Logo
image

মুখ্যমন্ত্ৰীৰে আলোচনা কৰিবলৈ কইনাধৰা পালেগৈ মুখ্য ন্যায়াধীশ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মাৰ্চঃ  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সমাজ আৰু বিভিন্ন দল-সংগঠনে নিবিচাৰিলেও গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ নিয়াৰ সিদ্ধান্তত শনিবাৰে ছীল-মোহৰ পৰিল৷ কামৰূপ জিলাৰ অন্তৰ্গত ৰংমহলত ইতিমধ্যে ‘জুডিছিয়েল চিটী’ নিৰ্মাণৰ কাম নিৰন্তৰভাৱে চলি আছে৷ নিম্ন আদালত সমূহ ৰংমহললৈ স্থানান্তৰ কৰিলেও উচ্চ ন্যায়ালয় গুৱাহাটীৰ পৰা স্থানান্তৰ কৰাটো কোনেও বিচৰা নাছিল৷ উচ্চ  ন্যায়ালয়খন স্থানান্তৰ কৰাৰ বাবে গ্ৰহণ কৰে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বাৰ এছোচিয়েছন, উকিল সন্থা আদিয়ে৷ এনে প্ৰতিবাদী ধাৰা অব্যাহত থকাৰ মাজতে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে শনিবাৰে মুখ্যমন্ত্ৰীৰ সৈতে একমত হৈ গুৱাহাটী উচ্চ ন্যায়ালয় কামৰূপৰ ৰংমহললৈ নিয়াৰ সিদ্ধান্তত ছীল-মোহৰ মাৰে৷


উল্লেখ্য, শনিবাৰে আজি  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাস্থিত ১নম্বৰ অতিথিশালাৰ সভাগৃহত কামৰূপ জিলাৰ ৰংমহলত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ভৱন তথা মাষ্টাৰ প্লেন সন্দৰ্ভত আলোচনা কৰাৰ উদেশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ  বিজয় বিষ্ণয় আৰু  ন্যায়াধীশ সুমন শ্যাম তথা মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াৰসকলৰ উপস্থিতিত এক গুৰুতপূৰ্ণ বৈঠকত মিলিত হয়৷ বৈঠকত পাৱাৰ পইণ্ট প্ৰদৰ্শনৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাষ্টাৰ প্লেনৰ নক্সা, স্থায়ী ভৱনত থাকিবলগীয়া মুখ্য ন্যায়াধীশ, জ্যেষ্ঠ ন্যায়াধীশৰ কক্ষ, অধিবক্তাসকলৰ কক্ষৰ লগতে উচ্চ ন্যায়ালয়ৰ প্ৰৱেশ পথ, প্ৰস্থান পথকে ধৰি আনুষংগিক সকলো দিশৰ বিষয়ে বিতংভাৱে বুজ লয়৷ পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাষ্টাৰ প্লেনত নতুনকৈ যিকোনো ধৰণৰ অন্তৰ্ভুক্তি সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কতৃৰ্পক্ষৰ লগত আলোচনা মৰ্মে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশনা প্ৰদান কৰে৷ উচ্ছ ন্যায়ালয় স্থানান্তৰ বিষয়ত আলোচনাৰ বাবে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে কইনা ধৰালৈ অহাক লৈ তীব্ৰ বিতৰ্ক হৈছে৷