
অসমৰ প্ৰতিটো ৰে’ল ট্ৰেক বৈদ্যুতীকৰণ কৰা হ’ব
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ৯ মাৰ্চঃ অসমৰ প্ৰতিটো ৰে’লৱে ট্ৰেক বৈদ্যুতীকৰণ কৰা হ’ব৷ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও ৰে’লপথ নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে৷– এই ভাষ্য ৰে’ল দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভি সোমন্নাৰ৷ উল্লেখ্য, ৰে’ল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভি সোমন্নাই অব্যাহত থকা ৰে’লৱে আন্তঃগাঁথনি প্ৰকল্পসমূহ পৰ্যালোচনাৰ অৰ্থে তিনিদিনীয়া কাৰ্যসূচীৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে৷ তেওঁৰ উক্ত ভ্ৰমণ কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে ডিব্ৰুগড় ৰে’ল ষ্টেচন আৰু দেওবাৰে গুৱাহাটী ৰে’ল ষ্টেচন পৰিদৰ্শনেৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ উন্নয়ন সাধনৰ কামৰ অগ্ৰগতিৰ বুজ লয় আৰু যাত্ৰীসকলৰ প্ৰয়োজনীয় সা-সুবিধাৰ পৰ্যালোচনা কৰে৷ ডিব্ৰুগড় ৰে’ল ষ্টেচনত মন্ত্ৰীজনে আনুমানিক ২৬.২৭কোটি টকা ব্যয়সাপেক্ষে অব্যাহতথকা আধুনিকীকৰণৰ প্ৰচেষ্টাৰ বুজ লয়৷ ২০২৫ৰ অক্টোবৰৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ তেওঁ ৰে’লৱে বৈদু্যতিকৰণ আৰু মুৰ্কংচেলেক-পাছিঘাট নিউ লাইন প্ৰকল্পকে প্ৰমুখ্য কৰি সুৰক্ষা ব্যৱস্থা, যাত্ৰীৰ সা-সুবিধা আৰু প্ৰধান আন্তঃগাঁথনিগত উন্নয়নসমূহো পৰ্যালোচনা কৰে৷
পৰৱৰ্তী সময়ত তেওঁ বগীবিল ৰে’ল আৰু পথ সেতু পৰিদৰ্শন কৰে, যিয়ে ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰ যথা ডিব্ৰুগড় আৰু ধেমাজিৰ মাজৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাইছে৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ সৈতে মন্ত্ৰীজনে গুৱাহাটী ৰে’ল ষ্টেচনত উপস্থিত হৈ ১৮১.০৯ কোটি টকা ব্যয়সাপেক্ষে অব্যাহত পুনৰ উন্নয়নৰ কাম-কাজ পৰিদৰ্শন কৰে৷ তেওঁ অপেক্ষা কক্ষ, কিউআৰ ক’ড টিকটিং কাউণ্টাৰ, নিৰাপত্তা ব্যৱস্থা আৰু এক্সিকিউটিভ লাউঞ্জকে প্ৰমুখ্য কৰি মূল সা-সুবিধাসমূহৰ পৰ্যালোচনা কৰে৷ তেওঁ ষ্টেচনটোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শলাগ লৈ ৰে’লৱেৰ বিষয়াসকলৰ সৈতে অধিক অগ্ৰগতি সাধন সন্দৰ্ভত আলোচনাত মিলিত হয়৷ পৰ্যালোচনা বৈঠকত মন্ত্ৰীজনে আঞ্চলিক যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ অৰ্থে পথ-দ্বৈতকৰণৰ কাম আৰু ৰে’লৱে নেটৱৰ্কৰ সম্প্ৰসাৰণকে প্ৰমুখ্য কৰি মূল আন্তঃগাঁথনি প্ৰকল্পসমূহৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰে৷ ২০২৫ৰ শেষৰফালে অসমত ১০০শতাংশ বৈদ্যুতীকৰণ নিশ্চিতকৰণেৰে ৰে’লৱে বৈদু্যতিকৰণ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ গুৰুত্বত আলোকপাত কৰে৷ সংবাদ মাধ্যমক সম্বোধনেৰে ভি সোমন্নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল আন্তঃগাঁথনিৰ উন্নয়ন সাধনৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ আলোকপাত কৰে৷ তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় বাজেট, ২০২৫-চ্ছত অঞ্চলটোৰ ৰে’লৱেৰ বাবে অভিলেখ পৰিমাণৰ ১০, ৪৪০ কোটি টকা আবণ্টন জনোৱা হৈছে৷ তেওঁ লগতে উল্লেখ কৰে যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমৰ ৫০টা ৰে’ল ষ্টেচন যাত্ৰীৰ সুচলতা আৰু পৰিচালনা দক্ষতা বৃদ্ধিৰ বাবে পুনৰ উন্নয়নসাধন কৰা হৈছে৷ মন্ত্ৰীজনে উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল ষ্টেচনসমূহৰ আধুনিকীকৰণ আৰু ৰে’ল সংযোগক সুদৃঢ়কৰণেৰে যাত্ৰীসকলৰ ভাল অভিজ্ঞতা নিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে৷