কাইলৈ মন্ত্ৰী অজন্তাৰ নিৰ্বাচনমুখী বাজেট
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মাৰ্চঃ বিত্তমন্ত্ৰী অজন্তা নেওগে কাইলৈ অৰ্থাৎ সোমবাৰে বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব৷ দিনৰ ১১.৩০ বজাত বিত্তমন্ত্ৰী নেওগে বিধানসভাত পূৰ্ণাংগ সাধাৰণ বাজেট দাখিল কৰিব৷ লক্ষণীয় যে এইখনেই হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ পাঁচবছৰীয়া কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট৷ ২০২৬ ৰ এপ্ৰিল-মে’ত যিহেতু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব, গতিকে বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগে সাংবিধানিক নিয়ম অনুসৰি আগন্তুক বৰ্ষত পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে কেৱল অন্তৱৰ্তীকালীন বাজেটহে উত্থাপন কৰিব পাৰিব৷ লক্ষণীয় যে এই বাজেটকলৈ বিজেপি দল চৰকাৰৰ উৎসাহৰ অন্ত নাই৷ সন্মুখত যিহেতু বিধানসভাৰ নিৰ্বাচন আছে, গতিকে বাজেটত ভোটমুখী অলেখ উপহাৰৰ টোপোলা থকাটো নিশ্চিত হৈছে৷ বাজেট প্ৰস্তুতিৰ সন্দৰ্ভত ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতেও আলোচনাত বহিছে৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাইয়ো কিছুদিন পূৰ্বে এক সংবাদমেলত সদৰি কৰিছে যে এইবাৰ বাজেটত স্নাতক উত্তীৰ্ণ হৈ চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা নিবনুৱাৰ বাবেও থাকিব পাৰে বিশেষ মাহিলী হাত খৰচৰ পুঁজি৷ একেদৰে ৰাজ্যৰ প্ৰতিখন গাঁৱৰ উন্নয়নৰ বাবে চৰকাৰে দিব পাৰে ৰ কোটিকৈ টকা৷ ইফালে সোমবাৰে দাখিল হ’বলগীয়া বাজেট সন্দৰ্ভত মন্তব্য কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সাংবাদিকৰ আগত কয়–‘ভাল বাজেট এখন দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ৷ বাজেটত সামগ্ৰিকভাৱে অসমৰ সমস্যা বিলাকে স্থান পাব৷ বাজেটত মহিলা, যুৱকক বিশেষ গুৰুত্ব দিয়া হ’ব৷ দৰিদ্ৰ লোকসকলকো গুৰুত্ব দিয়া হ’ব৷ সামগ্ৰিকভাৱে আমি অসমখনক কেনেদৰে এখন ভাল ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰো ইয়াৰ প্ৰয়াস প্ৰতিফলিত হ’ব৷’ ইফালে বাজেট দাখিলৰ পূৰ্বে আজি বিত্তমন্ত্ৰী অজন্তা নেওগৰ সৈতে দিছপুৰৰ লোকসেৱা ভৱনত বিজেপিৰ বিধায়কসকলৰ সৈতে বিশেষ বৈঠকত বহিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দেওবাৰৰ অসম ভ্ৰমণৰ কাৰ্যসূচীৰ সন্দৰ্ভতো আলোচনা হয়৷






