Logo
image

আমবাৰীত আকৌ টেঙা আম বেচি আহিল বিজেপি সভাপতিয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মাৰ্চঃ  অসমত দুবাৰকৈ চৰকাৰ গঠন কৰা দল অগপই আগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কেইটা সমষ্টি ভাগত পাব? অসম আন্দোলনৰ সৈতে জড়িত লোকেও টিকট বিচাৰি বঞ্চিত হ’ব নেকি? এইবোৰ অগপ নেতা-কৰ্মীৰ মাজত দোলা দিয়া প্ৰশ্ন৷ কেইটা সমষ্টিত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব সেই সিদ্ধান্তও বিজেপিৰ হাতত৷ মিত্ৰধৰ্ম পালন কৰি বিগত বিধানসভা নিৰ্বাচনত কেইবাটাও নিজৰ দখলত থকা সমষ্টি এৰি দিবলগীয়া হৈছিল অগপই৷ ইয়াকে লৈ দলৰ ভিতৰত সৃষ্টি হৈছিল ব্যাপক ক্ষোভ-অসন্তুষ্টিৰ৷ অগপৰ বহু নিষ্ঠাবান নেতা-কৰ্মীয়ে বিজেপিৰ বিৰুদ্ধে টেঙা আম বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰিছিল৷ এইবেলিও বিজেপিয়ে আমবাৰীত টেঙা আম বিক্ৰী কৰি অহা বুলি দলৰ মাজতে চৰ্চা হৈছে৷ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অগপৰ সদৰত উপস্থিত হৈ কৈছে– পশ্চিম গুৱাহাটী সমষ্টিৰ পিছলৈ কি হয় নাজানো৷ সমষ্টিটো অগপক দিম নে নিদিম এতিয়াই ক’ব নোৱাৰো৷ নিদিও বুলি ক’বও নোৱাৰিম চাগে’৷ শইকীয়াৰ বক্তব্যত প্ৰায় স্পষ্ট যে ৰমেন কলিতাৰ ভাগত গুৱাহাটীৰ কোনো সমষ্টি পৰাটো নিশ্চিত নহয়৷ একে অৱস্থা হৈ আছে কমলপুৰৰ ক্ষেত্ৰতো৷ কমলপুৰ সমষ্টিটো এইবাৰ বিজেপিয়ে এৰি দিব নে নাই সেয়া নিশ্চিত নহয়৷ তাৰ মাজতো শনিবাৰে অগপ নেতা-কৰ্মীৰ মন ভাল লগাই দিলীপ শইকীয়াই আমবাৰীৰ অগপ সদৰত দি গ’ল দীঘলীয়া ৰসাল ভাষণ৷ অগপ সভাপতি মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্তক সাক্ষী কৰি শইকীয়াই কয়– বিজেপিৰ ইতিহাসত আকালী দলৰ পৰা শিৱসেনালৈ, অগপৰ পৰা ইউ পি পি এললৈ বিজেপিয়ে সদায় মিত্ৰদলক লগত লৈ চলিছে৷কোনো নেৰেটিভে আমাৰ মিত্ৰতা শেষ কৰিব নোৱাৰে৷ কদম কদম, খোজে খোজে হাতত হাত ধৰি আগবাঢ়িম৷ ৰাজনীতিত অহংকাৰ হ’লে পতনো হয়৷ আমি এক হৈ আগবাঢ়িব লাগিব তিনিওটা দলে নিজৰ শক্তি বৃদ্ধিৰ বাবে কাম কৰি যাম৷ মতান্তৰ হ’লেও অগপৰে আমাৰ মনান্তৰ নাই৷ বিজেপি-অগপৰ মিত্ৰতাৰ বান্ধোন শক্তিশালী কৰি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়াই শনিবাৰে অসম গণ পৰিষদৰ আমবাৰীস্থত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ অগপৰ সদস্যসকলক উৎসাহিত কৰে৷ শইকীয়াক অগপ পৰিয়ালৰ তৰফৰপৰা সভাপতি অতুল বৰাই উষ্ম আদৰণি জনায়৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বত এনডিএ চৰকাৰৰ অংশীদাৰ মিত্ৰদলসমূহ পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিছে আৰু ইয়াৰ ফলস্বৰূপে অসমৰ জনসাধাৰণ অভূতপূৰ্ব সৰ্বাংগীণ উন্নয়নৰ সাক্ষী হৈছে বুলি অগপৰ সভাপতি অতুল বৰাই মন্তব্য কৰে৷ সভাপতি শইকীয়াই আৰু কয়– ‘অসম গণ পৰিষদৰ সৈতে বিজেপিৰ মিত্ৰতা ঠুনুকা নহয়৷ এই মিত্ৰতা পূৰ্বতেও আছিল, বৰ্তমানেও আছে আৰু ভৱিষ্যতলৈও থাকিব৷ এনডিএৰ মিত্ৰদলসমূহৰ ভিতৰত অগপ অন্যতম বিশ্বাসযোগ্য দল৷ আমি একেলগে খোজত খোজ মিলাই অসম তথা দেশৰ উন্নয়নৰ বাবে কাম কৰি গৈছোঁ৷ প্ৰতিটো মিত্ৰ দলে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা মানেই এনডিএ-ই লাভৱান হ’ব৷’ দিলীপ শইকীয়াৰ এই সৌজন্যই বিজেপি-অগপৰ মিত্ৰতাৰ বান্ধোন অনাগত দিনবোৰত অধিক মজবুত কৰিব বুলি মন্তব্য কৰি অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই লগতে কয় যে এই বন্ধুত্বই ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশত সু-প্ৰভাৱ পেলাব৷ দিলীপ শইকীয়াৰ এই সৌজন্যৰ সময়ছোৱাত অগপৰ বিভিন্ন দায়িত্বত থকা অন্যান্য বিষয়ববীয়া, সদস্যসকল উপস্থিত থাকে৷ 


 অগপৰ বদ্ধিৰ্ত কাৰ্যনিৰ্বাহক পঞ্চায়ত নিৰ্বাচন, স্বায়ত্ত পৰিষদৰ নিৰ্বাচন  সন্দৰ্ভত আলোচনা 

অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত শনিবাৰে এখন অগপৰ বদ্ধিৰ্ত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ অগপৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰগতিশীল জাতীয়তাবাদক অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে দলীয় সাংগঠনিক দিশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়৷ প্ৰধানকৈ আগন্তুক পঞ্চায়ত নিৰ্বাচন, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ সৈতে জড়িত বহু বিষয় সভাত আলোচনা কৰা হয়৷ এই সভাতেই আগন্তুক পঞ্চায়ত নিৰ্বাচন, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ দিশবোৰ পৰ্যালোচনা কৰাৰ বাবে সমষ্টিভিত্তিত কেইবাগৰাকীও সদস্যক আজিৰ সভাই দায়িত্ব অৰ্পণ কৰে৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত জনসংযোগ বৃদ্ধিৰ বাবে নিষ্ঠাৰে তৃণমূল পৰ্যায়ত ব্যাপক ৰূপত সাংগঠনিক কাম-কাজ আগুৱাই নিবলৈ সতীৰ্থসকলক সভাপতি বৰাই আহ৩ান জনায়৷ সভাত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যসকল, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্যসকল, অগপৰ সাংসদ আৰু বিধায়কসকল, জিলা সমিতিৰ সভাপতি তথা সাধাৰণ সম্পাদকসকল, বিধান সভা সমষ্টি সমিতিৰ সভাপতি তথা সম্পাদকসকল আৰু অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সাধাৰণ সম্পাদকসকল উপস্থিত থাকে৷