
বড়ো সংস্কৃতিলৈ অৱদানৰ বাবে বাৰলাংফা নাৰ্জাৰীলৈ 'অসম গৌৰৱ' বঁটা
'আমাৰ অসম'ৰ কোকৰাঝাৰৰ প্ৰতিবেদকঃ বড়ো জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ লগতে উঠি অহা প্ৰজন্মক এই সংস্কৃতিৰ সতে জড়িত কৰোৱাৰ লগতে বড়ো পৰম্পৰাগত বাদ্য যন্ত্ৰ নিৰ্মানতো এক বিশেষ ভূমিকা গ্ৰহণ কৰি অহা কোকৰাঝাৰৰ বাৰলাংফা নাৰ্জাৰীক অসম চৰকাৰে 'অসম গৌৰৱ' বঁটাৰ বাবে নিৰ্বাচন কৰাক লৈ সমগ্ৰ বড়ো ভূমিত এতিয়া আনন্দৰ বন্যা ব'বলৈ লৈছে। দেওবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই বঁটা ঘোষণা কৰাৰ পিছতে সমগ্ৰ কোকৰাঝাৰত বৈছে আনন্দৰ বন্যা। বিশেষকৈ অসম গৌৰৱ বঁটা বিজয়ী বাৰলাংফা নাৰ্জাৰীয়ে নিজে স্থাপন কৰা বডোলেণ্ড সাংস্কৃতিক কেন্দ্ৰত ইয়াৰ বাবে এক উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে। দূৰ-দূৰণিৰ তেওঁৰ অনুৰাগীৰ উপৰিও বিভিন্ন জনে তেওঁক আৰ'নাইৰে উষ্ম আদৰণি জনোৱাৰ যেন প্ৰতিযোগিতাহে আৰম্ভ হৈছে। তাৰোপৰি তেওঁ স্থাপন কৰা বড়োলেণ্ড সাংস্কৃতিক কেন্দ্ৰত বাগুৰুম্বা নৃত্যৰে তেওঁৰ ছাত্ৰ-ছাত্ৰী তথা অনুৰাগী সকলে আদৰণি জনাই আনন্দ উৎসৱ উদযাপন কৰা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে শৈশৱৰ পৰাই বড়ো কলা-সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ বাৰলাংফা নাৰ্জাৰীয়ে পৰৱৰ্তী সময়ত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰে আৰু বিগত ১৯৯০ চনৰ পৰাই বড়ো কলা-সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। তাৰে উৎকৃষ্ট উদাহৰণ হৈছে ১৯৯০ চনত 'বডোলেণ্ড সাংস্কৃতিক কেন্দ্ৰ' স্থাপন কৰি বাৰলাংফা নাৰ্জাৰীয়ে নিজে বাগুৰুম্বা নৃত্যৰ লগতে বড়ো পৰম্পৰাগত নৃত্যৰ বাদ্য যন্ত্ৰ বজোৱাৰ প্ৰশিক্ষণ দি আহিছে। কেৱল এয়াই নহয় বড়ো সাংস্কৃতিক বাদ্যযন্ত্ৰ যেনে কাম, চিফুং আৰু চেৰজা আদিও নিজ হাতেৰে নিৰ্মাণ কৰে বাৰলাংফা নাৰ্জাৰীয়ে। উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ এলাহাবাদ, নাগপুৰ, কলকাতা, দিল্লীত অনুষ্ঠিত সাংস্কৃতিক উৎসৱ সমূহত অংশগ্ৰহণ কৰি বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতিনিধিত্ব কৰি আহিছে বাৰলাংফা নাৰ্জাৰীয়ে। আন্তঃৰাষ্ট্ৰীয় যেনে ভূটান, নেপাল, থাইলেণ্ড আদিত অনুষ্ঠিত সাংস্কৃতিক উৎসৱত বড়ো জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰি আহিছে। আনহাতে অসম গৌৰৱ বঁটাৰ বাবে তেখেতৰ নাম নিৰ্বাচিত কৰা বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি এয়া কেৱল বঁটা নহয় সমগ্ৰ জাতিৰ বাবে এটা স্বীকৃতি বুলি মন্তব্য কৰে।