
ব্ৰিটিছ পাছপ’ৰ্টেৰে আই পি এল খেলাৰ লক্ষ্য আমীৰৰ
পাকিস্তানৰ প্ৰাক্তন পেচ বলাৰ আজহাৰ মেহমুদৰ পথ অনুসৰণ কৰিব বিচাৰে মহম্মদ আমীৰে৷ ইংলেণ্ডৰ নাগৰিকত্ব গ্ৰহণ কৰি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত [আই পি এল] খেলাৰ পৰিকল্পনা কৰিছে বাওঁহতীয়া পেচ বলাৰজনে৷ উল্লেখ্য, আই পি এলৰ প্ৰথমটো ছীজনত পাকিস্তানী ক্ৰিকেটাৰে খেলিছিল যদিও চবুৰীয়া দেশ দুখনৰ মাজৰ ৰাজনৈতিক বৈৰিৰ বাবে ২০০৯ চনৰ পৰা টুৰ্নামেণ্টখনত পাকিস্তানী ক্ৰিকেটাৰক নিষিদ্ধ কৰা হৈছে৷ তাৰ মাজতে অৱশ্যে আন এজন পাকিস্তানী ক্ৰিকেটাৰ আজহাৰ মেহমুদে ইংলেণ্ডৰ নাগৰিকত্ব গ্ৰহণ কৰি পঞ্জাব কিংছ [২০১২-১৩] আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ [২০১৫] হৈ খেলিছিল৷ এইবাৰ সেই পথেৰেই আগবাঢ়িব বিচাৰিছে মহম্মদ আমীৰে৷ উল্লেখ্য, আমীৰৰ পত্নী নাৰ্জিছ হৈছে ব্ৰিটিছ নাগৰিক আৰু সেইসূত্ৰে ক্ৰিকেটাৰজনে দেশখনৰ পাছপ’ৰ্টৰ বাবে আবেদন জনাব পাৰে৷
ইতিমধ্যে তেওঁ ব্ৰিটিছ পাছপ’ৰ্টৰ বাবে আবেদন জনাইছে আৰু অহা বছৰ পাছপ’ৰ্ট লাভ কৰাৰ আশা কৰিছে৷ উল্লেখ্য, ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত ২০২৪ চনৰ টুৱেণ্টী২০ বিশ্বকাপত পাকিস্তানৰ নিৰাশাজনক প্ৰদৰ্শনৰ পাছত দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল ৩৩ বছৰীয়া মহম্মদ আমীৰে৷ পাকিস্তানৰ টেলিভিশ্বন ছিৰিজ ‘হাৰনা মানা হ্যে’ত ভাগ লৈ ক্ৰিকেটাৰজনে কয়–‘মোৰ পত্নী ব্ৰিটিছ নাগৰিক হোৱাৰ সূত্ৰে মই সেই দেশৰ পাছপ’ৰ্ট লাভ কৰাটো সহজ হ’ব আৰু ব্ৰিটিছ পাছপ’ৰ্ট পাছত মোৰ আই পি এলত খেলাৰ পথো প্ৰশস্ত হ’ব৷ আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত খেলিব বিচাৰে আমীৰে৷ এয়াৰ মূল কাৰণটো হৈছে দলটোত আছে বিৰাট কোহলি৷ পাকিস্তানী ক্ৰিকেটাৰজন হৈছে কোহলিৰ একনিষ্ঠ অনুৰাগী৷ কোহলিয়েও বিভিন্ন সাক্ষাৎকাৰত মহম্মদ আমীৰৰ উচ্ছ প্ৰশংসা কৰিছে৷ আমীৰৰ সৈতে টেলিভিশ্বন ছিৰিজটোত ভাগ লোৱা আন এজন পাকিস্তানী বেটাৰ আহমেদ শ্বেহজাদে কয় যে যদি মহম্মদ আমীৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত খেলাটো সম্ভৱ হয়, তেন্তে তেওঁ দলটোক আই পি এলৰ চেম্পিয়ন কৰাব পাৰিব৷ কিয়নো দলটোৰ বেটিং যথেষ্ট শক্তিশালী হ’লেও বলিঙত প্ৰায়েই সমস্যাত পৰা দেখা যায়৷