
টেষ্ট অধিনায়কৰ পদত বাহাল থাকিব পাৰে ৰোহিত
নতুন দিল্লী, ১৫ মাৰ্চঃ আই চি চি চেম্পিয়নছ ট্ৰফী জয়ে ৰোহিত শৰ্মাৰ প্ৰতি নিৰ্বাচকৰ আস্থা অধিক বৃদ্ধি কৰিলে৷ অষ্ট্ৰেলিয়া ভ্ৰমণত কৰা প্ৰদৰ্শনৰ পাছত ৰোহিতৰ টেষ্ট ভৱিষ্যতক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল৷ কিন্তু এতিয়া টেষ্ট অধিনায়কৰ পদত ৰোহিত বাহাল থাকিলেও আচৰিত হ’বলগা একো নাই৷ ২০ জুনৰ পৰা আৰম্ভ হ’বলগা ইংলেণ্ড ভ্ৰমণত ৰোহিতেই ভাৰতীয় দলৰ অধিনায়ক পদত বাহাল থকাৰ সম্ভাৱনা আছে৷ অৱশ্যে নিৰ্বাচকে এতিয়াও সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱা নাই৷ ডুবাইত ভাল প্ৰদৰ্শনৰ বাবে চাপ আছিল ৰোহিতৰ ওপৰত৷ চেম্পিয়নছ ট্ৰফী জয়ে তেওঁক সকাহ দিলে৷
কিন্তু প্ৰত্যাহ৩ানজনক টেষ্ট ক্ৰিকেটৰ বিষয়ে সিদ্ধান্ত লোৱাৰ সময়ত জাতীয় নিৰ্বাচকে এদিনীয়াৰ সফলতা বিবেচনালৈ আনিবনে নে নাই তাক লৈও প্ৰশ্ন উঠিছে৷ যোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ [ডব্লিউ টি চি] চক্ৰত ভাৰতীয় দল কেইখনমান মেচত শোচনীয়ভাৱে পৰাস্ত হৈছিল৷ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰে ডব্লিউ টি চিৰ নতুন চক্ৰ আৰম্ভ হ’ব৷ প্ৰথম টেষ্ট অনুষ্ঠিত হ’ব লীডছত৷ বি চি চি আইৰ এক সূত্ৰই কয়–‘পোনপটীয়াকৈ চাবলৈ গ’লে ৰোহিতেই টেষ্ট অধিনায়ক পদত বাহাল থাকিব৷ ছীডনীৰ অন্তিম টেষ্টত তেওঁ নিজেই দলৰ পৰা আঁতৰি আছিল৷ অষ্টে˜লিয়াৰ বিৰুদ্ধে খেলাৰ পাছত ভাৰতে কোনো টেষ্টত অংশ লোৱা নাই৷ সেয়ে টেষ্টত নেতৃত্ব সলনি নহয়৷ ৰোহিতেও কেতিয়াও টেষ্ট নেখেলো বুলি কোৱা নাই৷’ সূত্ৰটোৱে জনোৱা মতে আই পি এলৰ সময়ত নিৰ্বাচক কমিটীয়ে বিৰতি পাব৷ তেওঁলোকে টেলিভিশ্বনতে সকলো মেচ পৰ্যৱেক্ষণ কৰিব পাৰিব৷ সেয়ে আই পি আৰম্ভ হ’লেই ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ বাবে ব্লু প্ৰিণ্ট সাজু হ’ব৷