Logo
image

আই পি এলৰ প্ৰাৰম্ভিক ৰাউণ্ডত বুমৰা অনিশ্চিত

নতুন দিল্লী, ১৫  মাৰ্চঃ  আই পি এল ২০২৫ৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ মেচত অংশ ল’ব নোৱাৰিব পাৰে মুম্বাই ইণ্ডিয়ানছৰ তাৰকা যশপ্ৰীত বুমৰাই৷ পিঠিৰ আঘাতৰ সমস্যাৰ পৰা খেলুৱৈজন এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই৷ জানুৱাৰীৰ পৰাই বুমৰা খেলপথাৰৰ  বাহিৰত আছে৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনীত অংশ লোৱা পঞ্চম টেষ্টৰ দ্বিতীয় দিনা বুমৰা আঘাতৰ সন্মুখীন হৈছিল৷ পাঁচখনীয়া মেচৰ শৃংখলাটোত ৩২ টা উইকেট লোৱা বুমৰা অষ্টে˜লিয়া ভ্ৰমণৰ পৰাই দলৰ পৰা বাহিৰত আছে৷ তেওঁ চেম্পিয়নছ ট্ৰফীতো অংশ ল’ব পৰা নাছিল৷ চেম্পিয়নছ ট্ৰফীৰ প্ৰাৰম্ভিক  দলত স্থান পালেও ফিটনেছ ঘুৰাই নোপোৱা বাবে বুমৰা মূল দলৰ পৰা বাদ পৰিছিল৷ খেলুৱৈজনৰ এক ঘনিষ্ঠ সূত্ৰই কয়–‘বুমৰা ক্ৰমাগতভাৱে সুস্থ হৈ উঠিছে৷ কিন্তু বৰ্তমান অৱস্থাত ফিটনেছৰ চূড়ান্ত পৰ্যায়লৈ প্ৰত্যাৰ্ৱনৰ বাবে তেওঁক আৰু কিছু সময় দিয়াৰ প্ৰয়োজন হ’ব৷


জুনত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে অংশ ল’বলগা টেষ্ট শৃংখলাৰ কথা মনত ৰাখি বুমৰাক অধিক সময় দিব বিচৰা হৈছে৷’ জনা মতে বি চি চি আই চেণ্টাৰ অব এক্সেলেন্সৰ ফিজিঅ’ই বুমৰাৰ প্ৰত্যাৱৰ্তন বিষয়ে নিৰ্দিষ্ট কোনো সময় বান্ধি দিয়া নাই৷ বুমৰাই অৱশ্যে নেটত নিজৰ শ্ৰমৰ বোজা লাহে লাহে বৃদ্ধি কৰিছে৷ আনহাতে, সোঁ-হাতৰ তৰ্জনী আঙুলিৰ অস্ত্ৰোপচাৰৰ সন্মুখীন হোৱাৰ পাছত সঞ্জু ছেমছনৰ সুস্থ হৈ উঠাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে৷ ৰাজস্থান ৰয়েলছৰ অধিনায়কজনে ইংলেণ্ডৰ বিৰুদ্ধে অংশ লোৱা ঘৰুৱা টি-টুৱেণ্টী শৃংখলাৰ সময়ত আঘাত পাইছিল৷ ছেমছনৰ বেট ধৰাৰ সক্ষমতাক লৈ চেণ্টাৰ অব এক্সেলেন্সৰ ফিজিঅ’ সন্তুষ্ট৷ কিন্তু তেওঁ অসুবিধা নোহোৱাকৈ উইকেটকীপিং কৰিব পাৰিছেনে নাই সেই দিশটোৰ প্ৰতি সুক্ষ্ম দৃষ্টি ৰাখিছে ফিজিঅ’ই৷ ছেমছনক উইকেটকীপিঙৰ অনুমতি নিদিলে আই পি এলত সেই ভূমিকা ল’ব পাৰে ধ্ৰুৱ জুৰেলে৷