Logo
image

১৮ মাৰ্চত মুকলি হ’ব গুৱাহাটীৰ মেচৰ ছাত্ৰ-ছাত্ৰীৰ টিকট কাউণ্টাৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৫ মাৰ্চঃ  ২৬ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ [আই পি এল] মেচখনৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ টিকট অহা ১৮ মাৰ্চত মুকলি কৰা হ’ব৷ এই টিকট  অনলাইনত উপলব্ধ নহয়৷ বিপৰীতে মহানগৰীত বিশেষ স্থানত টিকট কাউণ্টাৰ মুকলি কৰা হ’ব৷ টিকট কাউণ্টাৰৰ স্থান আৰু মুকলি কৰাৰ সময় আগদিনা জনোৱা হ’ব৷


উল্লেখ্য যে এই টিকট ক্ৰয় কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ সঠিক প্ৰমাণ প্ৰত্ৰ দেখুৱাব লাগিব৷টিকটৰ মুল্য পাঁচশ টকা৷ ৰাজস্থান ৰয়েলছ একমাত্ৰ আই পি এল দল যিয়ে ছাত্ৰ-ছাত্ৰীক কম মূল্যত বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ দলে গুৱাহাটীৰ লগতে জয়পুৰত খেলিব লগা আটাইকেইখন গৃহ মেচতে ছাত্ৰ-ছাত্ৰীক বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা ৩০ মাৰ্চত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ ছাত্ৰ-ছাত্ৰীৰ টিকট মুকলিৰ দিন পৰবৰ্তী সময়ত ঘোষণা কৰা হ’ব৷ ইফালে, অহা ৩০ মাৰ্চৰ চি এছ কে আৰু আৰ আৰ দলৰ মেচখনৰ অন্তিম পৰ্যায়ৰ টিকট বুক মাই শ্ব’ত মুকলি কৰা হৈছে৷