
হকী ইণ্ডিয়াৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ হৰমনপ্ৰীত
নতুন দিল্লী, ১৬ মাৰ্চঃ হকী ইণ্ডিয়া বলবীৰ সিং বৰ্ষশ্ৰেষ্ঠ জ্যেষ্ঠ খেলুৱৈৰ বঁটা পুৰুষ আৰু মহিলাৰ শাখাত লাভ কৰিছে ক্ৰমে ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু ছিনিয়ৰ গ’লৰক্ষক সবিতা পুনিয়াই৷ হৰমনপ্ৰীতে ভাৰতীয় দলক ২০২৪ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ত নেতৃত্ব দিছিল৷ অলিম্পিকত ভাৰতে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ব্ৰঞ্জৰ পদক জয় কৰে৷ টকিঅ’ত ব্ৰঞ্জজয়ী দলৰো অংশ আছিল হৰমনপ্ৰীত৷ টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক জয়ৰ কাষ চপা ভাৰতীয় মহিলা দলৰ সদস্য আছিল সৱিতা৷
তেওঁ ২০২৪ৰ বাবে হকী ইণ্ডিয়া বলজিত সিং বৰ্ষশ্ৰেষ্ঠ গ’লৰক্ষকৰ বঁটাও লাভ কৰে৷ শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অভিষেকে বৰ্ষশ্ৰেষ্ঠ ফৰৱাৰ্ডৰ বঁটা আৰু হাৰ্দিক সিঙে বৰ্ষশ্ৰেষ্ঠ¸ মিডফিল্ডাৰ বঁটা লাভ কৰে৷ অমিত ৰহিদাসে বৰ্ষশ্ৰেষ্ঠ ডিফেণ্ডাৰৰ বঁটা লাভ কৰে৷ পুৰুষৰ অনূধবৰ্-২১ বছৰ শাখাত বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে আৰাইজিৎ সিং হুণ্ডালে৷ মহিলাৰ শাখাত এই বঁটা লাভ কৰে দীপিকাই৷