে বেচৰকাৰী বিদ্যালয়ৰ সংখ্যা গুৱাহাটীতো নিচেই কম নহয়, যাৰ অন্যায়ো উন্মোচিত হ’ব এই প্ৰতিবেদনত৷