Logo
image

বাৰীৰ পানৰ পৰাও প্ৰস্তুত হ’ব তেল

নতুন প্ৰযুক্তি উদ্ভাৱন কৰি উলিয়ালে আই আই টি খড়গপুৰে

আমাৰ অসম, ১৬ এপ্ৰিলঃ পানৰ পৰা তেল প্ৰস্তুত কৰিব পৰা এক প্ৰযুক্তি উদ্ভাৱন কৰি উলিয়াইছে আই আই টি খড়গপুৰে৷ প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা প্ৰকাশ কৰা মতে এই প্ৰযুক্তিৰ জৰিয়তে  পানৰ খেতি কৰা খেতিয়কসকল আৰ্থিকভাৱে লাভান্বিত হ’বলৈ সক্ষম হ’ব৷ আই আই টি খড়গপুৰৰ অধ্যাপক প্ৰশান্ত গুহই জানিবলৈ দিয়া মতে পানৰ পৰা তেল প্ৰস্তুত কৰাৰ বাবে যি যন্ত্ৰ ব্যৱহাৰ হ’ব তাৰ মূল্য প্ৰায় ২০ হেজাৰ হ’ব৷ এই মূল্য সহজে বহন কৰিব পাৰিব একোজন কৃষকে৷ উল্লেখ্য যে, বিশ্বৰ ভিতৰতে পানৰ উৎপাদন সৰ্বাধিক হয় ভাৰতত৷ ভাৰতত বছৰি প্ৰায় ৯ হেজাৰ নিযুত টকাৰ পানৰ খেতি হয়৷