Logo
image

যোৰহাটৰ অগ্ৰণী কৃষক বিশ্বজিৎ বৰালৈ অসম চৰকাৰৰ 'অসম গৌৰৱ বঁটা'

'আমাৰ অসম'ৰ ডিজিটেল সংবাদ, যোৰহাটঃ দেওবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। যোৰহাট জিলাৰ অগ্ৰণী কৃষক বিশ্বজিৎ বৰালৈ অসম চৰকাৰৰ 'অসম গৌৰৱ বঁটা' ঘোষণা। যোৰহাট জিলাৰ বাহনা ৰংদৈ ভগনীয়া গাঁৱৰ উদ্যোগী কৃষক বিশ্বজিৎ বৰাৰ কৃষি পামত ৫০০ প্ৰজাতি অৰ্কিড, ৫০০ প্ৰজাতিৰ ঔষধিযুক্ত উদ্ভিদ, ১০০ প্ৰজাতি বাঁহ, ১০ প্ৰজাতি বেত আছে। তেওঁৰ এখন 'গ্ৰাম্য বৰ্ষাৰণ্য' গঠন কৰাৰো পৰিকল্পনা কৰিছে। তেওঁ বিশেষভাৱে ড্ৰেগন ফ্ৰুইটৰ কৃষিকাৰ্য কেইবাবছৰো ধৰি কৰি আহিছে আৰু ব্যৱসায়িকভাৱে কৃষকগৰাকীয়ে সাফল্য অৰ্জন কৰিছে। 


ঔষধিযুক্ত উদ্ভিদৰ কৃষি কাৰ্যৰ লগতো জড়িত বৰাৰ কৃষি পামত ইনচুলিন প্লাণ্ট, গিলয়, শতমূল, আদাৰ সততে প্ৰাপ্ত নোহোৱা বিভিন্ন প্ৰজাতি বিশেষকৈ ক'লা আদা, ঔষধি গুণযুক্ত বান্দৰ কেঁকোৰা, মচলাজাতীয় উদ্ভিদ, ভেনিলা, কাঠফুলা ইত্যাদি উৎপাদিত হয়। তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈকো ৰঙা বাওধানৰ চাউল ৰপ্তানি কৰি আহিছে। মীন পালনৰ লগতো জড়িত কৃষকগৰাকীয়ে উত্তৰ প্ৰদেশৰ এটা বিশেষ প্ৰজাতিৰ ম'হ পালন কৰিছে। 'সংহত কৃষি পাম'ৰ বাবে অসম চৰকাৰৰ এইবাৰৰ 'অসম গৌৰৱ বঁটা' লাভ কৰি বিশ্বজিৎ বৰাই আনন্দিত হোৱাৰ লগতে শুভাকাংক্ষী তথা অসম চৰকাৰক ধন্যবাদ জনায়।