
এইবাৰ টেষ্টত অভিষেক ঘটোৱাৰ অপেক্ষা বৰুণৰ
চেম্পিয়নছ ট্ৰফীত এক বিশেষ পৰিকল্পনা লৈ অৱতীৰ্ণ হৈছিল ভাৰত আৰু সেই পৰিকল্পনাত এশ শতাংশই সফল হৈছিল দলটো৷ চেম্পিয়নছ ট্ৰফীত লাভ কৰা সফলতাৰ পাছত টুৰ্নামেণ্টৰ বাবে প্ৰস্তুত কৰা ৰণকৌশল টীম ইণ্ডিয়াৰ আগন্তুক ইংলেণ্ড ভ্ৰমণতো কামত লগোৱাৰ বিষয়ে ভাবিছে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে৷ উল্লেখ্য, চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলত ৰখা হৈছিল পাঁচজন স্পিনাৰ৷ তেওঁলোকৰ চাৰিজনক নিয়মিত মূল একাদশত স্থান দিয়া হৈছিল৷ এই চাৰিজন স্পিনাৰৰ মাজৰ বৰুণ চক্ৰৱৰ্তী প্ৰতিটো দলৰ বেটাৰৰ বাবে হৈ পৰিছিল সমস্যাৰ কাৰণ৷ পাঁচখন টেষ্টৰ সূচী লৈ ভাৰতীয় ক্ৰিকেট দল জুনত ইংলেণ্ড ভ্ৰমণলৈ যোৱাৰ কথা আৰু সেই শৃংখলাটোৰ বাবে বৰুণ চক্ৰৱৰ্তীক ভাৰতীয় দলত স্থান দিয়াৰ সম্ভাৱনাৰ বিষয়ে ব্যাপক চৰ্চা হৈছে৷ হয়তো ইংলেণ্ডতে টেষ্টত অভিষেক ঘটোৱাৰ সুযোগ পাব বৰুণে৷
চেম্পিয়নছ ট্ৰফী জয়ৰ পাছত প্ৰাক্তন ক্ৰিকেটাৰ আৰু বৰ্তমানৰ ধাৰাভাষ্যকাৰ নৱজ্যোৎ সিং সিদ্ধুৱেও ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে বৰুণক দলত লোৱাৰ পৰামৰ্শ দিছে৷ সিদ্ধুৰ যুক্তি হৈছে স্পিনাৰৰ বিৰুদ্ধে ইংলেণ্ডৰ বেটাৰৰ দুৰ্বলতা নতুন কথা নহয়৷ চেম্পিয়নছ ট্ৰফীত বৰুণ চক্ৰৱৰ্তীৰ সন্মুখত প্ৰতিটো দলৰ বেটাৰ সমস্যাত পৰিছিল৷ সেয়েহে ইংলেণ্ড ভ্ৰমণতো তেওঁ বিপজ্জনক হৈ উঠিব পাৰে৷ যিহেতু ৰবিচন্দ্ৰন অশ্বিনে অৱসৰ লৈছে, সেয়েহে বৰুণ চক্ৰৱৰ্তীৰ লগতে কুলদীপ যাদৱক দলত ৰাখিলে তাৰ সুফল পোৱা যাব৷ জানিব পৰা মতে, প্ৰশিক্ষক গম্ভীৰে ভাৰতৰ যুৱ ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শন ভালদৰে নীৰিক্ষণ কৰিব বিচাৰে৷ সেইবাবে তেওঁ ভাৰতীয় ‘এ’ দলৰ সৈতে ইংলেণ্ড ভ্ৰমণ কৰাৰ কথা ভাবিছে৷ এইসকল ক্ৰিকেটাৰৰ প্ৰদৰ্শন চাই তেওঁ ভৱিষ্যতৰ খেলুৱৈ বাছি ল’ব৷ উল্লেখ্য, ইয়াৰ পূৰ্বে ভাৰতীয় ছিনিয়ৰ দলৰ কোনো প্ৰশিক্ষক ‘এ’ দলৰ সৈতে বিদেশ ভ্ৰমণলৈ যোৱা নাই৷ এইক্ষেত্ৰত ব্যতিক্ৰম হ’ব গম্ভীৰ৷