
বিশ্বৰ সৰ্বাধিক দূষিত ২০খন চহৰৰ ১৩খনেই ভাৰতত
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ মাৰ্চঃ অসমৰ ৰাজধানী গুৱাহাটীৰ গাতে লাগি থকা মেঘালয়ৰ সীমান্তৱৰ্তী বৰ্ণিহাট বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ৷ ছুইজাৰলেণ্ডৰ ‘আই কিউ এয়াৰ’ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে প্ৰকাশ কৰা ২০২৪ চনৰ বিশ্ব বায়ু মান সূচকত বৰ্ণিহাটে বিশ্বৰ প্ৰদূষিত চহৰৰ কুখ্যাতি অৰ্জন কৰাটো মেঘালয়ৰ বাবে আনুষ্ঠানিকভাৱে চৰম অনাকাংক্ষিত খবৰ৷ যিহেতু আকাশেৰে বায়ু চলাচলত কোনেও প্ৰতিবন্ধকতা আৰোপ কৰিব নোৱাৰে, সেই দিশৰ পৰা বৰ্ণিহাটৰ প্ৰদূষণ স্বৰূপাৰ্থতে গুৱাহাটীবাসীৰ বাবেহে অতিশয় উদ্বিগ্নতাৰ বিষয়৷ ‘আই কিউ এয়াৰ’ৰ এই সপ্তম বাৰ্ষিক প্ৰতিবেদনে বৰ্ণিহাটৰ প্ৰদূষণৰ খবৰ প্ৰকাশ কৰি গুৱাহাটীবাসীলৈও অশনি সংকেত কঢ়িয়াই আনিছে৷ কিয়নো বৰ্ণিহাটৰ প্ৰদূষিত বায়ুৰ মানে সেই ক্ষুদ্ৰ চহৰখনক যিমান ক্ষতি কৰিব, তাৰ পৰা সমতল গুৱাহাটীলৈ বৈ অহা বায়ুৱে গুৱাহাটীৰ আকাশো প্ৰদূষিত কৰি তোলাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব৷ ছুইজাৰলেণ্ডৰ এই সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন ভাৰতৰ বাবে মুঠেই সুখপ্ৰদ নহয়৷ কিয়নো এই প্ৰতিবেদনৰ তালিকাভুক্ত বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ১০ খন চহৰৰ ভিতৰত ৬ খন ভাৰতৰ আৰু শীৰ্ষৰ ২০ খন চহৰৰ ভিতৰত ১৩ খনেই ভাৰতৰ৷ মেঘালয়ৰ বৰ্ণিহাটৰ পাছতে এই তালিকাৰ দ্বিতীয়খন মহানগৰ হৈছে এন চি আৰ দিল্লী৷ এই স্থানেৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীয়ে বিশ্বৰ যিকোনো দেশৰ ভিতৰত সৰ্বাধিক প্ৰদূষিত ৰাজধানীচহৰৰ দুৰ্ণাম অৰ্জন কৰিছে৷ তালিকাৰ শীৰ্ষৰ ২০ খন প্ৰদূষিত চহৰৰ ভিতৰত স্থান লাভ কৰা ভাৰতৰ আনকেইখন চহৰ হৈছে ক্ৰমে–মুলানপুৰ (৪), ফৰিদাবাদ (৬), লনি (৭), নতুন দিল্লী (৯), গুৰুগ্ৰাম (১৩), গংগানগৰ (১৪), গ্ৰেটাৰ নয়ডা (১৬), ভিৱাণ্ডি (১৭), মুজফৰপুৰ (১৮), হনুমানগড় (১৯) আৰু নয়ডা (২০)৷
ইপিনে বিশ্বৰ সৰ্বাধিক প্ৰদূষিত দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে পঞ্চম৷ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত দেশ হৈছে চাড৷ আনহাতে পৰৱৰ্তী তিনিটা স্থানত আছে কংগো, বাংলাদেশ আৰু পাকিস্তান৷ বাংলাদেশ আৰু পাকিস্তানৰ ঠিক পাছতে স্থান লাভ কৰা ভাৰতৰ প্ৰদূষিত বায়ুৱে দেশখনৰ নাগৰিকৰ আয়ুসকাল ৫.২ বছৰ হ্ৰাস কৰা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ ‘আই কিউ এয়াৰে’ এই পৰিসংখ্যা সংগ্ৰহ কৰিছে ১৩৮ খন দেশৰ ৮,৯৫৪ টা অঞ্চলত স্থাপন কৰা ৪০,০০০ বায়ুৰ মান নিৰ্ধাৰণ কৰা কেন্দ্ৰৰ পৰা৷