Logo
image

বিদেশলৈ বিপিএফ, ক’ভিডৰ বাবে থমকি ৰৈছে নেপাল যাত্ৰা

আমাৰ অসম, ১২ এপ্ৰিলঃ বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দলৰ জ্যেষ্ঠনেতা তথা মন্ত্ৰী চন্দন ব্ৰহ্ম, ৰিহন দৈমাৰী, প্ৰবীণ বড়োসহ বিপিএফৰ একাংশ প্ৰাৰ্থীকলৈ সম্প্ৰতি চিংগাপুৰত বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে৷ বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ পৰা বাচিবলৈ এনেদৰে হাগ্ৰামাৰ নেতৃত্বত বিপিএফৰ এটা দল চিংগাপুৰলৈ যোৱা বুলি এটা মহলে দাবী কৰাৰ বিপৰীতে আন এটা মহলে দাবী কৰিছে যে এয়া ইলেকচনৰ পাছৰ সম্পূৰ্ণ প্ৰমোদ ভ্ৰমণ৷ ইয়াত ৰাজনীতিৰ অহেতুক ভয় শংকা নাই৷ উল্লেখ্য যে বিজেপিৰ ঘনিষ্ঠ একাংশ লোকে মহাজোঁটৰ অংশীদাৰ দলসমূহৰ প্ৰাৰ্থীসকলক সঘন যোগাযোগৰ চেষ্টা চলাই থকাৰ সময়ত প্ৰতিপক্ষক এনে সুযোগৰ পৰা বঞ্চিত কৰিবলৈ নিতৌ নতুন কৌশল অবলম্বন কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷ তামুলপুৰৰ বি পি এফ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীক বিজেপিয়ে হাইজেক কৰাৰ পাছৰ পৰা উদ্বিগ্নতাত ভূগি আছিল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী৷ বিজেপিৰ একাংশ নেতাই চন্দন ব্ৰহ্মৰ দৰে বি পি এফৰ জ্যেষ্ঠ প্ৰাৰ্থীৰ সৈতে যোগাযোগৰ চেষ্টা চলোৱাৰ খবৰে হাগ্ৰামা মহিলাৰীক অধিক সন্দিহান কৰি তুলিছিল৷ এনে প্ৰেক্ষাপটতত তেওঁ চন্দন ব্ৰহ্মৰ দৰে বিপিএফৰ জ্যেষ্ঠ নেতাসকলক লগত লৈ চিংগাপুৰলৈ যোৱাটো লক্ষণীয় বুলি বিবেচিত হৈছে৷ ইফালে, বিপিএফৰ এটা শীৰ্ষ সূত্ৰ মতে শনিবাৰে পুৱাই বিপিএফৰ প্ৰাৰ্থীৰ এটা দল ছত্তীশগড়লৈ প্ৰেৰণ কৰা হৈছে৷ বিবিপিএফৰ এই তালিকাত আছে মাজবাট সমষ্টিৰ প্ৰাৰ্থী চৰণ বড়ো, পানেৰীৰ প্ৰাৰ্থী কৰুণা স্বৰ্গীয়াৰী, কোকৰাঝাৰ পশ্চিম সমষ্টিৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী, গোসাঁইগাঁও সমষ্টিৰ প্ৰাৰ্থী মাজেন নাৰ্জাৰী, ছাপাগুৰি সমষ্টিৰ প্ৰাৰ্থী হিতেশ বসুমতাৰী আৰু বিজনী সমষ্টিৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী৷ বিপিএফৰ প্ৰাৰ্থীকেইজনক মোবাইল ফোনো ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই৷ সূত্ৰটোৰ মতে বিপিএফৰ প্ৰাৰ্থীসকলক নেপাললৈ লৈ যোৱাৰ কথা আছিল৷ ক’ভিড-১৯ সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক নেপালৰ পৰিৱৰ্তে ছত্তীশগড়লৈ লৈ যোৱা হয়৷ ছত্তীশগড় ৰাজ্যখন কংগ্ৰেছ শাসিত হোৱাৰ বাবে নিৰাপদ স্থলৰূপে বাচনি কৰা হৈছে৷ উল্লেখ্য, ‘গেম চেঞ্জাৰ’ ৰূপে খ্যাত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অসম বিধানসভা নিৰ্বাচনত বিশেষ ভূমিকা গ্ৰহণ কৰিছে৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বৰ পৰাই অসমত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছিল বাঘেল৷ ছত্তীশগড়লৈ প্ৰেৰণ কৰা বিপিএফৰ প্ৰাৰ্থীসকলক ক’ত ৰখা হৈছে সেই বিষয়ে গোপনে ৰখা হৈছে৷ মুখ খোলা নাই বিপিএফৰ কোনো নেতাই৷ অৱশ্যে বিপিএফৰ শীৰ্ষ নেতাই প্ৰাৰ্থীসকলক বহিঃৰাজ্যলৈ প্ৰেৰণৰ কথা অস্বীকাৰ কৰা নাই৷ শনিবাৰে বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয়– নিৰ্বাচন শেষ হোৱা বাবে প্ৰাৰ্থীসকল ফুৰিব যাব পাৰে৷ অৱশ্যে হৰ্ছ ট্ৰেডিঙৰ আশংকাও নিশ্চয় থাকিব৷ যিহেতু ভোটগ্ৰহণ হ’বলৈ নৌপাওঁতেই আমাৰ প্ৰাৰ্থী ‘হাইজেক’ কৰিছে বিজেপিয়ে৷ উল্লেখ্য, বিটিএডিৰ পৰিষদীয় নিৰ্বাচনৰ পিছত বিপিএফৰ কেইবাজনো নিৰ্বাচিত পাৰিষদক ‘ক্ৰয়’ কৰিছিল বিজেপিয়ে৷ পৰৱৰ্তী সময়ত হাগ্ৰামা মহিলাৰীৰ ভয়ত বিজেপিয়ে বিজেপি আৰু ইউ পি পি এলৰ নিৰ্বাচিত পাৰিষদক গুৱাহাটীৰ হোটেল লিলিত আৱদ্ধ কৰি ৰাখিছিল৷ ইফালে বিজেপিৰ লক্ষ্য হৈ পৰাৰ ভয়ত শুকুৰবাৰে ইউ ডি এফৰ ১৫জন প্ৰাৰ্থীক ৰাজস্থানলৈ প্ৰেৰণ কৰিছে বদৰুদ্দিন আজমলে৷ ভোটগণনাৰ সময়লৈকে ইউডিএফৰ এইসকল প্ৰাৰ্থী ৰাজস্থানৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী অশোক গেহলটৰ প্ৰত্যক্ষ নিৰীক্ষণত থাকিব৷ অতি বিলাসী জীৱন কটোৱাৰ বাবে সকলো ব্যৱস্থা কৰি দিয়া হৈছে এইসকল প্ৰাৰ্থীক দুই এদিনতে কংগ্ৰেছৰ এটা বৃহৎ দলো ৰাজস্থান অথবা ছত্তীশগড়লৈ যোৱাৰ সম্ভাৱনা থকা বুলি কংগ্ৰেছৰ এটা সূত্ৰই প্ৰকাশ কৰিছে৷ মুঠৰ ওপৰত হৰ্ছ ট্ৰেডিঙে যে এতিয়া মহাজোঁটৰ নিদ্ৰা হৰণ কৰিছে সেয়া স্পষ্ট৷ ইফালে, এ আই ইউ ডি এফ, বি পি এফৰ আৰ্হিত এইবাৰ ইউ পি পি এ-বিজেপিৰ একাংশ প্ৰাৰ্থীকো ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷ বিটিআৰত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হোৱা ইউ পি পি এল-বিজেপিৰ ১২ জন প্ৰাৰ্থীয়ে প্ৰমোদ বড়োৰ নেতৃত্বত গোৱালৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে৷